হিলবাৰ্টৰ অসীম কোঠাযুক্ত হোটেলখন

এখন হোটেলৰ কাহিনী এয়া। কিন্তু এইখন কোনো এলাপেচা হোটেল নহয়। হোটেলখনত চাৰি-পাঁচটা বা দহ-পোন্ধৰটা নহয়, একেবাৰে অসীমসংখ্যক কোঠা আছে। গতিকে এই হোটেলখন ইমানেই ওখ যে ওপৰৰ অংশটো আমি দেখাই নাপাম। অসীম কোঠাযুক্ত হোটেল এখন পৰিচালনা কৰাটোও বৰ সহজ কাম নহয়। সেইবাবে হোটেলখন পৰিচালনাৰ বাবে মালিকে এজন বুধিয়ক আৰু অংকত ভাল দখল থকা মানুহ নিয়োগ কৰিছে। এসময়ত হোটেলখনৰ আটাইবোৰ কোঠাতে এজনকৈ অতিথি থাকিবলৈ লোৱাত মালিকো অসীম পৰিমাণৰ ধনৰ গৰাকী হ’ল। এনে এখন বিশাল হোটেল চলাই মালিক-পৰিচালক দুয়ো বৰ সুখেৰে দিন অতিবাহিত কৰিবলৈ ল’লে।

Read More

সম্ভাৱনা তত্ত্ব বিজড়িত দুটা প্ৰখ্যাত সমস্যা-২

মন্টি হলৰ নিচিনাকৈয়ে এইটোও সম্ভাৱিতা তত্ত্বৰ লগত জড়িত অন্য এটা প্ৰশ্ন। এইবাৰ আপুনি পোনে পোনে সঠিক উত্তৰটো নিদিলেও হ’ব; কিন্তু একে উশাহে উত্তৰটো জনাৰ পূৰ্বে আপোনাৰ মতে উত্তৰটো কিমান হ’ব লাগে, সেইটো ভাবি চোৱাৰ সুযোগ ল’ব পাৰিব।

Read More

সম্ভাৱনা তত্ত্ব বিজড়িত দুটা প্ৰখ্যাত সমস্যা-১

ধৰি লওঁক, আপুনি এখন খেলত অংশ লৈছে। খেলখনত আপুনি এখন গাড়ী লাভ কৰাৰ সুৱৰ্ণ সুযোগ পাইছে। খেলখন আৰম্ভ হোৱাৰ পূৰ্বে আপুনি আয়োজক মন্টিৰ সৈতে তিনিখন দুৱাৰৰ সন্মুখত থিয় হৈ আছে। এই তিনিখন দুৱাৰৰ Read More

কৃষ্ণগহ্বৰৰ প্ৰথমখন আলোকচিত্ৰ আমি কেনেকৈ দেখিবলৈ পালোঁ

২০১৯ চনৰ ১০ এপ্ৰিল। সমগ্ৰ বিজ্ঞান সমাজৰ বাবে এটা ঐতিহাসিক দিন। প্ৰায় এসপ্তাহমান পূৰ্বেই ঘোষণা কৰা হৈছিল যে সেইদিনা কৃষ্ণগহ্বৰৰ প্ৰথমখন প্ৰকৃত চিত্ৰ ৰাজহুৱা কৰা হ’ব। সেই কৃষ্ণগহ্বৰ, যাৰ অস্তিত্বসম্পৰ্কে প্ৰথম Read More

ৰুবুল মাউতৰ সংগ্ৰাম

“মোৰো এটা সপোন আছে”…। মাত্ৰ কিছুদিন পূৰ্বে ড° ৰুবুল মাউতৰ এই আত্মজীৱনীমূলক কিতাপখন পঢ়ি সম্পূৰ্ণ কৰিলোঁ। প্ৰায় দুবছৰ পূৰ্বে প্ৰকাশ পোৱা কিতাপখন প্ৰকাশ হোৱাৰ দিনৰেপৰাই যথেষ্ট সমাদৰ লাভ কৰি অহা শুনিছিলোঁ । সেই আগ্ৰহতে কিতাপখন কিনি থৈছিলোঁ যদিও পঢ়োতে কিছুদিন পলম হ’ল।

Read More

মাটি

মাটিক মই পাহৰিব নোৱাৰোঁ
মাটি নোচোৱাকৈ থাকিব নোৱাৰোঁ
কেতিয়াবা আকাশৰ দিশে বহুসময় ধৰি
থৰ লাগি চাই ৰ’লেও Read More

গণিত-বিজ্ঞানৰ পাঠ্যক্ৰমত ইতিহাস শিক্ষাৰ প্ৰয়োজনীয়তা

২০১৩ চনৰ প্ৰথমভাগৰ কথা। গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজিত ৰাজ্যিক পৰ্য্যায়ৰ কেমিষ্ট্ৰি অলিম্পিয়াডৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত আছিলোঁ। মুখ্য বক্তাজন আছিল কলকাতাস্থিত “ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান” চমুকৈ আইজাৰৰ অধ্যাপক। Read More

গছ ৰোৱক, উৎপাদনশীলতা বঢ়াওক

দিনটোৰ অধিকাংশ সময় আপুনি স্মাৰ্টফোনটো খুছৰি থাকিয়েই পাৰ কৰে নেকি? ছ’চিয়েল মিডিয়াত চিনা-নিচিনা মানুহৰ কাণ্ড-কাৰখানা চাই থাকিয়েই অযথা সময়বোৰ নষ্ট হয় নেকি? পঢ়া-শুনা কৰিবৰ সময়তো পাঁচ-দহ মিনিটৰ মূৰে মূৰে স্মাৰ্টফোনটো খুলি নাচালে আপুনি শান্তিত থাকিব নোৱাৰে নেকি? Read More