[“স্কেলাৰ নিউক্লিয়নৰ নিজস্ব শক্তি”- শীৰ্ষক বিষয়ত গৱেষণা কৰি পি এইচ. ডি. (Ph.D.) লাভ কৰাৰ ন বছৰ পাছত ১৯৬৬ চনত পদাৰ্থবিজ্ঞানী কইচি মান’ৱে ৰিচাৰ্ড ফাইনমেনলৈ অভিনন্দন জ্ঞাপন কৰি এখন চিঠি লিখিছিল ।
ফাইনমেনে কেলিফ’ৰ্ণিয়া ইনষ্টিটিউট অব টেকন’ল’জিত (CALTECH) অধ্যাপনা কৰিবৰ সময়ত মান’ও তেওঁৰ ছাত্ৰ আছিল । পিছলৈ কোৱান্টাম বিদ্যুত্গতিবিজ্ঞানলৈ আগবঢ়োৱা বৈপ্লৱিক অৱদানৰ বাবে ৰিচাৰ্ড ফাইনমেনে যুটীয়াভাৱে পদাৰ্থবিজ্ঞানৰ নোবেল বঁটা লাভ কৰে । ফাইনমেনে সঁহাৰি জনাই লিখা চিঠিখনত মান’ক তেওঁ সেইসময়ত কৰি থকা কামৰ বিষয়ে সুধিলে । মান’ৱে উত্তৰত জনালে যে তেওঁ “অশান্ত বায়ুমণ্ডলৰ মাজেৰে বিদ্যুৎচুম্বকীয় তৰংগৰ গতিৰ প্ৰায়োগিক দিশ আৰু এই সম্পৰ্কীয় সুসংলগ্ন তত্ত্ব” সম্পৰ্কে অধ্যয়ন চলাই আছে । তেতিয়া ফাইনমেনে মান’লৈ তলৰ চিঠিখন লিখিছিল । চিঠিখনৰ জৰিয়তে বৈজ্ঞানিক অন্বেষণৰ পদ্ধতি আৰু ইয়াৰ উদ্দেশ্য কেনে হোৱা উচিত, আৰু ইয়াৰ পৰা আহৰণ কৰিব পৰা অপৰিসীম আনন্দৰ বিষয়ে ৰিচাৰ্ড ফাইনমেনৰ নিজস্ব দৃষ্টিভংগী ফুটি উঠিছে ]
মৰমৰ কইচি,
তোমাৰ পৰা চিঠিখন পাই বৰ আনন্দ পাইছোঁ । লগতে জানি সুখী হৈছোঁ যে তুমি তোমাৰ বিজ্ঞান গৱেষণাগাৰত এনে এখন স্থান লাভ কৰিছা ।
কিন্তু চিঠিখনৰ পৰা তোমাক সুখী নহয় বুলি অনুভৱ কৰি ময়ো দুখ পাইছোঁ । এনেকুৱা লাগিছে যে তোমাৰ শিক্ষকৰ প্ৰ্ৰভাৱে তোমাক প্ৰকৃত সমস্যানো কি সেইসম্পৰ্কে এক ভ্ৰান্তিকৰ ধাৰণা দিছে । সেইবোৰকহে প্ৰকৃত সমস্যা বুলিব পাৰি যিবোৰ তুমি সমাধান কৰিব পাৰিছা বা সমাধানৰ ক্ষেত্রত যৎসামান্য পৰিমাণে হ’লেও বৰঙণি যোগাব পাৰিছা । বিজ্ঞানত সমস্যা এটা তেতিয়াহে চমৎকাৰী, যেতিয়া সেইটো আমাৰ সন্মুখত অসমাধিত ৰূপত পৰি আছে আৰু আমি সমস্যাটোৰ ভিতৰত মূৰ সুমুৱাবলৈ এটা বাট বিচাৰি পাওঁ । মই তোমাক এইটোতকৈও সহজ বা তুমি কোৱাৰ দৰে এইটোতকৈ সাধাৰণ সমস্যা সমাধান কৰিবলৈ উপদেশ দিম । অন্ততঃ যেতিয়ালৈকে তুমি সাধাৰণ হ’লেও সহজে সমাধান কৰিব পৰা মনোমত সমস্যা বিচাৰি নোপোৱা । তেতিয়াহে তুমি সাফল্য আৰু তোমাৰ সংগীক সহায় কৰাৰ আনন্দকণ পাবা । তোমাতকৈ নিকৃষ্ট যোগ্যতাৰ সহকৰ্মীৰ দৃষ্টিত সেইটো মাত্ৰ এটা প্ৰশ্নৰ সমাধান হ’লেও কোনো কথা নাই । তুমি সুখ আহৰণৰ এনেবোৰ উৎসৰ পৰা নিজকে আঁতৰাই ৰখাটো উচিত হোৱা নাই, যিহেতু কোনবোৰ কাম সমাধানযোগ্য সেইসম্পৰ্কে তোমাৰ ধাৰণা সঠিক নহয় ।
মই কেৰিয়াৰৰ উচ্চ শিখৰত থকাৰ সময়তে তুমি মোক লগ পাইছিলা । তোমাৰ হয়তো এনে লাগিছিল যেন মই একেবাৰে ভগৱানৰ নিকটৱৰ্তী সমস্যাৰ লগত জড়িত হৈ আছোঁ । কিন্তু সেই সময়তে মোৰ আন এজন পি এইচ. ডি. ছাত্ৰ আছিল (এলবাৰ্ট হিব্চ), যাৰ গৱেষণাপত্ৰখনৰ আধাৰ আছিল বতাহৰ প্ৰভাৱত কেনেদৰে সমুদ্ৰপৃষ্ঠৰ ওপৰিভাগত তৰংগ সৃষ্টি হয়, তাৰ কাৰণ নিৰ্ণয় । মই তেওঁক ছাত্ৰ হিচাপে গ্ৰহণ কৰিছিলোঁ কিয়নো তেওঁ নিজে সমাধান কৰিব বিচৰা সমস্যা এটা লৈ মোৰ ওচৰলৈ আহিছিল । কিন্তু তোমাৰ ক্ষেত্ৰত মই এটা ভুল সিদ্ধান্ত ল’লোঁ, তোমাক নিজাববীয়াকৈ বিষয় এটা বাছি উলিওৱাৰ সুযোগ দিয়াৰ পৰিৱৰ্তে মই নিজেই তোমাক সমস্যা নিৰ্বাচন কৰি দিলোঁ । লগতে প্ৰকৃতাৰ্থত কোনবোৰ সমস্যা আমোদজনক, আনন্দদায়ক আৰু সঁচাই সমাধান কৰিবলগীয়া; সেই সম্পৰ্কে তোমাক ভুল ধাৰণাৰেই এৰি দিলোঁ । এই ভুলটোৰ কাৰণে মই বৰ দুখ পাইছোঁ, তুমি মোক ক্ষমা কৰি দিবা । এই চিঠিখনেৰেই মই পূৰ্বৰ ভুলটোৰ কিছু শুধৰণি কৰিব বিচাৰিছোঁ ।
মই জীৱনত অসংখ্য সমস্যা সমাধানত হাত দিছোঁ, যিবোৰ হয়তো তুমি সাধাৰণ বা বৈশিষ্ট্যহীন বুলি ক’বা । কিন্তু সেইবোৰত হাত দি মই অপৰিসীম আনন্দ পাইছোঁ আৰু এতিয়া ভাবি ভাল লাগে যে ইয়াৰে কিছুসংখ্যকত আংশিকভাৱে সাফল্যও লাভ কৰিছিলোঁ । উদাহৰণস্বৰূপে, ঘৰ্ষণ বলেনো কেনেকৈ কাম কৰে সেইটো জানিবলৈ অত্যন্ত মিহি পৃষ্ঠৰ ওপৰত কৰা ঘৰ্ষণ গুণাংকসম্পৰ্কীয় পৰীক্ষাকেইটাৰ কথা উনুকিয়াব পাৰি (এইক্ষেত্ৰত বিফল হৈছোঁ) । অথবা স্ফটিকৰ বৈদ্যুতিক ধৰ্মবোৰ আন্তঃপাৰমাণৱিক বলৰ ওপৰত কেনেদৰে নিৰ্ভৰশীল, বিদ্যুৎলেপন দিয়া ধাতুৰ দণ্ডক কেনেদৰে প্লাষ্টিকৰ সৈতে লিপিট খুৱাব পাৰি (ৰেডিঅ’ৰ নবৰ দৰে), ইউৰেনিয়ামৰ পৰা কেনেদৰে নিউট্ৰনবোৰ বাহিৰ ওলাই আহে, কাঁচেৰে আবৃত ফিল্মত কেনেকৈ বিদ্যুৎচুম্বকীয় তৰংগৰ প্ৰতিফলন হয়, বিস্ফোৰণৰ সময়ত আকস্মিক তৰংগৰ উৎপত্তি, নিউট্ৰন গণকৰ (neutron counter) আৰ্হি, কিছুমান মৌলই কিয় L-কক্ষপথৰ পৰা ইলেকট্ৰন শোষণ কৰে কিন্তু K-কক্ষপথৰ পৰা নকৰে, কাগজ ভাঁজ কৰি কিদৰে এক বিশেষধৰণৰ শিশুৰ বাবে খেলনা সামগ্ৰী সাঁজিব পাৰি সেইসম্পৰ্কীয় সাধাৰণ তত্ত্ব (ইয়াক ‘ফ্লেক্সাগন’ বোলা হয়), পাতল নিউক্লিয়াছৰ শক্তিস্তৰ – ইত্যাদি বিভিন্ন বিষয়ত হাত দিছোঁ । ধুমুহাৰ গতি-প্ৰকৃতি সম্পৰ্কে চলোৱা গৱেষণাত সাফল্য নোহোৱাকৈ কেবাবছৰ পাৰ কৰিছোঁ । এইবোৰৰ লগতে কোৱান্টাম তত্ত্বৰ লগত জড়িত মহা মহা সমস্যাবোৰটো আছেই ।
যদি আমি কিছু হ’লেও বৰঙণি আগবঢ়াব পাৰোঁ, তেনেক্ষেত্ৰত কোনোটো সমস্যাই সম্পূৰ্ণৰূপে সৰু বা সাধাৰণ নহয় । তুমি কৈছা যে তুমি এজন অখ্যাত ব্যক্তি । তোমাৰ পত্নী আৰু সন্তানৰ বাবে হেনো তোমাৰ বিশেষ মূল্য নাই । তোমাৰ ঘনিষ্ঠতম সহযোগীসকলৰ দৃষ্টিত তুমি বেছিদিন সেইধৰণে থাকিব নালাগে যদি তেওঁলোক তোমাৰ কাৰ্য্যালয়লৈ আহিলে সিহঁতৰ সৰু সৰু প্ৰশ্নবোৰৰ তুমি সঠিক উত্তৰ দিব পাৰা । তুমি মোৰ দৃষ্টিত অখ্যাত বা গুৰুত্বহীন নহয় । নিজকে কেতিয়াও অখ্যাত বুলি নাভাবিবা । এনেদৰে ভবাটো অত্যন্ত দুখদায়ক কথা । এই পৃথিৱীত তোমাৰ প্ৰকৃত স্থানখন ভালদৰে চিনি লোৱা আৰু নিজকে সঠিকভাৱে মূল্যায়ন কৰা । এইক্ষেত্ৰত তোমাৰ ডেকাকালৰ অপঁইতা ধাৰণা বাদ দিয়া আৰু তোমাৰ শিক্ষকবোৰৰ আদৰ্শসম্পৰ্কে তোমাৰ ভ্ৰান্তিমূলক কল্পনাখিনিও বাদ দিয়া ।
অশেষ প্ৰীতি আৰু শুভেচ্ছা জনাই,
আন্তৰিকতাৰে-
ৰিচাৰ্ড পি. ফাইনমেন
(‘গণিতচ’ৰা’ত প্ৰকাশিত এই লেখাটি ইয়াতো পঢ়িব পাৰে)