জাবৰৰ দমত সোণ

দ্বাদশ শ্ৰেণীৰ ইংৰাজীৰ পাঠ্যপুথিখনত “Lost Spring” নামৰ এটা প্ৰৱন্ধ পঢ়িবলৈ পাইছোঁ । তাত লেখিকা আনিছ জাঙে ভয়াৱহ দাৰিদ্ৰিক অৱস্থাৰ মাজেৰে জীৱন অতিবাহিত কৰা দুজনমান কিশোৰৰ কথা বৰ্ণনা কৰিছে । তাত উল্লেখ থকাৰ দৰেই বহুতো দৰিদ্ৰ পৰিয়ালৰ শিশুৱে প্ৰতিদিনে ৰাতিপুৱা পেলনীয়া জাবৰৰ দম বা ডাষ্টবিনত খাদ্যবস্তু অথবা অইন মূল্যবান বস্তু সন্ধান কৰে । এনেকুৱা সন্ধানত মাজে-সময়ে সিহঁতে খাদ্যবস্তুৰ লগতে বহুতো মূল্যবান (আপেক্ষিক) বস্তুও বিচাৰি পায় । কাৰোবাৰ বাবে পেলনীয়া জাবৰৰ দমটোৱে সিহঁতৰ বিচাৰত সোণৰ উৎস ।

পিছে লেখিকাগৰাকীয়ে প্ৰতীকাত্মকভাৱে ব্যৱহাৰ কৰা এই জাবৰ-সোণৰ প্ৰসংগটো এতিয়া আন ক্ষেত্ৰলৈও বিয়পিছে । বিশেষকৈ প্ৰকাশৰ মাধ্যমখন পূৰ্বতকৈ যথেষ্ট বিস্তৃত আৰু সহজলভ্য হোৱাত সাহিত্যৰ ক্ষেত্ৰখনতো গুণগত মানদণ্ডৰ অৱনতিৰ প্ৰসংগত ‘জাবৰ’ শব্দটোক সঘনাই ব্যৱহাৰ হোৱা দেখা গৈছে ।  কথাষাৰ সম্পূৰ্ণৰূপে যুক্তিহীন বুলিও ক’ব নোৱাৰি । কিন্তু গুণগতমানৰ সৃষ্টিকৰ্মৰ বৃদ্ধি পাবলৈ অধিকলোকক বিশেষকৈ নৱপ্ৰজন্মক সৃষ্টিৰ বাব এখন দলিচা আগবঢ়াই দিয়াটোও সমানেই প্ৰয়োজনীয় । সৃষ্টিকৰ্মৰ অনুশীলনত যদিওবা সোণৰ লগতে জাবৰো ওলোৱাটো স্বাভাৱিক ।

এইক্ষেত্ৰত এটা সাধাৰণ অভিজ্ঞতাৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ যিটো নিশ্চয় আন বহুতৰো দৃষ্টিগোচৰ হৈছে । সৃষ্টিশীল লেখা-মেলাৰ বাবে উৎসাহ যোগাবলৈ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ পৰা বাৰ্ষিকভাৱে আলোচনী প্ৰকাশ পাই অহাটো এক শুভ লক্ষণ । ইয়াৰ লগতে প্ৰাচীৰ-পত্ৰিকা, হাতে-লিখা আলোচনীও নিয়মিতভাৱে প্ৰকাশ পাই আহিছে । কিন্তু এই আলোচনীবোৰত লিখনি-প্ৰৱন্ধ বা গল্প-কবিতাবোৰ প্ৰকাশৰ অনুপাতে বিষয়বস্তুত নতুনত্ব দেখা নাই । স্কুলীয়া পৰ্যায়ৰ আলোচনীবোৰত লক্ষ্য কৰিছোঁ যে তাত প্ৰকাশিত বেছিভাগ কবিতাৰ ঠাঁচ একেটাই । যেনে “আমাৰ এজন ককা আছে”, “…ভাইটি আছে” – জাতীয় কবিতাবোৰেই বছৰি-বছৰি ককা, ভাইটি বা আইতাৰ নাম সলাই বিভিন্নজনৰ নামত প্ৰকাশ পাই আহিছে । আনফালে, গল্পৰ শিতানত “নিয়তিৰ নিষ্ঠুৰ পৰিহাস”- জাতীয় গল্পই আধিক্য লাভ কৰা দেখিছোঁ । এনেক্ষেত্ৰত কাগজৰ পৃষ্ঠাকেইটা অপচয় হোৱা বুলিব পাৰি ।

কিন্তু সম্প্ৰতি ইন্টাৰনেট মাধ্যমে প্ৰকাশৰ ক্ষেত্ৰখন আৰু অধিক সুচল কৰি তোলাত জাবৰৰ প্ৰসংগটোৰ প্ৰতিও এতিয়া আমাৰ দৃষ্টিভংগী সলনি কৰিব পৰা হৈছে । ই-আলোচনী, ব্লগ আদি আধুনিক মাধ্যমবোৰৰ পৰা নিযুত-নিযুত মানুহ উপকৃত হৈছে । ইন্টাৰনেটৰ মুকলি মঞ্চখনত এতিয়া প্ৰত্যেকেই নিজকে আত্মপ্ৰকাশ কৰি সাহিত্যচৰ্চা কৰাৰ লগতে নিজৰ ব্যক্তিগত অনুভৱ প্ৰকাশ কৰিব পাৰে । এইক্ষেত্ৰত জাবৰ-জোথৰ যিয়েই উৎপন্ন নহওঁক, কাকত-আলোচনীৰ মূল্যৱান আৰু সীমিত পৃষ্ঠাকেইটা অপচয় হোৱাৰ শংকা নাই । ইয়াৰে উৎকৃষ্টমানৰ সৃষ্টিৰাজি কালক্ৰমত আপোনাআপুনি অধিক পাঠকৰ মাজলৈ যাব বুলি আশা কৰিব পাৰি । অৰ্থাৎ ক’বলৈ গ’লে, ইন্টাৰনেট মাধ্যমে এখন সাৰ্বজনীন সৃষ্টিৰ দলিচা আগবঢ়াই দিছে য’ত অপচয় সাঁচি ৰাখিবলৈ ৱেবচাইট বা এককথাত ই-ডাষ্টবিনৰো অভাৱ নাই ।

ময়ো এই ব্লগটো আৰম্ভ কৰিছোঁ মোৰ মনৰ তাড়ণাত । হয়তো এই ব্লগাৰৰ অক্ষমতাৰ বাবে ব্লগটো সময় বাগৰাৰ লগে লগে ওপৰত উল্লেখ কৰা ধৰণেই এটা জাবৰৰ ডাষ্টবিনত পৰিণত হ’ব পাৰে, কিন্ত সোণ বুটলাৰ প্ৰয়াস নিশ্চয় অব্যাহত থাকিব । আৰু সোণ বুটলিব নোৱাৰিলেও মূল্যৱান সোণ-ৰূপৰ প্ৰতিলিপি (অনুবাদৰ জৰিয়তে) আগবঢ়োৱাৰ চেষ্টা কৰিম ।

Advertisements

মন্তব্য প্ৰদান কৰক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s