সাম্প্ৰতিক সময়ৰ শিক্ষাব্যৱস্থা

সম্প্ৰতি ডিচেম্বৰ মাহৰ আদিভাগ । পলমকৈ হ’লেও এতিয়া লাহে লাহে শীতৰ প্ৰকোপ বাঢ়িব ধৰিছে । আনফালে, সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱত্তীৰ্ণ হ’ব লগা ছাত্ৰ-ছাত্ৰীসকলৰো প্ৰস্তুতি তুংগত উঠিছে । এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে নিজস্ব মানসিক তাড়ণাত যিমানেই গভীৰ বা তৰাংকৈ প্ৰস্তুতি নচলাওক কিয়, অন্ততঃ অভিভাৱক-অভিভাৱিকা বা শিক্ষক-শিক্ষয়িত্ৰীৰ অযুত আশা-আকাংক্ষা, ব্যক্তিগত স্বপ্নই এই প্ৰস্তুতিৰ পৰিৱেশত মছলা সানিছে ।

সাম্প্ৰতিক সময়ৰ শিক্ষাব্যৱস্থা সম্পৰ্কে বিভিন্নজনে বিভিন্ন সময়ত লিখা প্ৰৱন্ধ, আলোচনাবোৰ পঢ়ি আহিছোঁ । আজি এজন ছাত্ৰ সমাজৰ প্ৰতিনিধি হিচাপে নিজৰ মনোভাৱ লিখিবলৈ লৈছোঁ । আচলতে আমাৰ সমাজখনত অগ্ৰজসকলে এই পৰীক্ষা সংস্কৃতিক লৈ অৰ্থহীন গুৰুত্ব আৰোপ কৰে । বৰ্তমান এনে এটা পৰিস্থিতি আহি পৰিছে যে নম্বৰভিত্তিক প্ৰতিযোগিতাৰ পৰা জীৱনটো যে এক পৃথক স্বকীয় বস্তু, সেয়া অনুভৱ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে আহৰি নাপায় । কিন্তু জ্ঞান আহৰণ মানে পাঠ্যপুথিৰ সীমিত কথাখিনিকে গোটেই বছৰটো আওৰাই নম্বৰৰ বাবে পৰীক্ষাৰ দিনা উজাৰি দিয়াটোই শেষ কথা জানো? দৰাচলতে এনেধৰণে সীমিত ক্ষেত্ৰতে আৱদ্ধ ৰাখি অধিকাংশ সময় খৰছ কৰাটো মূৰ্খামিৰ বাদে আন একো নহয় । কিন্তু পৰিতাপৰ বিষয় এয়ে যে, অধিকাংশ অভিভাৱক-অভিভাৱিকা আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ সন্তান বা ছাত্ৰ-ছাত্ৰীসকলৰ উন্নতি অন্তৰৰ পৰা কামনা কৰিও তেওঁলোকক সঠিক পথ দেখুওৱাত সফল নহয় । তেওঁলোকৰ দৃষ্টিত সাফল্যৰ যিটো ঠেক, গতানুগতিক আৰু পৰাম্পৰাগত পথ দৃশ্যমান; সেইটো পথেই একমাত্র উন্নতিৰ পথ বুলি ভবাটো ভুল । তেখেতসকলে এই পথেৰে সন্তানক মানসিক নিৰাপত্তা দিবলৈ সক্ষম হোৱাৰ পৰিৱৰ্তে স্কুলত নামভৰ্তি লগোৱা মুহূৰ্তৰ পৰাই প্ৰচণ্ড মানসিক বোজাহে আঁৰি দিয়ে ।

এইক্ষেত্ৰত আমাৰ শিক্ষাব্যৱস্থা, পৰীক্ষা পদ্ধতিত যথেষ্ট ত্ৰুটি আছে বুলি অন্তঃকৰণেৰে বিশ্বাস কৰোঁ । মই ইয়াত ব্যক্তিগত মন্তব্য, ব্যক্তিগত দৃষ্টিভংগী আগবঢ়াইছোঁ; কিন্তু শিক্ষাব্যৱস্থাৰ লগত জড়িত বৰমূৰীয়াসকলে ইউৰোপ বা আমেৰিকাৰ দৰে উন্নত দেশসমূহৰ লগত সাধাৰণভাৱে ৰিজাই চালেই পাৰ্থক্যসমূহ চকুত পৰিব । বিশেষকৈ আমাৰ ৰাজ্যখনত প্ৰচলিত স্থানপ্ৰাপকৰ তালিকাখন অৰ্থহীন । তালিকাখনে অযথা মেধাবিভাজনৰ সৃষ্টি কৰিছে । উল্লেখ কৰিব পাৰি যে, এই সম্পৰ্কে নিজৰ উদ্বেগ প্ৰকাশ কৰি দুবছৰ পূৰ্বে হোমেন বৰগোহাঞিদেৱেও ‘আমাৰ অসম’ৰ ‘প্ৰথম কলম’ত “অলপ আতিশয্য হোৱা নাইনে?”-   শীৰ্ষক প্ৰৱন্ধ এটা লিখিছিল । যদি বছৰটোত এদিনৰ বাবে এই তালিকাখনে কেইজনমান ছাত্ৰ-ছাত্ৰী আৰু পৰিয়ালক আনন্দ দিছে, সমান্তৰালভাৱে আন হাজাৰজনে হয়তো পাইয়ো হেৰুওৱাৰ বেদনাত ভুগিছে । বিশেষকৈ  অভিভাৱক/ শিক্ষক/ সমাজৰ পৰা আৰোপ কৰা অত্যধিক মানসিক চাপ, আশা-আকাংক্ষাই এই নোপোৱাৰ বেদনা অধিক গভীৰ আৰু অসহনীয় কৰি তোলে । বহুতেই আত্মবিশ্বাস হেৰুৱাই  পেলায় । কিন্তু প্ৰকৃতাৰ্থত জানো এই সীমাৰেখাডালৰ কিবা অৰ্থ  আছে ?

কিন্তু তাৰ পৰিৱৰ্তে যদি আটাইৰে গুণগত শিক্ষাৰ বিকাশত গুৰুত্ব দিয়া গ’লহেঁতেন । এঠাইত পঢ়িবলৈ পাইছিলোঁ যে ছুইজাৰলেণ্ড, ফিনলেণ্ড আদি দেশত সকলোকে সমানে আগুৱাই নিয়াত গুৰুত্ব দিয়া হয় । তাত কোনোধৰণৰ শীৰ্ষস্থান নিৰ্বাচনৰ ব্যৱস্থা নাই ।

আমাৰ এই প্ৰয়োজনাধীক পৰীক্ষাকেন্দ্ৰীক শিক্ষাব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ সৃষ্টিশীল মনত আঘাত হানিছে, মুক্ত চিন্তাচৰ্চাৰ পৰিৱেশ বিলুপ্ত কৰিছে । তাৰ পৰিৱৰ্তে পাঠ্যপুথিৰ উপৰিও বাহিৰা কিতাপ-আলোচনী পঢ়া, ছবি অঁকা, লেখা-মেলা, বিজ্ঞানৰ আৰ্হি প্ৰস্তুত কৰা আদি নিজৰ নিজৰ হবিৰ অনুশীলনত উদগণি দিলে ছাত্ৰ-ছাত্ৰীৰ চিন্তাৰ পৰিসৰো বিস্তৃত হ’ব আৰু পাঠ্যপুথি অধ্যয়নৰ প্ৰক্ৰিয়াটোও বেছ উপভোগ্য হ’ব ।

আচলতে ছাত্ৰ-ছাত্ৰীসকলে মুকলিমূৰীয়াভাৱে নিজৰ কাম-কাজ কৰিব বিচাৰে । আৰু এই মুকলিমূৰীয়া কামৰ প্ৰতি আগ্ৰহেই  সৃষ্টিশীলতাৰ আদি দুৱাৰ । আমি পঢ়া সাহিত্য, গণিত, সমাজ বিজ্ঞান বা পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান আদি বিভিন্ন বিষয়ৰ প্ৰশ্নবোৰো সমাধানৰ প্ৰস্তুতি চলাব লগা হয় পৰীক্ষাত সাফল্য লাভৰ বাবে । অৰ্থাৎ মুকলিমূৰীয়াভাৱে কাম এটা কৰাৰ বা পঢ়াৰ যি  আনন্দ, তাত এই পৰীক্ষাব্যৱস্থাই বাধা যোগায় । ফলস্বৰূপে একেবোৰ কিতাপেই গোটেই বছৰটো আওঁৰাই থকাৰ পৰিস্থিতি আহি পৰে । কিন্তু আমি বাহিৰা কিতাপ এখন পঢ়ি আমনি নাপাওঁ, কাৰণ তাত প্ৰশ্নৰ উত্তৰ লিখিবলগা পৰিস্থিতিৰ অৱকাশ নাথাকে অথবা একেখন বাহিৰা কিতাপকে এবছৰৰ বাবে পঠনসামগ্ৰী কৰি ল’ব লগা নহয় । কল্পনা কৰকচোন, আপুনি ‘ৰবিনছন ক্ৰুছু’ অথবা শ্বাৰলক হ’মছৰ ডিটেক্টিভ কাহিনী এটা পাঠ্যপুথি হিচাপে পঢ়িবলগা হৈছে । অৰ্থাৎ, আপুনি পাঠটো পঢ়াৰ লগে লগে এইক্ষেত্ৰত প্ৰশ্নোত্তৰৰ বাবে মূৰ ঘমোৱাৰ বা একেটা পাঠকে একাধিকবাৰ পঢ়াৰ পৰিৱেশ আহি পৰিল । এইক্ষেত্ৰত আপুনি নিশ্চয় মুকলিমূৰীয়াভাৱে পঢ়াৰ সমান আনন্দ লাভ নকৰিব । আমাৰ শিক্ষাব্যৱস্থাই দৰাচলতে বিশ বছৰবছৰমান বয়সলৈ সম্পূৰ্ণৰূপে পৰীক্ষাৰ ঠেক গণ্ডীত আৱদ্ধ কৰি ৰাখে । পিছলৈ যিসকলে নিজস্ব সাধনাৰ বলত সাফল্যৰ বাটত ভৰি দিছে, তেওঁলোকৰ বহুতেই ক্ষোভ প্ৰকাশ কৰে যে শিক্ষাব্যৱস্থাত যথেষ্ট আসোঁৱাহ আছে । লগতে ছাত্ৰাৱস্থাত কেনেদৰে পৰিস্থিতিৰ সৈতে খাপ খুৱাবলৈ নিজৰ সৃষ্টিশীল মনটোক দমাই ৰাখিছিল অথবা সামান্য সাধনাতে সন্তুষ্ট ৰাখিব লগা হৈছিল, সেই কথা স্বীকাৰ কৰে । উদাহৰণস্বৰূপে- সাম্প্ৰতিক সময়ৰ আগশাৰীৰ ভাৰতীয় লেখক চেতন ভগতে তেওঁৰ “What Young India Wants” নামৰ প্ৰৱন্ধসংকলনৰ অন্তৰ্গত “Indian Institution of Idiots” শীৰ্ষক লেখাটোত কোৱা নিম্নোল্লেখিত কথাখিনি প্ৰণিধানযোগ্য- “However, even in the ‘quest for knowledge’ goal of education, our course materials fall short. We emphasize sticking to the course, testing endlessly how well the student has revised his lessons. We treat lessons as rules to be adhered to, and the better you conform, the more likely you are to score. I hated it personally and I am sure millions do, too, but they have no choice. Innovation, imagination and creativity, crucial for the country, as well as more likely to bring the best out of any student, have no place in our education system. In fact, we actually ensure we kill this spirit in the child as fast as possible. Because innovation by definition means challenging the existing way and that is not something good Indian kids who respect elders do.”

আইনষ্টাইনে কৈছিল- “Education is what remains after one has forgotten what one has learned in school” । তেখেতে কোৱাৰ দৰেই আচলতে পাঠ্যপুথিৰ অন্তৰ্নিহিত বিষয়বস্তুখিনি সামগ্রিকভাৱে আয়ত্ত কৰিব পৰাটোহে আচল কথা । কোনো এটা শ্ৰেণীত পঢ়া পাঠ্যক্ৰমৰ বিষয়বস্তু পিছলৈ আমাৰ সম্পূৰ্ণ মনত নাথাকে । কিন্তু গোটেই বিষয়বস্তুৰ ওপৰত এটা থূলমূল আভাস থাকি যায় । এইখিনিহে সাৰশিক্ষা । তাৰ বাবে দিনে-ৰাতিয়ে গেবাৰি খাটি একেখিনি কথা দোহাৰি পৰীক্ষাৰ দিনকেইটালৈ মুখৰ আগত ৰাখি থোৱাৰ প্ৰয়োজন নাই । তাৰ পৰিৱৰ্তে অন্য কামৰ বাবেও সময় উলিয়াই চৰ্চা কৰিলে অধিক ফলপ্ৰসূ হ’ব । আমাৰ অধ্যয়ন পদ্ধতি কেনে হোৱা উচিত সেইসম্পৰ্কে কানাডাৰ স্কট এইচ. য়ং নামৰ যুৱ ছাত্ৰজনে এক সুন্দৰ ধাৰণা দিছে । তেওঁ এই শিক্ষাপদ্ধতিটোক “Holistic learning” নাম দিছে আৰু একে নামেৰে এখন সৰু ই-বুকো প্ৰকাশ কৰিছে । মুখস্থবিদ্যাৰ পৰিৱৰ্তে প্ৰতিটো concept বা ধাৰণা আয়ত্ত কৰাক অগ্ৰাধিকাৰ দিয়া এই পদ্ধতিটো মোৰ খুব পছন্দ হৈছে । একে বহাতে পঢ়ি শেষ কৰিব পৰা এই সৰু কিতাপখন (পুস্তিকা বোলাটোহে যুগুত হ’ব) আগলৈ অসমীয়া ভাষাত অনুদিত ৰূপত আগবঢ়োৱাৰ ইচ্ছা পুহি ৰাখিছোঁ ।

মন্তব্য প্ৰদান কৰক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s