(১)
দিছিলোঁ যে সিদিনা আলফুলে আগবঢ়াই
সামান্য উপহাৰটি
আছেনে মনত…?
লগত বান্ধিছিলোঁ মোৰ কেঁচা অনুভৱ
সতেজ, মিঠা অনুভৱ
বান্ধিছিলোঁ আটোমটোকাৰিকৈ
ৰঙীন ফিটাৰে
যাতে সুকলমে তোমাৰ ওচৰ পায়
সঁচাই…
তোমাৰ মিচিকি ভৰা হাঁহিৰে
যেতিয়া লৈছিলা হাত আগবঢ়াই
নিশ্চিত হৈছিলো মই…
মোৰ দুয়োটা উপহাৰেই তোমাৰ ওচৰ পাইছে – নিৰাপদে
দুয়োটা উপহাৰেই তোমাৰ মন জিনিছে ।
বিনিময়ত মিঠা মাতষাৰিৰ ‘থেংক ইউ’ আঁকোৱালি লৈছিলো মই ।
(২)
আজিও দিছো উপহাৰ
আজিও গাঁথিছো মোৰ সাঁচতীয়া মৰম
পিছে বুজিছোঁ এতিয়া
মোৰ উপহাৰৰ অৰ্ধেকহে তুমি লৈ আছা
আগৰবাৰো মোৰ অনুভৱখিনি উফৰি পৰিছিল ক’ৰবাত ।
মোৰহে ভ্ৰম হৈছিল
হয়তো কাহানিও দিব নোৱাৰিম মোৰ আন্তৰিক উপহাৰটো !
কাৰণ সিযে অদৃশ্য… ।