কুৰি শতিকাৰ এইজন
উজ্জ্বলতম আভা
নাম তেওঁৰ আইনষ্টাইন
সকলোৱেই চিনা ।
কম বয়সতে বিজ্ঞানজগতত
লগালে চমৎকাৰ
মানুহৰ পূৰ্বৰ ধাৰণাকো
কৰিলে তেওঁ প্ৰসাৰ
সময় আৰু মহাকাশক
একাকাৰ কৰি
নিউটন ককাৰ ধ্যান-ধ্যাৰণাক
দিলে ছাৰখাৰ কৰি !
আপেল সৰা কাহিনীটো
সাধুমাত্ৰ হৈ ৰ’ল,
নাই হেনো মাধ্যাকৰ্ষণ বল
বক্ৰ মহাকাশহে তাৰ মূল ।
‘জগতৰ সকলো আপেক্ষিক’
-আমালৈ তেওঁৰ বাণী;
পোহৰ,সময় একোৱেই নগ’ল
এই মতৰ পৰা সাৰি ।
ভূত-ভৱিষ্যৎ যাব পাৰিম হেনো
আমি মনুষ্য জাতি,
যদিহে কেনেবাকৈ সম্ভৱ হয়
পোহৰৰ দৰে গতি ।
ভৰ আৰু শক্তিৰ মাজত
বান্ধিলে এনাজৰী
সহজ সূত্ৰ,কঠিন সিদ্ধান্ত
মানিবলৈ সকলো ৰাজি ।
নুবজো এই আপেক্ষিকতা,
নুবুজো সময়কাল;
মগজুৱেচোন ঢুকিয়ে নাপায়
এই চব যত পয়মাল !
কল্পনাৰ আলমত সকলো আৱিষ্কাৰ
বিস্ময়কৰ সঁচাই
এনে মহান সাধকে বিশ্বত
ল’বনে জনম পুনৰাই…।
(২০১৫ বৰ্ষত এলবাৰ্ট আইনষ্টাইনৰ “সাধাৰণ আপেক্ষিকতাবাদ তত্ত্ব”ই শতবৰ্ষ পূৰ্ণ কৰা উপলক্ষে কবিতাটি ৰচনা কৰা হৈছে । কবিতাটো বিজ্ঞান আলোচনী ‘নতুন আৱিষ্কাৰ’ত ২০১৫বৰ্ষৰ মাৰ্চৰ সংখ্যাত প্ৰকাশ পাইছিল । উল্লেখযোগ্য যে, সমগ্র বিশ্বই এই বৰ্ষটো ‘আন্তৰ্জাতিক আলোকবৰ্ষ’ হিচাপে উদযাপন কৰিছিল)
ফটো উৎস- ইনষ্টাগ্ৰাম
পিংবেকঃ ইথাৰ আৰু সৃজনীশীলতা – কেলিড'স্ক'প