সংকটাপন্ন আছিল অসমীয়া জাতি
বিদেশৰ গ্ৰাসত,
নাছিল যোগ্য উত্তৰাধিকাৰী
শংকৰ-মাধৱৰ পাছত ।
সাতামপুৰুষীয়া ভাষা-সংস্কৃতিক
অৱমাননা কৰি
বঙলা ভাষাকে স্কুল-কলেজত
বহুৱালে বৰপীৰা পাৰি ।
শাসকগোষ্ঠী ব্ৰিটিছ চৰকাৰৰ
এনে অবিবেচক কাণ্ডত,
স্বদেশতে আমাৰ হৈছিল অৱস্থা,
যেন বাস কৰিছোঁ বিদেশত !
তেনে সময়তে ল’লা জনম
তুমি লক্ষ্মীনাথ !
ভাষা-সাহিত্যৰ পুনৰুত্থানৰ বাবে
কৰিলা মন ডাঠ ।
গুৰু দুজনাৰ আদৰ্শৰাজি
কৰিলা হৃদয়ংগম
লগতে বিদেশী সাহিত্যৰো
ল’লা তুমি গম ।
তোমাৰ কলমৰ পৰশ পাই জাতিয়ে
প্ৰাণ পালে পুনৰবাৰ
জোনাকী যুগৰ আৰম্ভণি কৰি
সাহিত্য স্ৰজিলা অপাৰ ।
গল্প, পদ্য, নাট, সাধু
সকলোতে হাত দিলা
নিদ্ৰাৰত অসমীয়া জাতিক
কৰ্মপ্ৰেৰণা যোগালা ।
সেইবাবেই আমি আগবাঢ়িব পাৰিছোঁ
প্ৰগতিৰ দিশে আজি,
তোমাৰ সপোনৰ অসমী আই
সাকাৰ ৰূপত ওলাইছে সাজি ।
কবিতাটো সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী উপলক্ষে ৰচনা কৰা হৈছিল। ২০১৪ বৰ্ষৰ জুন মাহত অধুনালুপ্ত ‘জিলমিল’ আলোচনীখনত কবিতাটো প্ৰকাশ পাইছে ।