কাব্যনীল আৰু আশাৰ বতৰা

কিছুদিন আগতে এটা ব্যক্তিগত টেলিভিছন চেনেলত ভাল অনুষ্ঠান এটা চালোঁ । সাধাৰণতে এনে অধিকাংশ অনুষ্ঠানত সমসাময়িক ৰাজনৈতিক ঘটনা আৰু এই লৈ তীব্ৰ বাক-বিতণ্ডাই ঠাই পায় যদিও কম পৰিমাণে দুই এটা ভাল, ব্যতিক্ৰমধৰ্মী অনুষ্ঠানো মাজে-সময়ে সম্প্ৰচাৰ হয় ।

মই উল্লেখ কৰিব বিচৰা অনুষ্ঠানটোত বৰ্তমান অসমবাসীৰ মাজত সুপৰিচিত প্ৰতিভাৱান কিশোৰ কাব্যনীল তালুকদাৰক আমন্ত্ৰণ জনোৱা হৈছিল । নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা কাব্যনীলে বৰ্তমান ৰিউবিক্স ঘনক মিলোৱা খেলত আন্তৰ্জাতিক খ্যাতি লাভ কৰিছে । ব্ৰাজিল, জাপান আদি বিভিন্ন দেশত অনুষ্ঠিত ৰিউবিক্স ঘনকৰ প্ৰতিযোগিতাত তেওঁ শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

সিদিনাৰ অনুষ্ঠানত কাব্যনীলে মানবিশিষ্ট ৩×৩×৩ আকাৰৰ ঘনকৰ উপৰি ২×২×২, ৪×৪×৪ আকাৰৰ ঘনক, ত্ৰিভুজ আদিও চকুৰ পচাৰতে সমাধান কৰি নিজৰ প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিলে । আনকি চকুত কাপোৰ বান্ধিও প্ৰায় একেই ক্ষিপ্ৰ গতিত তেওঁ সেই অৱয়ৱবোৰ মিলাবলৈ সক্ষম । পিছে কাব্যনীলৰ বাবে এনে পাৰদৰ্শিতা সম্ভৱ হ’লেও প্ৰকৃতাৰ্থত ৰিউবিক্স ঘনক মিলাব পৰাটো কোনো মুখৰ কথা নহয় । তেওঁ নিজে কোৱা অনুসৰিয়েই ইয়াৰ বাবে ২৫ টাতকৈও অধিক এলগ’ৰিথম জনাটো আৱশ্যক । তদুপৰি এটা ৩×৩×৩ আকাৰৰ ঘনকত বিভিন্নপ্ৰকাৰৰ প্ৰায় ৫১৯ কুইন্টিলিয়ন (আমেৰিকা যুক্তৰাষ্ট্ৰত ইয়াৰ অৰ্থ ১ৰ পিছত ১৮টা শূন্য আৰু ব্ৰিটেইনত ইয়াৰ অৰ্থ ১ৰ পিছত ৩০টা শূন্য ) বিন্যাস সম্ভৱ । কিন্তু তেওঁ সাধনাৰ বলত বিভিন্ন ৰঙৰ সজ্জাবোৰ নিজৰ মানসপটত মজুত ৰাখিবলৈ সক্ষম হৈছে । গতিকে নক’লেও হ’ব যে এনে সাফল্যৰ বাবে কল্পনাশক্তি, স্মৃতি, যথাৰ্থতা, ধৈৰ্য্য আদি গুণৰ সমাহাৰ ঘটাটো প্ৰয়োজন ।

কাব্যনীলে ২০১২ বৰ্ষত এখন দবা প্ৰতিযোগিতাত অংশ লৈ নতুন দিল্লীৰ পৰা উভতিবৰ সময়ত ৰে’লগাড়ীত প্ৰথমে এটা ৰিউবিক্স ঘনক দেখিবলৈ পায় । মাত্ৰ ২০ টকাত কিনি লোৱা ঘনকটো তেওঁ মিলাবলৈ আপ্ৰাণ চেষ্টা কৰিও সফল নোহোৱাত শেষত ইন্টাৰনেটৰ সহায় লয় । আৰু তেতিয়াৰ পৰা ৰিউবিক্স ঘনকৰ বিভিন্ন বিন্যাসবোৰে তেওঁক মোহাচ্ছন্ন কৰি ৰাখে । আই. আই. টি., গুৱাহাটীৰ বাৰ্ষিক কাৰিকৰী আৰু ব্যৱস্থাপনা উৎসৱত অনুষ্ঠিত প্ৰতিযোগিতাত অংশ লৈ তেওঁ প্ৰথমবাৰৰ বাবে সাফল্য লাভ কৰে । ২০১৪ বৰ্ষত জাপানত অনুষ্ঠিত এছিয়ান ৰিউবিক্স ঘনক প্ৰতিযোগিতাত অংশ লৈ তেওঁ দেশৰ হৈ দুটাকৈ স্বৰ্ণপদক জয় কৰিবলৈ সক্ষম হয় । যোৱা ২০১৫ বৰ্ষৰ জুলাই মাহত ব্ৰাজিলৰ চাও পাওলোত হৈ যোৱা বিশ্ব ৰিউবিক্স ঘনক প্ৰতিযোগিতাত তেওঁ ৩৪ খন দেশৰ ৩০০তকৈও অধিক প্ৰতিযোগীৰ মাজৰ পৰা প্ৰথম স্থান লাভ কৰি স্বৰ্ণপদক আঁজুৰি আনে । ইয়াত তেওঁ চকুত কাপোৰ পিন্ধি (blindfolded) মাত্ৰ ২৪.৮৬ ছেকেণ্ডতে ঘনকটো মিলাবলৈ সক্ষম হৈছিল । তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী তথা দ্বিতীয় স্থানপ্ৰাপক আমেৰিকাৰ ন’ আৰ্থাৰ্ছে ৩০.৯২ ছেকেণ্ড সময় লৈছিল । এই সাফল্যৰ পিছতে তেওঁৰ বিষয়ে ‘RedBullPremieres-Cubism’ নামৰ এখন তথ্যচিত্ৰ প্ৰকাশ পায় ।

মই বিশেষকৈ দুটা কাৰণত কাব্যনীলৰ সাফল্যৰ কথা উল্লেখ কৰিছোঁ । প্ৰথম, তেওঁৰ এই স্বকীয় অনুৰাগত মাক-দেউতাকে দিয়া উৎসাহ তথা সমৰ্থন । ফলস্বৰূপে কাব্যনীলে পূৰ্ণোদ্দমে নিজৰ সাধনা কৰি যাবলৈ সক্ষম হ’ল । কাব্যনীলে নিজেই সিদিনা ক’লে যে কেইবাদিনো ৰাতি উজাগৰে থাকিও তেওঁ ঘনক মিলোৱাত ব্যস্ত আছিল । তথাপি মাক-দেউতাকে বাধা দি কোৱা নাছিল যে- “এনেদৰে ঘনক মিলাই সময় খৰছ কৰি থাকিলে কি লাভ হ’ব?” বা ” পঢ়াৰ সময় নষ্ট কৰি এইবোৰ কাম কৰি থাকিব নালাগে” । আৰু সেইবাবেই কাব্যনীৰ সুপ্ত প্ৰতিভাই পূৰ্ণ বিকাশ লাভ কৰিবলৈ সক্ষম হ’ল ।

কিন্তু সাধাৰণতে অধিকাংশ অভিভাৱক-অভিভাৱিকাই এনেকুৱা অগতানুগতিক দিশত আগবাঢ়িলে বা আগ্ৰহ দেখুৱালে সন্তানক যথেষ্ট নিৰুৎসাহিত কৰা আৰু বাধা দিয়া দেখা যায় । তেওঁলোকে সন্তানৰ মানসিক অৱস্থাটোৰ বুজ লোৱাৰ চেষ্টা নকৰে । ফলত চৰ্চাৰ উপযুক্ত পৰিৱেশৰ অভাৱত বহু সন্তানৰ জন্মগত প্ৰতিভা অকালতে মৰহি যায় । তেওঁলোকে নিশ্চয় কাব্যনীল আৰু তেওঁৰ পিতৃ-মাতৃৰ পৰা শিক্ষা ল’ব পাৰিব ।

দ্বিতীয়তে, কাব্যনীলে শিকোৱা আন এটা ধনাত্মক দিশ হ’ল- ইন্টাৰনেটৰ সুব্যৱহাৰ । এতিয়া গোটেই পৃথিৱীখনকে ইন্টাৰনেটে মকৰাৰ জালৰ দৰে ছানি ধৰি যোগাযোগৰ ক্ষেত্ৰত এক বৈপ্লৱিক উন্নয়ন সাধিছে । কিন্তু ইন্টাৰনেটৰ অধিকাংশ উপভোক্তাই ইয়াৰ সম্ভাৱ্য সুব্যৱহাৰ সম্পৰ্কে সজাগ নহয় অথবা জানিও সঠিক ব্যৱহাৰ কৰা নাই । ফলত বহুতৰ ক্ষেত্ৰত ইন্টাৰনেট হৈ পৰে মূল্যৱান সময়কেইটা অৱাবত নষ্ট কৰাৰ এক আধুনিক পথ । কিন্তু ইন্টাৰনেট ব্যৱহাৰত আসক্ত নহৈ সংযতভাৱে ব্যৱহাৰ কৰি তথ্য সংগ্ৰহত বা নিজৰ প্ৰতিভা বিকাশত ব্যৱহাৰ কৰা মুষ্টিমেয় এচাম লোকো নথকা নহয় । ইতিমধ্যে একাংশ সচেতন অসমীয়া লোকেও ইন্টাৰনেট মাধ্যমত যথেষ্ট প্ৰশংসনীয় কাম কৰি আছে । মই ভাবোঁ, এইক্ষেত্ৰত কাব্যনীলো এক আদৰ্শ । ক’বলৈ গ’লে, কাব্যনীলে ইন্টাৰনেটৰ সুপ্ৰয়োগ কৰিয়েই ৰিউবিক্স ঘনকৰ বিশ্ব চেম্পিয়ন হ’বলৈ সক্ষম হ’ল । উল্লেখযোগ্য যে তেওঁৰ জ্যেষ্ঠ ভাতৃ ইন্দ্ৰনীল তালুকদাৰেও ইন্টাৰনেটৰ সহায় লৈ এটা ‘এনড্ৰইড এপ্ছ’ বিকাশ কৰিবলৈ সক্ষম হৈছে ।

অদূৰ ভৱিষ্যতে কাব্যনীলৰ পৰা আৰু অধিক সাফল্য কামনা কৰিলোঁ । লগতে তেওঁৰ সাফল্যৰ পৰা অইনেও নিশ্চয় শিক্ষা পাব, কিদৰে নিজে ভাল পোৱা বিষয় এটাত একাণপতীয়াকৈ মনোনিৱেশ কৰিলে বিশ্বজয় কৰাটোও কোনো অসাধ্য কাম নহয় ।

তথ্যসূত্ৰ
১) হিন্দুস্তান টাইমছ্
২) টেলিগ্ৰাফ
৩) Go Assam

Advertisements

মন্তব্য প্ৰদান কৰক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s