হৃদয়ৰ আহ্বান

কিছুদিন আগতে ষ্টিভ জবছৰ “How to live, before you die” শীৰ্ষক বক্তৃতাটো চোৱাৰ সৌভাগ্য হ’ল । ‘টেড’ৰ (TED) ৱেবচাইটত বক্তৃতাটো এই শিৰোনামাৰে অন্তৰ্ভুক্ত আছে যদিও ই প্ৰধানকৈ বক্তৃতাটোৰ শেষৰফালে ষ্টিভে কোৱা “Stay hungry, stay foolish” কথাষাৰেৰেহে অধিক প্ৰখ্যাত ।

ষ্টিভ জবছ

ষ্টিভ জবছ

জীৱনৰ পথনিৰূপক তিনিটা গুৰুত্বপূৰ্ণ ঘটনাৰ অৱতাৰণাৰে তেওঁ এই নাতিদীৰ্ঘ বক্তৃতাটো সজাইছে । জবছে জীৱনৰ প্ৰতিটো সংঘাত, প্ৰত্যাহ্বান নেওচি পিছলৈ সাফল্যৰ এভাৰেষ্টত বগোৱাৰ মূলতে আছিল, তেওঁ নিজে ক’বৰ দৰেই- প্ৰতিটো পদক্ষেপতে তেওঁ নিজ হৃদয়ৰ কথা শুনিছিল । সমাজৰ প্ৰচলিত ভাল-বেয়াৰ ধাৰণাক অন্ধভাৱে অনুকৰণ কৰাতকৈ প্ৰতিটো পৰ্য্যায়তে নিজ অন্তৰৰ আহ্বান অনুসৰিহে সিদ্ধান্ত লৈছিল । সেইবাবেই তেওঁ বিনাদ্বিধাই কলেজীয়া উচ্চশিক্ষাক অপ্ৰয়োজনীয় বুলি অনুভৱ কৰি ত্যাগ কৰিব পাৰিছিল আৰু নিজ পছন্দমতে জীৱনত এক আওহতীয়া বাটেৰে বাট বুলিছিল । আনকি যৌৱনৰ আদিভাগত দিন-ৰাতি একাকাৰ কৰি গঢ় দিয়া কোম্পানী ‘এপল’ৰ পৰা বিতাৰিত হোৱাৰ পিছতো সেয়া সহজভাৱে গ্ৰহণ কৰি নিজৰ সৃজনীশীল প্ৰতিভাক ন উদ্যমেৰে কামত খটুৱাই ‘নেক্সট’ আৰু ‘পিক্সাৰ’ৰ দৰে সমপৰ্য্যায়ৰ কোম্পানী গঢ় দিছিল । সাময়িক হতাশাই আগুৰি ধৰিলেও নিজৰ কামৰ প্ৰতি থকা গভীৰ ভালপোৱাই তেওঁৰ সাফল্যক নতুন মাত্ৰা দিছিল । ষ্টিভে গভীৰভাৱে বিশ্বাস কৰিছিল যে নিজৰ হৃদয়ৰ আহ্বান অনুসৰি কৰ্মব্ৰতী হ’লে সকলোৰে বাবেই সাফল্যৰ স্বৰ্ণশিখৰত আৰোহণ কৰাটো সম্ভৱ ।

বক্তৃতাটোৱে যথেষ্ট ভবাই তুলিলে । বক্তৃতাটোৱে মোৰ নিচিনা প্ৰতিগৰাকী শ্ৰোতাকে নিশ্চয় আত্মপৰীক্ষণৰ সুযোগ দিছে । মোৰ মনতো লগে লগে কিছুমান প্ৰশ্নই উকমুকনি দিছিল – আমি সৰুৰে পৰা কিমানখিনি কাম নিজ পছন্দমতে কৰিছোঁ ? আৰু কিমানখিনি কাম অগ্ৰজসকলক অনুকৰণ কৰি আনৰ সন্তুষ্টিৰ বাবে কৰি আছোঁ ?… নিজকে অলপ গভীৰভাৱে প্ৰশ্ন কৰি চালে হয়তো আমি বহুতেই ঠিক একেটা উত্তৰেই পাম । প্ৰকৃতাৰ্থত আমি বেছিভাগ কামেই বাধ্যবাধকতা অনুসৰিহে কৰি আছোঁ, নিজকে সৰুৰেপৰা অগ্ৰজসকলে শিকোৱা সাফল্যগামী বাকছটোত জোৰ-জবৰদস্তি কৰি হ’লেও ভৰাই লৈছোঁ । আৰু সময়ৰ অভাৱৰ অজুহাত দেখুৱাই নিজৰ বিবেকৰ আহ্বান শুনাৰ বাবে ক্ষণিক আহৰি উলিয়াব পৰা নাই । হয়তো অন্তৰৰ আহ্বান আছিল অন্য, কিন্তু সমাজৰ লোকাৰণ্য বাটটো এৰি আওহতীয়া আৰু অস্পষ্ট লক্ষ্যস্থান এটাৰ দিশে বাট বুলিব ভয় কৰিছোঁ !

সেইবাবেই প্ৰকৃতাৰ্থত অধিকাংশ লোকে স্বকীয় সম্ভাৱনা অনুসৰি সাফল্য নাপায় । অলপতে পঢ়ি অহা মহাবিদ্যালয়খনতো কথাটো লক্ষ্য কৰিছিলোঁ । শ্ৰেণীকোঠাত দুই-এজন এনে সহপাঠী লগ পাইছিলোঁ, যিয়ে নিজকে পাঠ্যপুথিৰ সীমাৱদ্ধ পৰিসৰৰ লগত খাপ খুওৱাই নম্বৰৰ মাপকাঠিৰে শিক্ষক-শিক্ষয়িত্ৰীসকলক সন্তুষ্ট কৰিব পৰা নাই । পাঠদানৰ সময়তো মনোযোগ দিয়া বা নোট্ছবোৰ সঠিকভাৱে লিখি লোৱাৰ পৰিৱৰ্তে আপোনমনে ছবি অঁকা, সহপাঠীৰ লগত কথা পাতি থকাৰ দৰে স্বভাৱবোৰ দেখা পাইছিলোঁ । ফলশ্ৰুতিত বহু সময়ত তেনে শিক্ষাৰ্থী শিক্ষক-শিক্ষয়িত্ৰীৰ দৃষ্টিত অপৰাধী হৈ গালি-ককৰ্থনা, শাস্তি বা গোটেই পিৰিয়ডটো বাহিৰত থিয় দি থাকিবলৈ বাধ্য হৈছিল । কিন্তু যেতিয়া আন সময়ত লগ পাওঁ, এনে ছাত্ৰৰ মনত উদয় হোৱা প্ৰশ্ন শুনি তবধ মানিব লাগে । দৰাচলতে কিছুমান বিষয়ত তেওঁলোক বিষয়বস্তুৰ যথেষ্ট গভীৰতালৈ সোমাই গৈছে । কিন্তু সেই বিষয়ত নিজৰ জিজ্ঞাসা পূৰাবলৈ বা সদুত্তৰ পাবলৈ প্ৰয়োজনীয় কিতাপ-পত্ৰ আৰু সঠিক সুযোগ-সুবিধা পোৱা নাই । বৰং পৰৱৰ্তী সময়ত কলেজেও তেওঁলোকক নিম্নমানৰ, মেধাহীন ছাত্ৰ বুলি লেবেল লগাই দিয়ে । পিছে এনে স্বভাৱবোৰেই প্ৰকৃতাৰ্থত মানুহৰ স্বাভাৱিক প্ৰবৃত্তি নহয় জানো? অনুসন্ধিত্সা, চিন্তাশীল মন, বিশ্লেষণী শক্তিৰ দৰে গুণবোৰেই সৃষ্টিশীল মৌলিক কাম কৰাৰ প্ৰাথমিক আৱশ্যকতা নহয় জানো?

যেতিয়া আইনষ্টাইন, এডিছন, ৰামানুজন, ষ্টিভ জবছ বা ষ্টিফেন হকিঙৰ দৰে সফল ব্যক্তিৰ জীৱনী লুটিয়াই চাওঁ; তেওঁলোকৰ শৈশৱতো ঠিক একেধৰণৰ পৰিৱেশ, প্ৰবৃত্তিয়েই পৰিলক্ষিত হৈছিল বুলি সহজে বুজিব পাৰি । মাত্র পাৰ্থক্যটো আছিল যে তেওঁলোকে নিজ হৃদয়ৰ আহ্বান শুনি সমাজৰ প্ৰচলিত নিয়মক উলংঘন কৰাৰ সাহস গোটাইছিল । আনৰ দৃষ্টিভংগী, কটু সমালোচনাক সমূলি পিঠি দিব পাৰিছিল । আন হাজাৰজনৰ দৰে তেওঁলোকে আনুষ্ঠানিক পাঠ্যক্ৰমত সৰ্ববিশাৰদ হ’বলৈ চেষ্টা নকৰি মাত্ৰ নিজৰ প্ৰিয় বিষয়টো একাণপতীয়াকৈ সাধনা কৰিছিল । ফলস্বৰূপে নিজৰ ক্ষেত্ৰখনত তেওঁলোকে অনবদ্য মৌলিক অৱদান আগবঢ়াবলৈ সক্ষম হৈছে । কিন্তু আমাৰ চৌপাশৰ বহুতো ছাত্ৰ-ছাত্ৰীও এনে স্বাভাৱিক প্ৰবৃত্তি সমৃদ্ধ হ’লেও তেওঁলোকৰ অৱস্থা দুই নাৱত দুই ভৰি থোৱাৰ দৰে হৈছে । কাৰণ তেওঁলোকে নিজ ইচ্ছামতে নিজ পছন্দৰ কাম কৰিবলৈও সম্পূৰ্ণ সাহস গোটোৱা নাই আৰু সমাজৰ প্ৰচলিত নীতি-নিয়মৰ লগতো সম্পূৰ্ণৰূপে খাপ-খুৱাব পৰা নাই । হয়তো এইচাম ছাত্ৰ-ছাত্ৰীৰ অধিকাংশই পিছলৈ স্বপ্নভংগৰ বেদনাত নিজ সন্তান বা আহিবলগীয়া প্ৰজন্মৰ ওচৰত আক্ষেপ কৰিবলগীয়া হয় । লগতে সমাজখনেও হেৰুৱাই পেলায় এচাম প্ৰকৃত সম্ভাৱনাপূৰ্ণ মানৱ সম্পদ !

এইখিনিতে এটা উদাহৰণ উল্লেখ কৰিব বিচাৰিছোঁ । ছাৰ কেন ৰবিনছনে তেওঁৰ বেষ্টচেলাৰ গ্ৰন্থ “The Element“ৰ আদিতেই জিলিয়ান নামৰ এজনী

ছাৰ কেন ৰবিনছন

ছাৰ কেন ৰবিনছন

আঠবছৰীয়া ছোৱালীৰ কথা উল্লেখ কৰিছে (তেওঁৰ বিখ্যাত টেড বক্তৃতা “Do schools kill creativity” টো এই ছোৱালীজনীৰ কথা উল্লেখ কৰিছিল) । ছোৱালীজনীৰ হাতৰ আখৰ একেবাৰে বেয়া, গৃহকাৰ্য্য জমা দিয়াত লেহেমীয়া, পাঠদানৰ সময়তো সমনীয়াৰ লগত কথা পতা বা খিৰিকীৰ ফালে চাই থকা স্বভাৱ । বিদ্যালয় কৰ্তৃপক্ষই ছোৱালীজনীক কেবাবাৰো সঁকিয়াই দিয়ে যদিও তাই নিজে নিজৰ আচৰণত একো অস্বাভাৱিকতা দেখা নাপায় । ছোৱালীজনী মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি আশংকা কৰি অৱশেষত বিদ্যালয়খনৰ অধ্যক্ষই তাইৰ মাক-দেউতাকলৈ এখন চিঠি লিখিলে । বিদ্যালয়ৰ পৰা এনে ৰিপ’ৰ্ট পাই মাক-দেউতাকো যথেষ্ট আতংকগ্ৰস্ত হ’ল আৰু শেষত মাকগৰাকীয়ে তাইক এজন মনস্তত্ববিদৰ ওচৰলৈ লৈ গ’ল । মনস্তত্ববিদজনে সূক্ষ্মভাৱে জিলিয়ানৰ গতি-বিধি নিৰীক্ষণ কৰি কিছুসময় পিছত মাকৰ সৈতে কথা পতাৰ ছলেৰে কোঠাটোৰ বাহিৰ ওলাল । তেওঁ ছেগ চাই কোঠাটোত ৰেডিঅ’টো বজাই আহিছিল । তেওঁলোক দুয়ো বাহিৰ ওলোৱাৰ লগে লগে কণমানি ছোৱালীজনী ৰেডিঅ’ত বাজি থকা গীতৰ তালে তালে পায়চাৰি কৰাত লাগিল । খিৰিকীৰে গোপনে লক্ষ্য কৰি থকা মনস্তত্ববিদজনে মুহূৰ্ততে মাকক জনালে তেখেতৰ ছোৱালী মানসিক বিকাৰগ্ৰস্ত নহয়, বৰং এগৰাকী ভাল নৰ্তকীহে । তেওঁ মাকজনীক পৰামৰ্শ আগবঢ়ালে যে তেওঁ জীয়েকক এখন নাচৰ স্কুলত ভৰ্ত্তি কৰোৱা উচিত । জিলিয়ানৰ মাকে তেওঁৰ পৰামৰ্শ মানিলে আৰু তাইক প্ৰতি সপ্তাহে নাচৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিলে । পিছলৈ বিখ্যাত ৰয়েল বেলেট স্কুলত ভৰ্ত্তি হৈ জিলিয়ানে নিজাববীয়াকৈ সংগীতভিত্তিক নাট প্ৰদৰ্শন কোম্পানী গঢ় দিয়ে আৰু তাৰ জৰিয়তে আগবঢ়োৱা এলানি প্ৰদৰ্শনীয়ে লণ্ডন, নিউয়ৰ্ক আদিত ব্যাপক সমাদৰ লাভ কৰে । পৰৱৰ্তী

গিলিয়ান লিন

জিলিয়ান লিন

সময়ত এন্দ্ৰিউ লয়ড ৱেবাৰৰ লগ লাগিও তেওঁ ‘Cat’, ‘The Phantom of the opera’ ৰ দৰে সৰ্বকালৰ শ্ৰেষ্ঠতমৰ শাৰীত থিয় দিয়া কেবাখনো মঞ্চসফল সংগীতভিত্তিক নাট প্ৰদৰ্শনী উপহাৰ দিবলৈ সক্ষম হৈছে ।

জীৱনৰ পথনিৰূপক হিচাপে চিহ্নিত হোৱা ১৯৪০ৰ দশকৰ সেই ঘটনাটোৰ বাবেই পিছলৈ জিলিয়ান লিন এগৰাকী বিখ্যাত নৰ্তকী, একক শিল্পী (soloist) আৰু নৃত্য-প্ৰযোজক হ’বলৈ সক্ষম হ’ল । কিন্তু আপুনি, মই বা আন হাজাৰটি ল’ৰা-ছোৱালী হয়তো জিলিয়ানৰ দৰে ইমানখিনি সৌভাগ্যবান নহয় যে কোনোবাই আমাৰ সুপ্ত প্ৰতিভাৰ কলিটো চিনাক্ত কৰি আগতীয়াকৈ দিগদৰ্শন কৰাব । তেন্তে উপায় ? আটাইতকৈ উজু আৰু ফলপ্ৰদ উপায়টোৱেই হ’ল আনৰ আশা-আকাংক্ষাৰ বোজা লৈ জীয়াই থকাতকৈ নিজৰ হৃদয়ৰ আহ্বান অনুসাৰে কাম কৰি যোৱা । হয়তো আদিতে অৱজ্ঞা, একাকীত্বৰ দৰে কিছু তিতা-কেঁহা অভিজ্ঞতা স্বীকাৰ কৰিব লাগিব; কিন্তু শেষলৈ জীৱনে আমাক নিৰাশ নকৰে । হয়তো বাস্তৱত এক স্বপ্নাতীত সাফল্যই আমাৰ জীৱনক মহিমাণ্ডিত কৰিব । যুগে যুগে ইতিহাসে সেয়াই প্ৰমাণ কৰি আহিছে ।

(ইয়াত মোৰ মহাবিদ্যালয়ৰ কথা উল্লেখ কৰি ইয়াৰ অধ্যাপক-অধ্যাপিকা বা অনুষ্ঠানখনৰ শিক্ষাৰ মানদণ্ডক হেয় প্ৰতিপন্ন কৰিবলৈ বিচৰা হোৱা নাই । বৰং সাম্প্ৰতিক শিক্ষাব্যৱস্থাটোৰ সামগ্ৰিক চিত্ৰ এখন দাঙি ধৰিবৰ বাবেহে মহাবিদ্যালয়খনত হোৱা মোৰ ব্যক্তিগত অভিজ্ঞতাৰ কথা উল্লেখ কৰিছোঁ)

* ষ্টিভ জবছৰ উদ্ধৃত বক্তৃতাটো অসমীয়াত পঢ়িবলৈ ইয়াত ক্লিক কৰক ।

লেখাটি অসমীয়া আলোচনী ‘বাৰ ওঠৰ’ৰ জুন, ২০১৬ সংখ্যাৰ ‘লৰিয়লিৰ ডাক’ শিতানত প্ৰকাশ পাইছে ।

মন্তব্য প্ৰদান কৰক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s