স্কট কেলিৰ বছৰজোৰা মহাকাশ ভ্ৰমণ আৰু কিছু আনুষংগিক কথা

এইচ. জি. ৱেলছে তেওঁৰ “ৱাৰ অৱ দা ৱৰ্ল্ডছ” গ্ৰন্থখনত মংগল গ্ৰহৰ পৰা অহা এক অচিন প্ৰাণীয়ে পৃথিৱীৰ বুকুত চলোৱা ধ্বংসলীলাৰ ৰোমাঞ্চকৰ বৰ্ণনা দিছিল । লেখকৰ কাল্পনিক সৃষ্টি সেই প্ৰাণীবিধে মাত্ৰ দুই-চাৰিদিনৰ ভিতৰতে লণ্ডন মহানগৰী আৰু কাষৰীয়া অঞ্চলবোৰ ছাৰখাৰ কৰি মৰিশালিত পৰিণত কৰিছিল । শেষত যেনিবা এবিধ অণুজীৱৰ প্ৰকোপত সেই অচিন প্ৰাণীবিধ পৃথিৱীপৃষ্ঠত বেছিদিন টিকি থাকিব নোৱাৰিলে ।

ৱেলছৰ বৰ্ণনাৰ নিচিনাকৈ মংগলপৃষ্ঠত এতিয়ালৈ কোনো প্ৰাণীৰ অস্তিত্ব প্ৰমাণিত হোৱা নাই যদিও পৃথিৱীবাসীয়ে যে মংগলগ্ৰহক দ্বিতীয় বাসস্থান হিচাপে গ্ৰহণ কৰিবলৈ বেছিদিন নাই, সেইকথা সৰ্বজনবিদিত । বিশেষকৈ ২০২৬-২৭ বৰ্ষত নাছাৰ প্ৰস্তাৱিত অভিলাষী ‘মাৰ্চ-ৱান’ অভিযানে পৃথিৱীৰ চুকে-কোণে থকা সকলো লোকৰ পৰা ব্যাপক সঁহাৰি লাভ কৰা দেখা গৈছে । এই অভিযান সফল হ’লে নিশ্চিতভাৱে মানৱ ইতিহাসত সেই দিনটো এক ঐতিহাসিক ক্ষণৰূপে চিহ্নিত হৈ ৰ’ব ।

মংগল গ্ৰহত স্থায়ীভাৱে বসবাস কৰাৰ পূৰ্বে সেই পৰিৱেশে মানুহৰ শৰীৰ আৰু মনত কেনে প্ৰভাৱ পেলায়, সেয়া সঠিকভাৱে জনাটো অত্যন্ত প্ৰয়োজন । তদুপৰি ভৰশূন্য পৰিৱেশে মানৱদেহত কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰে বা কোনবোৰ পৰিৱৰ্তন ঘটায় , সেয়াও জনাটো আৱশ্যক । কিন্তু ভৰশূন্যতাৰ প্ৰভাৱ সঠিকভাৱে উদঘাটন কৰাটো সহজসাধ্য নহয় । কাৰণ মহাকাশচাৰীজনৰ দেহত পৰিলক্ষিত কোনবোৰ উপসৰ্গ ভৰশূন্যতাৰ ফলত হৈছে আৰু কোনবোৰ উপসৰ্গ স্বাভাৱিকতেই হৈছে (অৰ্থাৎ পৃথিৱীত থাকিলেও হ’লহেঁতেন), তাক পৃথক কৰাটো কঠিন । কিন্তু যদি একে জিনীয় বিন্যাস, একে জীৱনশৈলী আৰু একে শাৰীৰিক গঠনৰ দুজন ব্যক্তিৰ এজনক পৃথিৱীত আৰু আনজনক মহাকাশত ৰাখি দুয়োৰে পৰিৱৰ্তনসমূহ সূক্ষ্মভাৱে নিৰীক্ষণ কৰা যায়, তেতিয়া নিশ্চয় ভালেখিনি কথা স্পষ্ট হৈ পৰিব । তেনেক্ষেত্ৰত যিবোৰ লক্ষণ মহাকাশত কটোৱাজনৰ দেহত ধৰা দিছে অথচ ভূমিস্থজনৰ দেহত পৰিলক্ষিত হোৱা নাই, সেইখিনিকে ভৰশূন্যতাৰ প্ৰভাৱত হোৱা বুলি ভাবিব পাৰি । ওপৰোক্ত পৰীক্ষাটোৰ বাবে যে এহাল যমজ আটাইতকৈ উপযুক্ত হ’ব, সেয়া বুজাত নিশ্চয় কাৰো অসুবিধা নহ’ব । প্ৰকৃততে ঠিক এইটো উদ্দেশ্যতেই নাছাই কেইবছৰমান পূৰ্বে ‘যমজ অধ্যয়ন'(Twin Study) নামৰ এটা গৱেষণামূলক অনুসন্ধান আৰম্ভ কৰিছিল । আৰু এই প্ৰকল্পটোৰ বাবে নিৰ্বাচন কৰা হৈছিল বিশ্বৰ প্ৰথম যমজ মহাকাশচাৰী ভাতৃদ্বয় স্কট কেলি আৰু মাৰ্ক কেলিক । মোছকোছাক বাদ দিলে (স্কটৰ মোছ নাই) দুই ভাতৃ দেখিবলৈ সাইলাখ একে বুলিব পাৰি । নাছাৰ মূল লক্ষ্যই হৈছে ভিন্ন পৰিৱেশত একে জিনীয় বিন্যাসৰ দুজন ব্যক্তিৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তনসমূহৰ এক তুলনামূলক অধ্যয়ন । বিশেষকৈ ‘যমজ অধ্যয়ন’ৰ অংশস্বৰূপে স্কট কেলিয়ে যোৱা ২০১৫ বৰ্ষৰ ২৭ মাৰ্চৰ পৰা আৰম্ভ কৰা এবছৰীয়া (৩৪০ দিন ১০ ঘন্টা) মহাকাশ ভ্ৰমণৰ সফল পৰিসমাপ্তি ঘটাত ই ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে । যোৱা ১ মাৰ্চৰ দিনা কেলিয়ে ৰাছিয়ান মহাকাশচাৰী মিখাইল কৰ্নিয়েক’ৰ সৈতে কাজাখস্তানত অৱতৰণ কৰে । লগে লগে তেওঁ পাঁচ শতাধিক দিন মহাকাশত কটোৱা প্ৰথমগৰাকী

স্কট কেলি আৰু মিখাইল কৰ্নিয়েক'

স্কট কেলি আৰু মিখাইল কৰ্নিয়েক’

মাৰ্কিন মহাকাশচাৰী হোৱাৰো অভিলেখ গঢ়ে । দহটা স্তৰত হ’বলগীয়া এই ‘যমজ অধ্যয়ন’ সম্পৰ্কে নাছাই কৈছে- “These investigations will provide broader insight into the subtle effects and changes that may occur in spaceflight as compared to Earth by studying two individuals who have the same genetics, but are in different environments for one year.”

চাৰিটাকৈ মহাকাশ অভিযানত অংশ লোৱা স্কট যোচেফ কেলি এজন সুদক্ষ মহাকাশচাৰী । স্কটৰ জন্ম হৈছিল ১৯৬৪ চনৰ ২১ ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ জাৰ্ছিৰ অৰেঞ্জত (আনজন ভাতৃ মাৰ্ক কেলি তেওঁতকৈ ছয় মিনিট ডাঙৰ) । মহাকাশচাৰী

শৈশৱত মাৰ্ক আৰু কেলি

শৈশৱত মাৰ্ক আৰু কেলি

হিচাপে কৰ্মজীৱন আৰম্ভ কৰাৰ পূৰ্বে তেওঁ এজন অভিযন্তা আৰু আমেৰিকান নৌসেনা বাহিনীৰ কেপ্টেইন হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল । ১৯৯৬ চনত নাছাই তেওঁক মহাকাশ অভিযানৰ বাবে নিৰ্বাচন কৰে । প্ৰশিক্ষণৰ সমাপ্তিত ১৯৯৯ চনৰ ডিচেম্বৰ মাহত এচ. টি. এচ.-১০৩ (Space Transportation System) ৰ আঠদিনীয়া অভিযানৰ সময়ত তেওঁ স্পেছ চাটল্ ডিস্ক’ভাৰীৰ বৈমানিকৰ দায়িত্বভাৰ লয় । এই অভিযানৰ লক্ষ্য আছিল হাবল স্পেছ টেলিস্ক’পত কিছু নতুন সঁজুলি সংযোগ কৰি ইয়াৰ বৈজ্ঞানিক কৰ্মদক্ষতা বৃদ্ধি কৰা । ২০০৭ চনৰ আগষ্ট মাহত এচ. টি. এচ.-১১৮ ৰ মিছন কমাণ্ডাৰ হিচাপে তেওঁ দ্বিতীয়টো মহাকাশ অভিযানত ভাগ লয় । আন্তৰ্জাতিক মহাকাশ ষ্টেচন অভিমুখী (International Space Station বা চমুকৈ ISS) এই অভিযানৰ সময়কাল আছিল বাৰদিন । ২০১০ বৰ্ষৰ ৭ অক্টোবৰৰ দিনা কেলিয়ে কাজাখস্তানৰ বৈকানুৰ কছম’ড্ৰমৰ পৰা ছয়ুজ টি. এম. এ.- ০১ এম. এৰে তৃতীয়বাৰৰ বাবে মহাকাশ ভ্ৰমণ কৰে । প্ৰথমে আন্তৰ্জাতিক মহাকাশ ষ্টেচনৰ অভিযান ২৫ৰ উৰণ অভিযন্তাৰ দায়িত্বভাৰ লোৱাৰ পিছত অভিযান ২৬ৰ বাবে তেওঁ কমাণ্ডাৰ হিচাপে নিযুক্তি লাভ কৰে । মহাকাশ ষ্টেচনত ২৫, ২৬ এই দুয়োটা অভিযানৰ কাৰ্য্যভাৰ সুচাৰুৰূপে পালন কৰি ২০১১ বৰ্ষৰ ১১ মাৰ্চত কেলিয়ে পৃথিৱীলৈ ওভতে । এই অভিযানত পোনপ্ৰথমবাৰৰ বাবে তেওঁ শতাধিক দিন মহাকাশ ষ্টেচনত কটোৱাৰ অভিজ্ঞতা

আন্তৰ্জাতিক মহাকাশ ষ্টেচনৰ অভিযান ২৬ ৰ সময়ত স্কট কেলি আৰু তেওঁৰ সংগীবৃন্দ

আন্তৰ্জাতিক মহাকাশ ষ্টেচনৰ অভিযান ২৬ ৰ সময়ত স্কট কেলি আৰু তেওঁৰ সংগীবৃন্দ

আহৰণ কৰে । ইয়াৰ পিছতেই ২০১২ বৰ্ষৰ নৱেম্বৰ মাহত নাছা, ৰাছিয়ান মহাকাশ সংস্থা ৰছকছমছ আৰু দুটামান আন্তৰ্জাতিক সহযোগী সংস্থাই ২০১৫বৰ্ষত এক বছৰজোৰা মহাকাশ অভিযানৰ পৰিকল্পনা কৰিছিল । প্ৰকৃততে এই পৰিকল্পনাৰ মূল উদ্দেশ্যই আছিল ওপৰত উল্লেখ কৰি অহা যমজ অধ্যয়ন । এই অভিযানৰ বাবে নাছাই স্কট কেলি আৰু ৰছকছমছে তেওঁলোকৰ ফালৰপৰা মিখাইল কৰ্নিয়েক’ক নিৰ্বাচন কৰে । কেলি-কৰ্নিয়েক’ই মহাকাশ ষ্টেচন পোৱাৰ লগে লগে ষ্টেচনৰ অভিযান ৪৪ ৰ আৰম্ভণি হয় । পিছত অভিযান ৪৫ আৰু ৪৬ ৰ তেওঁ কমাণ্ডাৰৰ দায়িত্ব পালন কৰে । ইয়াৰ উপৰি, ২০০২ আৰু ২০০৫ বৰ্ষত তেওঁ সামুদ্ৰিক গৱেষণাগাৰত ক্ৰমে নিম’ ৪ আৰু নিম’ ৮ অভিযানটো অংশ লৈছিল ।

পৃথিৱীপৃষ্ঠৰ পৰা ৩৩০-৪৩৫ কিল’মিটাৰ উচ্চতাত অৱস্থিত আন্তৰ্জাতিক মহাকাশ ষ্টেচনত এবছৰ বাহৰ পতা কেলিয়ে ৫০০ তকৈও অধিকবাৰ পৃথিৱীৰ চৌদিশ পৰিভ্ৰমণ কৰে । এই দীঘলীয়া সময়ছোৱাত তেওঁ নিজৰ ঘাম আৰু প্ৰস্ৰাৱৰ পৰা পৰিশ্ৰুত প্ৰায় ২০০ গেলন পানী খাইছিল । আনফালে পৃথিৱীত থকা তেওঁৰ ভাতৃ মাৰ্ক কেলিয়ে এই গোটেই সময়ছোৱা এনেয়ে খাই-বহি বা নিজৰ গৱেষণা চলাই সময় কটোৱা নাছিল । তাৰ পৰিৱৰ্তে তেওঁ ‘যমজ অধ্যয়ন’ৰ বাবে নিজৰ তেজ, প্ৰস্ৰাৱ, লালটি ইত্যাদি সংগ্ৰহতো সময় দিছিল ।

স্কট কেলি আৰু মাৰ্ক কেলি

কেলি ভাতৃদ্বয় (বাওঁফালৰজন স্কট কেলি)

একে সময়তে নাছাই স্কটৰ পৰাও নমুনা সংগ্ৰহ কৰিছিল । অৱশ্যে পৃথিৱীত থকা মাৰ্কৰ নিচিনাকৈ স্কটে মহাকাশ ষ্টেচনৰ পৰা বিভিন্ন নমুনা পঠিওৱাটো ইমান সহজসাধ্য কাম নাছিল । স্কটে নিজৰ তেজ বা আন নমুনাবোৰ সংগ্ৰহ কৰি প্ৰথমে ঠাণ্ডা কৰি গোট খুৱাই সময়ে সময়ে পৃথিৱীলৈ ওভতা আন মহাকাশচাৰী অথবা মালবাহী মহাকাশযানৰ সৈতে পঠাই দিছিল । আনকি স্কটে যোৱা এপ্ৰিল মাহত নিজৰ মহাকাশচাৰী কৰ্মজীৱনৰ পৰা অৱসৰ ঘোষণা কৰাৰ পাছতো নাছাক যমজ অধ্যয়নৰ বাবে আৱশ্যকীয় নমুনা আৰু সহযোগিতা আগবঢ়াই যাব বুলি প্ৰকাশ কৰিছে ।

এইখিনিতে বহুতৰ মনলৈ এটা প্ৰশ্ন আহিব পাৰে । আন্তৰ্জাতিক মহাকাশ ষ্টেচনত এটা বছৰ কটোৱাৰ অভিজ্ঞতা কিদৰে মংগলপৃষ্ঠত কটোৱাৰ সমতুল্য হ’ব? মহাকাশ ষ্টেচনৰ অণুমাধ্যাকৰ্ষণিক (মাইক্ৰ’গ্ৰেভিটি) পৰিৱেশক মংগলগ্ৰহৰ পৰিৱেশৰ সৈতে ৰিজাব পাৰি জানো? … আচলতে মংগলগ্ৰহ অভিযানৰ বাবে গড় হিচাপত প্ৰায় তিনিবছৰৰ প্ৰয়োজন (অহা আৰু যোৱাৰ বাবে প্ৰায় ছমাহকৈ আৰু মংগলপৃষ্ঠত থাকিবলৈ বা পৃথিৱী, মংগল সমৰেখাত পৰাৰ অপেক্ষা কৰি প্ৰদক্ষিণ কৰোতে প্ৰায় ওঠৰ/বিশ মাহ) । তাৰ পৰিৱৰ্তে মহাকাশ ষ্টেচনত এটা সম্পূৰ্ণ বছৰ কটোৱাৰ অভিজ্ঞতাই বেছি তথ্য সদৰি কৰিব আৰু ই অযথা সময় তথা বিত্তীয় খৰছো ৰাহি কৰিব । তদুপৰি ভৱিষ্যতৰ দূৰণিবটীয়া ভ্ৰমণকালত যিহেতু দীঘলীয়া পথছোৱা শূন্যৰ মাজেৰেই পাৰ কৰিব লাগিব, গতিকে শূন্য মহাকাশৰ ভৰশূন্য পৰিৱেশৰ বিষয়ে ভালদৰে জানি থোৱাটোও নিতান্তই প্ৰয়োজনীয় ।

তাৎপৰ্য্যপূৰ্ণভাৱে এই যমজ ভাতৃদ্বয়ক লৈ বহুতৰ মনত আন এটা গুৰুত্বপূৰ্ণ তথা আমোদজনক প্ৰশ্নৰ উন্মেষ ঘটিছিল । প্ৰশ্নটোৰ গুৰি আইনষ্টাইনৰ বিশেষ আপেক্ষিকতাবাদৰ বিখ্যাত যমজ সাঁথৰৰ (twin paradox) লগত জড়িত । শতিকা পূৰ্বে আইনষ্টাইনে বিশেষ আপেক্ষিকতাবাদ তত্ত্বৰ ব্যাখ্যা আগবঢ়াওঁতে এহাল যমজ ভাতৃৰ বয়সক লৈ এই চিন্তা উদ্ৰেককাৰী প্ৰশ্নটো উত্থাপন হৈছিল । যমজ সাঁথৰটোৰ মতে এহাল যমজৰ এজনে কিছুদিন মহাকাশ ভ্ৰমণ কৰি উভতি আহিলে পৃথিৱীত থকা আনজন ভাতৃতকৈ তেওঁ ডেকা হৈ থাকিব । কাৰণ আপেক্ষিকতাবাদৰ তত্ত্ব অনুসৰি গতিশীল ব্যক্তিজনৰ চিন্তাধাৰা, বৃদ্ধি-বিকাশ, জীৱন প্ৰক্ৰিয়াকে ধৰি সমগ্ৰ দৈহিক ঘড়ীটোৰে গতি তেওঁৰ বেগৰ অনুপাতত হ্ৰাস পায় । অৱশ্যে সাঁথৰৰ আখ্যা পালেও এই সমস্যাটো বিশেষ আপেক্ষিকতাবাদ তত্ত্বৰ স্বাভাৱিক পৰিণতি । মাত্ৰ পৰিদৃশ্যমান জগতৰ ভিত্তিত গঢ়ি উঠা আমাৰ চিন্তাধাৰাৰ পৰিপন্থী বাবেহে সমস্যাটোৱে সাঁথৰৰ আখ্যা পাইছিল । পাৰমাণৱিক ঘড়ী ব্যৱহাৰ কৰি বিশেষ আপেক্ষিকতাবাদৰ সময় ৰাহি বা টাইম ডাইলেশ্বনৰ সত্যতা ইতিমধ্যে নিৰুপিত হৈছে যদিও তাত্ত্বিক দিশৰ পৰা উত্থাপিত এই যমজ সাঁথৰৰ সমস্যাটো এতিয়ালৈ বাস্তৱ ক্ষেত্ৰত সম্পৰীক্ষণৰ সুবিধা হোৱা নাছিল । কিন্তু কেলি ভাতৃদ্বয়ৰ যোগেৰে এতিয়া আইনষ্টাইনৰ ঐতিহাসিক সাঁথৰটোৰ সমতুল্য এহাল বাস্তৱ যমজ মহাকাশচাৰী পোৱা গৈছে । এতিয়া প্ৰশ্নটো হ’ল, মহাকাশ আৰু পৃথিৱীপৃষ্ঠত কটোৱা কেলি ভাতৃদ্বয়ৰ একেটা হাৰতে বয়স বাঢ়িব, নে এজন আনজনতকৈ ক্ষীপ্ৰ গতিত বাৰ্ধক্যৰ দিশে আগবাঢ়িব ? পিছে দুই ভাতৃৰ ক্ষেত্ৰত এতিয়া বয়সৰ যদি কিবা পাৰ্থক্য আহিছেও, সেয়া চকুতপৰা বিধৰ নহয় (জন্মসূত্ৰে মাৰ্ক ছয় মিনিট ডাঙৰ বাবে সেইখিনি হিচাপৰ পৰা বাদ দিব লাগিব) ।

যমজ সাঁথৰৰ লগত জড়িত এটা এনিমেশ্যন চিত্ৰ

যমজ সাঁথৰৰ লগত জড়িত এটা এনিমেশ্যন চিত্ৰ

কেলিয়ে মহাকাশ ষ্টেচনেৰে পৃথিৱীৰ চৌদিশে কৰা এবছৰীয়া প্ৰদক্ষিণকালত বেগ আছিল প্ৰায় ১৭০০০ মাইল/ঘন্টা (২৭০০০ কি.মি./ ঘন্টা) । কিন্তু আপেক্ষিকতাবাদ তত্ত্বৰ সঠিক প্ৰতিফলন ঘটে পোহৰসম গতিতহে । স্পষ্টভাৱে মহাকাশ ষ্টেচনৰ এই বেগ পোহৰৰ তুলনাত শামুকৰ বেগ সদৃশ । এই হিচাপত স্কটৰ দৈহিক ঘড়ীৰ গতি দিনে প্ৰায় ২৮ মাইক্ৰ’ছেকেণ্ডকৈ হ্ৰাস পাব । গতিকে ৩৪০ দিনত কেলিৰ মাত্ৰ কেইটামান মিলিছেকেণ্ড সময়হে ৰাহি হ’ব । বয়সৰ এনে সামান্য বঢ়া-টুটা বাহ্যিকভাৱে লক্ষ্য কৰাটো এতিয়ালৈ সম্ভৱ হোৱা নাই ।

মহাকাশীয় অভিযানত বয়সৰ ক্ষেত্ৰত পদাৰ্থবিজ্ঞানৰ তত্ত্ব উদ্ভুত যমজ সাঁথৰৰ প্ৰভাৱহে যে আশংকা কৰা হৈছে, তেনে নহয় । জীৱবিজ্ঞানৰ দিশৰপৰাও এটা পৰিঘটনাই মহাকাশচাৰীৰ বয়সত প্ৰভাৱ পেলাব পাৰে । অৱশ্যে এই প্ৰভাৱে যমজ সাঁথৰৰ ঠিক ওলোটাধৰণে ক্ৰিয়া কৰিব । এইক্ষেত্ৰত মহাকাশ পৰিভ্ৰমণ কৰা ব্যক্তিজনৰ বয়স পৃথিৱীত সময় কটোৱা আনজন লোকতকৈ বৃদ্ধিহে পাব । এইটো টেল’মিয়াৰ নামৰ কোষাংগণু এটাৰ লগত জড়িত । টেল’মিয়াৰবোৰ প্ৰতিটো ক্ৰম’জমৰ ডি. এন. এ. শৃংখলৰ প্ৰান্তীয় অংশ, ঠিক জোতাৰ ফিটাৰ দুয়োমূৰে থকা প্লাষ্টিকৰ টুপীটোৰ দৰে । জীৱবিজ্ঞানীসকলে ঠাৱৰ কৰিছে যে টেল’মিয়াৰে মানুহৰ বয়স নিৰ্ণয়ত প্ৰভাৱ পেলায় । কাৰণ ডি. এন. এ.ই প্ৰতিবাৰ প্ৰতিলিপি (replicate) কৰোতে আৰু নতুন কোষলৈ শৃংখল এটা নকল কৰোতে টেল’মিয়াৰৰ দৈৰ্ঘ্য হ্ৰাস পায় । যেতিয়া টেল’মিয়াৰবোৰৰ দৈৰ্ঘ্য যথেষ্ট হ্ৰাস পায়, ডি. এন. এ.ৰ প্ৰতিলিপি প্ৰস্তুতকৰণ প্ৰক্ৰিয়া বন্ধ হয় আৰু মানুহজনৰ দেহ ক্ষয় হোৱাৰ উপৰি কৰ্কট ৰোগৰ সম্ভাৱনাই দেখা দিয়ে । বিজ্ঞানীসকলে আশংকা কৰা অনুসৰি মহাকাশ ষ্টেচনত কটোৱা সময়কালত বিকিৰণ, ভৰশূন্যতা, খাদ্যাভ্যাসৰ পৰিৱৰ্তনে স্কটৰ টেল’মিয়াৰৰ দৈৰ্ঘ্যৰ হ্ৰাসকৰণ প্ৰক্ৰিয়া আনজন ভাতৃ মাৰ্কৰ তুলনাত ত্বৰান্বিত কৰিব । গতিকে সেইফালৰ পৰা চাবলৈ গ’লে স্কট মাৰ্কতকৈ আগতেই বুঢ়া হ’ব । পিছে টেল’মিয়াৰৰ দৈৰ্ঘ্য হ্ৰাসে বয়স বৃদ্ধিৰ গতি কিমানখিনি দ্ৰুততৰ কৰিব, সেয়া এতিয়াও কৌতুহলৰ বিষয় । নে প্ৰকৃতিৰ সুনিপুণ আৰ্হিত যমজ সাঁথৰত ৰাহি হোৱা সময়খিনি টেল’মিয়াৰে খৰছ কৰি প্ৰকৃত বয়সক অকণো হেৰফেৰ হ’ব নিদিয়ে ? ভৱিষ্যতে নিশ্চয় মানৱ জাতিৰ ওচৰত এনে পৰিঘটনাবোৰ অধিক স্পষ্ট হৈ পৰিব ।

পুনৰ স্কটৰ কথালৈ উভতি আহিছোঁ । স্কট কেলিৰ নিচিনা মহাকাশচাৰীবোৰে বিভিন্ন গৱেষণা, অনুসন্ধানৰ মূৰকত কি পায় বাৰু? গোটেই ভ্ৰমণকালছোৱা তেওঁলোকৰ বাবে এক সম্পূৰ্ণ শান্তিপূৰ্ণ, বিলাসী আৰু আনন্দদায়ক জীৱন নেকি? বাস্তৱক্ষেত্ৰত কিন্তু ইয়াৰ চিত্ৰখন সম্পূৰ্ণ ওলোটা । মহাকাশ ভ্ৰমণৰ বিনিময়ত এইসকল মহাকাশচাৰী নানান ধৰণৰ ৰোগ, সমস্যাহে আকোঁৱালি ল’ব লগা হয় । ইয়াৰ ভিতৰত মাইক্ৰ’গ্ৰেভিটি বা অণুমাধ্যাকৰ্ষণিক পৰিৱেশৰ বাবে হোৱা সমস্যাই সৰহ । এই সমস্যাসমূহৰ ৩২টাক নাছাক মূল সমস্যা বুলি চিহ্নিত কৰিছে । সন্দেহ নাই যে তেনে পৰিৱেশত স্থায়ী বসতিৰ প্ৰাথমিক চৰ্ত হ’ব এই সমস্যাসমূহৰ সৈতে মোকাবিলা কৰা । তলত কেইটামান মূল সমস্যা উল্লেখ কৰিছোঁ ।

১) দৃষ্টিজনিত সমস্যা । মহাকাশীয় ভ্ৰমণকালত অধিকাংশ মহাকাশচাৰীয়েই এই সমস্যাটোৰ সন্মুখীন হোৱা দেখা যায় । বিজ্ঞানীসকলে দৃষ্টিশক্তি লোপ পোৱাৰ প্ৰকৃত কাৰণ এতিয়াও বিচাৰি পোৱা নাই যদিও কেইবাটাও সম্ভাৱ্য কাৰণ সন্দৰ্ভত গৱেষণা অব্যাহত ৰাখিছে । ভৰশূন্যতাৰ ফলত দেহৰ উৰ্ধ্বাংশত বৃদ্ধি পোৱা তৰলে চকুত চাপৰ সৃষ্টি কৰিব পাৰে । এইক্ষেত্ৰত মহাকাশীয় বিকিৰণো সন্দেহৰ আৱৰ্তত আছে । দৃষ্টিশক্তিজনিত সমস্যা সঘনে দেখা যায় বাবেই আন্তৰ্জাতিক মহাকাশ ষ্টেচনে বিভিন্ন বিৱৰ্ধন ক্ষমতাৰ গ্লাছবোৰ মজুত ৰাখে ।

উল্লেখযোগ্য যে স্কট কেলিয়েও প্ৰায় প্ৰতিটো ভ্ৰমণকালতে দৃষ্টিজনিত সমস্যাৰ সন্মুখীন হৈছিল ।

২) মাইক্ৰ’গ্ৰেভিটিৰ ফলত সন্মুখীন হোৱা কিছুমান সমস্যা বুজাটো বিশেষ কঠিন নহয় । পৃথিৱীত থাকিলে মানৱদেহৰ তৰল পদাৰ্থবোৰ মাধ্যাকৰ্ষণে সঠিকভাৱে দেহৰ নিম্নাংশলৈ প্ৰৱাহিত কৰে । কিন্তু মহাকাশত তৰল পদাৰ্থবোৰ দেহৰ ওপৰ অংশতে থাকি যোৱাৰ প্ৰৱণতা বেছি আৰু এনেভাৱে নানান স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে । তদুপৰি, যেতিয়া খোজ কাঢ়িবৰ সময়ত হাঁড় আৰু মাংসপেশীয়ে ভৰ বহন কৰিবলগীয়া নহয়, সেইবোৰ ক্ৰমান্বয়ে নিশকতীয়া হৈ পৰে । হাঁড়বোৰ ক্ষীণায়, মাংসপেশীৰ ভৰ কমে । এই সমস্যাটো নোহোৱা কৰিবলৈ আন্তৰ্জাতিক মহাকাশ ষ্টেচনৰ মহাকাশচাৰীসকলে গড় হিচাপত দৈনিক প্ৰায় দুঘন্টা ব্যায়াম কৰিবলগীয়া হয়, ভৰৰোধী প্ৰশিক্ষণ চলাবলগীয়া হয় । কিন্তু এই সকলোবোৰ শ্ৰমৰ সত্ত্বেও মহাকাশচাৰীসকলে প্ৰতিমাহে প্ৰায় ১.৫ শতাংশ হাঁড়ৰ ভৰ হেৰুৱায় ।

৩) ‘ছাৰ্লি ব্ৰাউন প্ৰভাৱ’ নামৰ সমস্যাটোও মহাকাশচাৰীসকলৰ বাবে খুবেই পৰিচিত । ইয়াৰ ফলত মহাকাশচাৰীসকলৰ মুখমণ্ডল স্বাভাৱিকতকৈ বেছি ঘূৰণীয়া হোৱা দেখা যায় ।

৪) নাছাৰ হিউমেন ৰিচাৰ্ছ প্ৰগ্ৰেমৰ মূল বিজ্ঞানী শ্বেলমাৰে কোৱা অনুসৰি মহাকাশৰ পৰা ওভতাৰ পিছত দেখা দিয়া আন এটা গুৰুতৰ সমস্যা হৈছে বৃক্কৰ পাথৰ । তেজৰ সোঁতত কাৰ্বন অক্সেলেটৰ গাঢ়তা বৃদ্ধিৰ ফলত বৃক্কত পাথৰৰ সৃষ্টি হয় ।

৫) আটাইবোৰ সমস্যাৰ ভিতৰত হয়তো সবাতোকৈ ডাঙৰ সমস্যাটো হ’ল মহাকাশৰ ভৰশূন্য পৰিৱেশত হোৱা এক অস্বস্তিকৰ অনুভূতি । ইয়াৰ সঠিক কাৰণ আৰু প্ৰভাৱ অস্পষ্ট । হয়তো মাইক্ৰ’গ্ৰেভিটি পৰিৱেশত পেথ’জেন আৰু মানুহৰ অসংক্ৰাম্যতাৰ (immune system) বেলেগধৰণে আন্তঃক্ৰিয়া হয় বাবে এনে হ’ব পাৰে । আনকি দেহৰ সমস্ত ভৰ বিছনাত পেলাই শুবৰ সময়ত পৃথিৱীত যিধৰণৰ এটা সন্তোষজনক আৰু ক্লান্তিনাশক অনুভৱ হয়; মহাকাশত সেই স্বস্তিকৰ, আকাংক্ষিত অনুভূতিটো পোৱা নাযায় । কিয়নো ভৰশূন্য বা অণুমাধ্যাকৰ্ষণিক পৰিৱেশত শুবৰ সময়তো শূন্যত ওপঙি থকা যেনেই লাগে ।

বহুবছৰ ধৰি গৱেষকসকলে ভাবিছিল যে মহাকাশ ষ্টেচনৰ অণুমাধ্যাকৰ্ষণিক পৰিৱেশত দেখা দিয়া প্ৰায়ভাগ সমস্যা বিশেষ গুৰুতৰ নহয় আৰু পৃথিৱীলৈ উভতিলে এনেবোৰ সমস্যা আপোনাআপুনি আঁতৰ হ’ব । কিন্তু সম্প্ৰতি এই সমস্যাবোৰে মহাকাশচাৰীৰ দেহত স্থায়ীভাৱে খোপনি পোতাত এনে সমস্যাক প্ৰতিহত কৰাৰ আৱশ্যকতাও অধিক বৃদ্ধি পাইছে ।

নাছাৰ যমজ অধ্যয়নৰ অংশীদাৰ হোৱাটোৱেই স্কটৰ জনপ্ৰিয়তাৰ একমাত্ৰ কাৰণ নহয় । মহাকাশ ষ্টেচনত মাত্ৰ কেইজনমান সংগীৰ সৈতে এটা বছৰ কটাই দিলেও কেলি মানৱ সমাজৰ পৰা বিচ্ছিন্ন সম্পূৰ্ণ নিৰ্জন জীৱন-যাপন কৰা নাছিল । ছ’চিয়েল মিডিয়াত কেলি খুবেই সক্ৰিয় লোক । পৃথিৱীপৃষ্ঠৰ পৰা ২৫০ মাইল উচ্চতাত অৱস্থান কৰি কেলিয়ে পৃথিৱী আৰু আন নভোমণ্ডলীয় বস্তুৰ অসংখ্য মনোৰম তথা বিৰল চিত্ৰ তুলিছিল । তেওঁৰ নিকন ডি ৪ কেমেৰাৰে তোলা পৃথিৱীৰ চিত্রসমূহ টুইটাৰত আপলোড কৰাৰ লগে লগে ব্যাপক জনপ্ৰিয়তা লাভ কৰা দেখা গৈছে । এনেদৰে তেওঁ এজন দক্ষ ফটোগ্ৰাফাৰ হিচাপেও বিশ্ববাসীৰ আগত পৰিচিতি লাভ কৰিছে । গোটেই ভ্ৰমণকালছোৱা তেওঁ যেনিবা এজন মহাকাশীয় সাংবাদিকৰহে ভূমিকা ল’লে । বিশেষকৈ মহাকাশ ষ্টেচনৰ মাইক্ৰ’গ্ৰেভিটি পৰিৱেশত হোৱা প্ৰথম ফুল জিনিয়াৰ চিত্ৰও কেলিয়েই প্ৰথম পৃথিৱীবাসীলৈ পঠাইছিল । তেওঁ ফেচবুক আৰু ৰেডিটৰ ‘আমাছ’ (AMAs-Ask Me Anything Sessions) শীৰ্ষক অনুষ্ঠানবোৰতো অংশ লৈছিল ।

শেষত স্কট কেলি আৰু তেওঁৰ সংগী মিখাইল কৰ্নিয়েক’ক বছৰজোৰা মহাকাশ অভিযানৰ পৰা সফল প্ৰত্যাৱৰ্তনৰ বাবে আমি আন্তৰিক অভিনন্দন জনালোঁ । আগন্তুক দিনত যমজ অধ্যয়নৰ পৰা আহৰণ কৰা ফলাফললৈ আমি আগ্ৰহেৰে বাট চাই ৰ’ম, যি ফলাফলে হয়তো ভৱিষ্যতৰ আন্তঃগ্ৰহীয় অভিযানৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব ।

সংযোজন : ইমানপৰে স্কট কেলিৰ কথা আলচ কৰি তেওঁৰ কেমেৰাৰ কেইখনমান ফটোগ্ৰাফ সন্নিৱিষ্ট নকৰিলে এই লেখাই পূৰ্ণতা নাপাব । গতিকে এইছেগতে তেওঁ মহাকাশত তোলা কেইখনমান অপূৰ্ব চিত্ৰ চাই লওঁ আহক । অধিকাংশ চিত্ৰ আমাৰ পৃথিৱীখনৰে কোনো অঞ্চলৰ যদিও দেখিলে তেনে অনুভৱেই নহয় । সাধাৰণতে মহাকাশৰ পৰা আমাৰ পৃথিৱীখন নীলা আৰু সেউজীয়া বৰণৰ দেখা যায়, যিয়ে দৰাচলতে ভূপৃষ্ঠৰ দুই মূল উপাদান পানী আৰু মাটিক প্ৰতিনিধিত্ব কৰে । কিন্তু পৃথিৱীৰ মেৰু, বালিময় মৰুভূমি, ক্ৰান্তীয় আদি বিভিন্ন অঞ্চলবোৰ মহাকাশৰ পৰা নীলা-সেউজীয়া বৰণৰ বাদেও বিচিত্ৰ ৰঙ-বিৰঙৰ আৰু অধিক আকৰ্ষণীয় দেখা যায় । এইক্ষেত্ৰত অঞ্চলটোৰ জলবায়ু, ডাৱৰ, প্ৰদূষণৰ মাত্ৰা, আপতিত সূৰ্য্যৰ ৰশ্মি ইত্যাদিয়েও প্ৰভাৱ পেলায় । ফলস্বৰূপে কেলিৰ কেমেৰাত বন্দী এই চিত্ৰবোৰ দেখিলে পৃথিৱীৰ কোনো অঞ্চলবিশেষৰ চিত্ৰ যেন লগাতকৈ কোনোবা প্ৰখ্যাত চিত্ৰকৰৰ প্ৰখ্যাত সৃষ্টিকৰ্ম যেনহে অনুভৱ হয় ।

বাহামাৰ নীলা ৰং

বাহামাৰ নীলা ৰং

আফ্ৰিকাৰ ক্ৰান্তীয় অঞ্চল

আফ্ৰিকাৰ ক্ৰান্তীয় অঞ্চল

হালধীয়া মৰুভূমি

হালধীয়া মৰুভূমি

ইজিপ্তৰ কমলা ৰং

ইজিপ্তৰ কমলা ৰং

ৰঙীন আশ্চৰ্য্য

ৰঙীন আশ্চৰ্য্য

বৰফৰ বগা ৰং

বৰফৰ বগা ৰং

আলজেৰিয়াৰ তাছিলি এন্আজ্জেনি ৰাষ্ট্ৰীয় উদ্যান

আলজেৰিয়াৰ তাছিলি এন্আজ্জেনি ৰাষ্ট্ৰীয় উদ্যান

ইজিপ্ত... টুইটাৰত কেলিয়ে লিখিছিল- "# Good morning #Egypt Your colour never cease to amaze!"

কেৰিবিয়ান দীপপুঞ্জ… টুইটাৰত কেলিৰ টুইট- “#Bahamas, the stroke of your watercolours are always a refreshing sight.”

কেৰিবিয়ান দীপপুঞ্জ

ইজিপ্ত… টুইটাৰত কেলিয়ে লিখিছিল- “# Good morning #Egypt Your colour never cease to amaze!”

হাৰিকেন পেট্ৰিচিয়া

হাৰিকেন পেট্ৰিচিয়া

মাইক্ৰ'গ্ৰেভিটিত বিকশিত জিনিয়া ফুল

এইটো মাইক্ৰ’গ্ৰেভিটিত বিকশিত প্ৰথম ফুল জিনিয়া । কেলিয়ে যোৱা জানুৱাৰী মাহৰ ১৬ তাৰিখে এই ঐতিহাসিক চিত্ৰখন পঠাইছিল । চিত্ৰত একেলগে কেলিৰ টুইটটোও দেখা গৈছে ।

ইয়াত দেখা হালধীয়া ৰঙৰ পটিটো সূৰ্য্যৰশ্মিৰ বায়ুমণ্ডলত হোৱা প্ৰতিফলনৰ ফল । কেলিৰ টুইট - "Day 207, dusk over the Indian Ocean with a yellow band on the horizon"

ইয়াত দেখা হালধীয়া ৰঙৰ পটিটো সূৰ্য্যৰশ্মিৰ বায়ুমণ্ডলত হোৱা প্ৰতিফলনৰ ফল । কেলিৰ টুইট – “Day 207, dusk over the Indian Ocean with a yellow band on the horizon”

মেৰুপ্ৰভা

মেৰুপ্ৰভা

আফ্ৰিকাক মহাকাশৰ পৰা বেঙুনীয়া ৰঙত দেখা গৈছে

আফ্ৰিকাক মহাকাশৰ পৰা বেঙুনীয়া ৰঙত দেখা গৈছে

কেলিয়ে এই অভিনৱ ফটোখনত পৃথিৱী আৰু হাতীপটি একেটা ফ্ৰেমতে বন্দী হৈছে

কেলিৰ এই অভিনৱ চিত্ৰখনত পৃথিৱী আৰু হাতীপটি একেটা ফ্ৰেমতে বন্দী হৈছে

এই প্ৰৱন্ধটি ‘গণিতচ’ৰা’ত প্ৰকাশ পাইছে ।

Advertisements

মন্তব্য প্ৰদান কৰক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s