“An ant can’t define shape of an elephant solely from its’ point of view. They have to unify all views. ” – Toba Beta
অসমত থাকি আমি অসমীয়াসকলে সাধাৰণতে আমাৰ জাতিটোৰ বিভিন্ন সমস্যা, বিভিন্ন নেতিবাচক দিশ সম্পৰ্কেহে বেছি চিন্তা-চৰ্চা কৰোঁ । তাতে এতিয়া বিশ্বায়নৰ যুগত নিজৰটোক অৱজ্ঞা কৰি আনৰ সংস্কৃতি, ৰীতি-নীতিবোৰ হকে-বিহকে অনুকৰণ কৰা মানুহো যথেষ্ট ওলাইছে । আনৰ পৰা ভালখিনি আমি শিকিব লাগিবই । কিন্তু একে সময়তে আমি আমাৰ ইতিবাচক দিশসমূহ বৰ্তাই ৰখাটোও গুৰুত্বপূৰ্ণ নহয়নে, যিবোৰ স্বকীয় গুণ হয়তো আনৰ বাবেও ঈৰ্ষাৰ কাৰণে হ’ব পাৰে? অভ্যস্ত হৈ যোৱা বাবে আমাৰ ভাল দিশসমূহ হয়তো আমাৰ চকুত নপৰিব পাৰে, কিন্তু অইন মানুহে বিশ্লেষণ কৰিলে আমাৰ জাতিটোৰো ভালেমান ইতিবাচক দিশ উন্মোচিত হৈ পৰে (এই লেখাটোৰ জৰিয়তে মই মাত্ৰ এটা ইতিবাচক দিশসম্পৰ্কেহে আলোচনা কৰিম 😄) ।
যোৱা বছৰ মই কোচ্ছিং কৰা প্ৰতিষ্ঠান কনছেপ্ট এডুকেচনৰ শাখাসমূহ প্ৰায় অনা-অসমীয়া শিক্ষকেৰে (মূলতঃ বিহাৰৰ) গিজগিজাই আছে । সেই সময়ছোৱাত কনছেপ্টৰ চি. ই. অ’. অভিজিৎ দত্ত ছাৰৰ বাদে আন এজনো অসমীয়া শিক্ষকে আমাক পঢ়ুওৱা নাছিল । সেই হিন্দীভাষী ছাৰহঁতৰ লগত কথা পাতোতে প্ৰসংগক্ৰমে তেওঁলোকৰ দৃষ্টিত বা তেওঁলোকৰ নিজা ৰাজ্যখনৰ তুলনাত অসমখন কেনে, সেইসম্পৰ্কেও কেতিয়াবা মন্তব্য দিছিল । আমাৰ বাবে আনন্দৰ কথা যে ছাৰহঁতে বিহাৰ বা উত্তৰ ভাৰতৰ ৰাজ্যকেইখনৰ তুলনাত অসমীয়া সমাজ কিছুমান ক্ষেত্ৰত বহুতখিনি আধুনিক আৰু সভ্য বুলি স্বীকাৰ কৰিছিল । আচৰিত কথাটো হ’ল যে বিহাৰৰ পৰা অহা ছাৰহঁতৰ নিজ ৰাজ্যখনৰ প্ৰতি কোনোধৰণৰ আনুগত্যৰ ভাৱ ফুটি উঠা দেখা নাপালোঁ । দুজনকৈ ছাৰৰ মুখত শুনিলোঁ, তেওঁলোকৰ ৰাজ্যত যৌতুকপ্ৰথাৰ দৰে নীচ সামাজিক প্ৰথাবোৰ কিমান গভীৰভাৱে শিপাই আছে । তেওঁলোকৰ ফালে ছোৱালীক বিয়া দিবৰ সময়ত হেনো দৰাঘৰে কেবালাখ টকাৰ ধন দাবী কৰে । বহুতে আকৌ আগতীয়াকৈ গাড়ী-ঘোঁৰাও বন্দোৱস্ত কৰি লয় । এনে কাৰণতে সেইবোৰ ৰাজ্যত কন্যাদান কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান ! তেনেক্ষেত্ৰত যিসকলৰ ঘৰত দুই-তিনিজনী কন্যা সন্তান আছে, সেইখন ঘৰ হেনো পিছলৈ দেউলীয়া হ’বলৈ গৈ আছে বুলি প্ৰায় নিশ্চিত হয়গৈ ! সেইবাবেই এতিয়া বিহাৰৰ দৰে অনুন্নত ৰাজ্যৰ পৰা যিখিনি শিক্ষিত চাম ওলাইছে, তেওঁলোকৰ প্ৰায়ভাগেই কৰ্মসূত্ৰে নিজৰ জন্মঠাইৰ পৰিৱৰ্তে অইন অঞ্চলত থকাটো পছন্দ কৰে । এটা কথা অধিকাংশৰে জ্ঞাত যে বিহাৰৰ পৰাই সৰ্বাধিকসংখ্যক আই.আই.টিয়ান, অসামৰিক সেৱাৰ উচ্চপদস্থ বিষয়াসমূহ ওলায় । তথাপিও ৰাজ্যখন দাৰিদ্ৰতাৰ কৱলৰ পৰা মুক্ত হোৱা নাই কিয়? জীৱনধাৰণৰ মানদণ্ড, শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত এতিয়াও ইমান পিছপৰি ৰৈছে কিয়? কাৰণটো এবাৰ ওপৰত উল্লেখ কৰিছোঁৱেই । ৰাজ্যখনৰ শিক্ষিতচামৰ অধিকাংশই জন্মভূমিৰ পৰিৱেশত নিজকে খাপ খুৱাব নোৱাৰি অইন ঠাইলৈ উঠি আহে । গতিকে বিহাৰখন মূলতঃ অশিক্ষিত মানুহৰহে বসতিস্থল হৈ ৰৈছেগৈ ।
এতিয়া তেওঁলোকে অসমীয়াসকলৰ মাজতনো কি ভাল দিশ দেখা পালে? এজন ছাৰে গুৱাহাটীৰ এখন বিয়াত উপস্থিত থকাৰ কথা উল্লেখ কৰিছিল । তেওঁ অসমীয়াসকলৰ জোৰণ দিয়াৰ দৰে প্ৰথাবোৰ দেখি অভিভূত হ’ল । তেওঁ খুব আকুলভাৱে প্ৰকাশ কৰিলে, “ইয়াত কইনাঘৰৰ পৰা যি দিয়ে, সেয়াই লয়, দৰাঘৰে একো দাবী-হুমকি নকৰে” । তেওঁৰ কথাৰ সুৰত এনে এক প্ৰতিচ্ছবি ফুটি উঠিল যেন জীৱনত এনে এখন বিয়া প্ৰথম দেখা পাইছে । গতিকে উমান পাব পাৰি; বিহাৰ, ঝাৰখণ্ডৰ দৰে ৰাজ্যবোৰতকৈ বিয়া-বাৰুৰ দৰে সামাজিক প্ৰথাসমূহ আমাৰ ৰাজ্যত ভালেখিনি উন্নত । অসমীয়া সমাজৰ প্ৰথাবোৰ সম্পূৰ্ণ শুদ্ধ বুলি কোৱাটো হয়তো ভুল হ’ব, কিন্তু ভাৰতবৰ্ষৰ অধিকাংশ অঞ্চলৰ তুলনাত আমাৰ ব্যৱস্থা উন্নত বুলিব পাৰি ।
কথাখিনি মনলৈ আহিল বিহুমঞ্চত আয়োজক কমিটিৰ এচাম নিকৃষ্ট মানসিকতাৰ লোকে শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰি থাকোঁতেই টকাৰ নোট ছটিওৱা দেখা পাই । শিল্পী মানস ৰবীন আৰু সীমান্ত শেখৰৰ সংগীতানুষ্ঠানত এনে কাণ্ড সংঘটিত হৈছে । এনে কাম কৰা মানুহকেইজন অনা-অসমীয়াই হ’ব বুলি অনুমান কৰিছোঁ । সংবাদ মাধ্যমতো এইবুলি সমালোচনা কৰা হৈছে যে সাধাৰণতে বিহাৰৰ দৰে ৰাজ্যত দেখা এনে অপসংস্কৃতিবোৰ এতিয়া অসমলৈও বিয়পিল । যিসময়ত এচাম বিহাৰী লোকে অসমীয়াসকলৰ চহকী সংস্কৃতি, ঐতিহ্য-পৰম্পৰাক লৈ প্ৰশংসাত গদগদ হৈছে; তেনেসময়ত অসমীয়া অনুষ্ঠানত অইন ৰাজ্যৰ অপকাণ্ড চলিবলৈ লোৱাটো চিন্তনীয় বিষয় । এটা জাতিয়ে অইন এটা জাতি বা অঞ্চলৰ ভাল দিশখিনিহে আঁকোৱালি লোৱা উচিত, তেওঁলোকৰ বেয়াখিনি নহয় । বিহাৰত ইতিমধ্যে সুৰাৰ প্ৰচলন নিষিদ্ধ কৰিছে, অসম চৰকাৰে অন্ততঃ এইটো ব্যৱস্থা অনুসৰণ কৰিব পাৰে ।