ইথাৰ আৰু সৃজনীশীলতা

(১)

দুহাজাৰ বছৰৰো বেছি আগৰপৰাই কিছুসংখ্যক গ্ৰীক পণ্ডিতে বিশ্বাস কৰিছিল যে আমি শূন্য বুলি কোৱা বা ভবা মহাকাশৰ গোটেই অঞ্চল আচলতে এক অদৃশ্য মাধ্যমে আগুৰি আছে । এই কাল্পনিক মাধ্যমটোক তেওঁলোকে ‘ইথাৰ’ নাম দিছিল । কেইবাশতিকাও বাগৰিল, কিন্তু কোনোৱে ইথাৰৰ অস্তিত্বক যুক্তিসহকাৰে প্ৰমাণ কৰিব নোৱাৰিলে অথবা মহাকাশ সম্পূৰ্ণ শূন্য বুলিও দেখুৱাব নোৱাৰিলে । পিছলৈ মহাকৰ্ষণ তত্ত্বৰ জনক ছাৰ আইজাক নিউটনে ইথাৰৰ ধাৰণাটোক মুকলিকৈ সমৰ্থন নকৰিলেও নিজৰ সূত্ৰৰ দুৰ্বলতাখিনিৰ বাবেই ইয়াৰ অস্তিত্বক অস্বীকাৰ কৰিব পৰা নাছিল । তেওঁৰ মহাকৰ্ষণ সূত্ৰই ওচৰা-ওচৰি বস্তুৰ পৰা আদি কৰি লক্ষ-লক্ষ কিলোমিটাৰ দূৰত থকা গ্ৰহ-নক্ষত্ৰৰ মাজৰ আকৰ্ষণী বলৰো সঠিক হিচাপ দিবলৈ সক্ষম হৈছিল । গতিকে যি অভিনৱ উপায়েৰে নিউটনে এটা সহজ-সৰল গাণিতিক প্ৰকাশৰাশি ব্যৱহাৰ কৰি সকলো বস্তুৰ মাজৰ আকৰ্ষণী বলৰ ব্যাখ্যা আগবঢ়ালে, সেইদিশৰপৰা এই সূত্ৰৰ দুৰ্বলতাটো নায়েই, বৰং যথেষ্ট চমকপ্ৰদ আৰু অভূতপূৰ্ব আছিল । কিন্তু দুৰ্বল দিশটো হ’ল- এই মহাকৰ্ষণ বলৰ অন্তৰালত থকা কাৰ্য্যপ্ৰণালীৰ (mechanism) তেওঁ কোনো মনঃপূত ব্যাখ্যা আগবঢ়াব পৰা নাছিল । কেনেকৈনো মাজত একো এটা মাধ্যম নোহোৱাকৈ ইমান দূৰত থকা দুটা গ্ৰহ বা তৰা মহাকৰ্ষণ বলেৰে বান্ধ খাই থাকে? সহজভাৱে তেওঁ ‘দূৰ-ক্ৰিয়া’ (action at a distance) ধাৰণাটোৰ জন্ম দিয়েই কথাটো সামৰি থ’লে । কিন্তু মহাকাশখন সম্পূৰ্ণৰূপে শূন্য বুলি ধৰাতকৈ ইথাৰ নামৰ মাধ্যমটো থকা বুলি ধৰি ল’লে ‘দূৰ-ক্ৰিয়া’ৰ ধাৰণাটো হয়তো অধিক যুক্তিসংগত হ’ব । অন্ততঃ ইথাৰ মাধ্যমটোৰ মাজেৰেই কেনেবাকে বহুদূৰৰ বস্তু দুটাৰ মাজতো আকৰ্ষণ হয় বুলি ভাবি থ’ব পাৰি । এই ক্ষীণ আশাটোৱেই নিউটনক কিছুদূৰ ইথাৰবিশ্বাসী কৰি তুলিছিল ।

কুৰি শতিকাৰ আৰম্ভণি কালছোৱালৈ পোহৰৰ দুৰ্বোধ্য চৰিত্ৰয়ো বিজ্ঞানীসকলক যথেষ্ট সমস্যাত পেলাইছিল । কাৰোবাৰ মতে পোহৰ এবিধ কণিকা, আন কাৰোবাৰ মতে আকৌ ই এবিধ তৰংগহে । এনে দ্বিমতৰ মূল কাৰণটো আছিল- পোহৰৰ কিছুমান ধৰ্ম কণিকা অৱতাৰেৰে ব্যাখ্যা কৰিব পাৰি, কিন্তু আন কিছুমান ধৰ্ম ইয়াৰ তৰংগৰূপী অৱতাৰেহে সঠিক ব্যাখ্যা দিয়ে ।

পিছলৈ মেক্সৱেলৰ দৰে বিজ্ঞানীসকলৰ আৱিষ্কাৰে পোহৰক এক বিদ্যুৎচুম্বকীয় তৰঙ্গ বুলি প্ৰতিপন্ন কৰিলে । তৰংগ বুলিলেই সকলোৱে বুজে যে ই মাধ্যম এটাৰ কণিকাসমূহৰ দোলনৰ জৰিয়তে এঠাইৰ পৰা আন ঠাইলৈ শক্তি সঞ্চালনৰ বাহিৰে একো নহয় । গতিকে সেইফালৰ পৰা মাধ্যম অবিহনে তৰংগ অস্তিত্বহীন । যদি পোহৰ একপ্ৰকাৰৰ তৰংগই হয়, ইনো কেনেকৈ সূৰ্য্যৰ পৰা বাট কুৰি বাই কোনো মাধ্যম নোহোৱাকৈ শূন্যৰ মাজেৰে পৃথিৱীলৈ আহে? এনে প্ৰেক্ষাপটত পুনৰাই ইথাৰৰ প্ৰসংগ উত্থাপন ! সমিধান হিচাপে কেইজনমান বিজ্ঞানীয়ে পৰামৰ্শ আগবঢ়াইছিল যে গোটেই শূন্য আগুৰি দৰাচলতে ইথাৰ নামৰ মাধ্যম এটা আছে । সূৰ্য্য বা আন তৰাবোৰৰ পৰা পোহৰে সেইটো মাধ্যমেৰেহে আমাৰ ওচৰ পায় ।

এনেদৰে ইথাৰে এই সমস্যাটো কিছুদূৰ সমাধান কৰিলে যদিও একে সময়তে ইয়াৰ বহুখিনি দুৰ্বলতাও চকুত পৰিল । নানানটা পৰস্পৰবিৰোধী গুণে ইথাৰৰ অস্তিত্বক পুনৰবাৰ সন্দেহৰ আৱৰ্ত্তলৈ আনিলে । যি কি নহওক, প্ৰায় দুহাজাৰ বছৰধৰি বিশ্বাস-অবিশ্বাসৰ দোমোজাত থকাৰ পিছত কুৰি শতিকাৰ আৰম্ভণিতে মাইকেলছন-মৰ্লিৰ বিখ্যাত পৰীক্ষাটো আৰু তাৰ পিছতে জন্ম লোৱা আপেক্ষিকতাবাদ তত্ত্বই ইথাৰৰ অস্তিত্ব সমূলঞ্চে নস্যাৎ কৰিলে ।

(২)

প্ৰায় প্ৰতিটো দিনতে, প্ৰতিটো সময়তে এচাম সৃজনীশীল লোকে নতুন কিবা সৃষ্টিৰ সাধনাত নিমগ্ন হৈ আছে । সেয়া গল্প, কবিতা, চিত্ৰ, গীত, উপন্যাসৰ পৰা আদি কৰি বিভিন্ন বিষয়ৰ গৱেষণাক্ষেত্ৰখনো হ’ব পাৰে । প্ৰকৃতপক্ষে নিজাববীয়া চিন্তা-চৰ্চা, হেঁপাহ আৰু উৎসাহ থকা যিকোনো কৰ্মক্ষেত্ৰৰ মানুহেই তেওঁৰ কামখিনি সৃজনীশীলভাৱে সজাই পৰাই তুলিব পাৰে ।

এতিয়া কথা হ’ল; এই যে নতুন নতুন গল্প-কবিতা, উপন্যাস, চিনেমা, গীত আদিবোৰ ওলাই আছে; এইবোৰনো ক’ৰ পৰা আহি আছে? যদি সেই গল্পটো, গীতটো বা কিতাপখন লিখা মানুহজন জন্মই নহ’লহেঁতেন; সেইবোৰ ক’ত হেৰাই থাকিলহেঁতেন? যদি ভূপেন হাজৰিকাদেৱৰ জন্মই নহ’লহেঁতেন, আমি কাহানিও তেওঁৰ “মানুহে মানুহৰ বাবে…” বা অন্যান্য অমৰ সৃষ্টিসমূহৰ সোৱাদ ল’ব নোৱাৰিলোঁহেঁতেন । আৰ্থাৰ কনান ডয়লৰ জন্ম নহ’লে আমাৰ বাবে শ্বাৰ্লক হ’মছ্ নামৰ বিখ্যাত, আকৰ্ষণীয় চৰিত্ৰটোৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন । তেনেদৰে জে. কে. ৰাউলিং অবিহনে হেৰি পটাৰো অস্তিত্বহীন । অৰ্থাৎ আমাৰ অস্তিত্বত বিৰাজ কৰা বহু সৃষ্টিমূলক কৰ্ম কোনোবা মানুহৰ যোগেহে সকলোৰে পৰিচয়লৈ আহিছে । সেইসকলৰ অবিহনে তেনে অমৰ সৃষ্টিসমূহৰ আমি কোনো উমঘামেই নাপালোঁহেঁতেন । এটা অধিক বাস্তৱিক উদাহৰণ হ’ল অকালতে মৃত্যুবৰণ কৰা বিভিন্ন ক্ষেত্ৰৰ প্ৰতিভাৱান লোকসকল । সেইসকলৰ বহু সম্ভাৱনা কিন্তু মানৱ সমাজে হেৰুৱাই পেলাইছে ! এতিয়া এই যে মহৎ সৃষ্টিৰাজি এবিধ থকা আৰু নথকা, এই পাৰ্থক্যটো কিহে আনিলে বাৰু? আমি ধৰি ল’ব নোৱাৰোঁ নেকি যে সেইসমূহ সৃষ্টি আমাৰ অগোচৰে পূৰ্বৰে পৰাই ক’ৰবাত আছিল, কিন্তু সেই স্ৰষ্টাজনৰ যোগেদিহে সেয়া গোটেই মানৱ সমাজৰ দৃষ্টিলৈ আহিল । ধৰি ল’লোঁ সেই কাল্পনিক অদৃশ্য জগতখনৰ নামেই ইথাৰ, যাৰ পটভূমিত মানৱ ইতিহাসৰ কলা-সাহিত্য, বিজ্ঞান আদি শাখাসমূহৰ নিত্য-নতুন সৃষ্টিসমূহ ওলাই আহিছে বা অনাগত ভৱিষ্যতেও ওলাই থাকিব (এতিয়া কোৱা ইথাৰটো ওপৰত আলোচিত পদাৰ্থবিজ্ঞানৰ বিলুপ্ত ইথাৰ নহয়, এইটো ইথাৰৰ ধাৰণাটো দাদা এজনৰ মুখত শুনিছিলোঁ) ।

অন্য একধৰণে কথাটো ভাবি চাওঁ । যদি ভূপেন হাজৰিকা, আইজাক এছিম’ভ বা আইনষ্টাইন তেওঁলোকৰ প্ৰকৃত জীৱনকালৰ দুগুণ সময় জীয়াই থাকিলহেঁতেন? সন্দেহ নাই যে তেতিয়া ভূপেন হাজৰিকাদেৱৰ পৰা বৰ্তমানৰ প্ৰায় দুগুণসংখ্যক উৎকৃষ্ট সৃষ্টিৰাজি অসমীয়া সমাজে উপভোগ কৰিব পাৰিলেহেঁতেন, আইনষ্টাইনে হয়তো জীৱনৰ অপূৰ্ণ সপোন- এটা সৰ্বাত্মক একীকৃত তত্ত্ব উদ্ভাৱন কৰিয়েই পেলালেহেঁতেন বা তেওঁৰ অতি কল্পনাপ্ৰৱণ মনেৰে এইক্ষেত্ৰত সম্পূৰ্ণকৈ নহ’লেও বহুখিনি ধাপ আগবাঢ়ি গ’লহেঁতেন । এছিম’ভেতো এটা জীৱন লিখিয়েই কটালে । জীৱনকালত প্ৰায় পাঁচশ কিতাপ লিখা তেওঁৰ সৃষ্টিৰাজি গুণগত (quality) আৰু পৰিমাণগত (quantity)- কোনোফালৰ পৰাই কম নহয় । তেওঁৰ মনত নতুন সৃষ্টিৰ আন কিমান সমল বাহ লৈ আছিল কোনে জানে ! আৰু এটা জীৱন পালে তেওঁ নিশ্চয় পূৰ্বতকৈও অধিক দায়িত্বসহকাৰে লিখাত লাগি গ’লহেঁতেন । একেদৰে প্ৰতিভাৱান বিজ্ঞানী-গণিতজ্ঞসকলৰ দুগুণ দৈৰ্ঘ্যৰ জীৱনৰ সহায়ত বিজ্ঞানেও নতুন নতুন সত্য উন্মোচন কৰি এইমুহূৰ্তলৈ বহু বেছি উন্নতি কৰিলেহেঁতেন । অৰ্থাৎ বিভিন্ন ক্ষেত্ৰৰ সৃজনীশীল প্ৰতিভাধাৰী লোকসকল তেওঁলোকৰ জীৱনকালৰ দুগুণ সময় জীয়াই থাকিলে তেওঁলোকৰ সৃষ্টিৰাজিও এতিয়াতকৈ আমি প্ৰায় দুগুণসংখ্যক পালোঁহেঁতেন । কিন্তু সেইটো বাস্তৱক্ষেত্ৰত যিহেতু হোৱা নাই, তেনে সম্ভৱপৰ সৃষ্টিৰাজিসমূহৰ অস্তিত্বৰো আমি কোনো উমঘাম নাপাওঁ । ধৰি লৈছোঁ থাকিবলগীয়া হৈও বাস্তৱত নথকা সেই সৃষ্টিসমূহ, আৱিষ্কাৰসমূহ ক’ৰবাত আমাৰ অগোচৰে হেৰাই থাকিল; যিটোক আমি কাল্পনিক ইথাৰ বুলি কৈছোঁ ।

আপোনাৰ মনত স্বাভাৱিকতেই প্ৰশ্ন হ’ব, এইটোটো মই গোকাট মিছা কথা ক’লোঁ । কেনেকৈ প্ৰতিভাৱান, চিন্তাশীল মানুহৰ সাধনাৰ্জিত সৃষ্টিৰাজিক আগৰ পৰাই ক’ৰবাত থকা বুলি ধৰিব ল’ব পাৰি? এৰা, কথাটো ময়ো তেনেদৰে নাভাবোঁ । কিন্তু এনে চিন্তাৰ আলম লৈ আমি নিজকে নিশ্চয় অনুপ্ৰাণিত কৰিব পাৰোঁ যে এতিয়াও বহু মহৎ সৃষ্টিৰ সমল আমাৰ অগোচৰে ক’ৰবাত লুকাই আছে, যিবোৰৰ কিছু আমিও সাধনাৰ জৰিয়তে প্ৰকাশ কৰিব পাৰোঁ । কাৰণ পূৰ্বৰ প্ৰতিভাধৰ ব্যক্তি এজনে দ্বিতীয়বাৰ জন্ম ল’লে যদি এইখন পৃথিৱীতে পুনৰবাৰ অসাধাৰণ সৃষ্টি কৰিবলৈ উৎস বিচাৰি পায়; আমাৰ বাবে পৃথিৱীখন নিৰস, অনুৰ্বৰ হ’ব কিয়? পাৰ্থক্য মাথো প্ৰতিভাৰ, সাধনাৰ, চিন্তাধাৰাৰ… । গতিকে আমিও, সাধাৰণ মানুহখিনিয়েও (নে অসাধাৰণ? 😀) নিশ্চয় সাধনা কৰিলে ঠিক একে মানদণ্ডৰ নহ’লেও মোটামুটি কিবা এটা অৱদান যোগাই যাব পাৰিম ।

(৩)

ওপৰোক্ত কথাখিনিৰ লগত মিল থকা এটা আকৰ্ষণীয় উদাহৰণ মনত পৰিছে । জৰ্জ গেম’ই তেওঁৰ সুবিখ্যাত কিতাপ “ৱান টু থ্ৰি…ইনফিনিটি”ত এটা কাল্পনিক প্ৰিন্টাৰ বা ছপাশালৰ কথা উল্লেখ কৰিছিল । ছপাশালটোৱে অবিৰতভাৱে এটাৰ পিছত আন এটা শাৰী ছপা কৰে । শাৰীবোৰ ছপা কৰোতে ই স্বয়ংক্ৰিয়ভাৱে বৰ্ণমালাৰ বিভিন্ন বৰ্ণ আৰু আন চিহ্নবোৰৰ বেলেগ বেলেগ বিন্যাস নিৰ্বাচন কৰে । ছপাশালটোত বহুতো কাঁহীসদৃশ চকৰি থাকে আৰু প্ৰতিটোৰে পৰিধিৰ দাঁতিত বৰ্ণ-চিহ্ন আদিবোৰ লিখা থাকে । ডিজিটেল ঘড়ী এটাত যিদৰে মিনিটৰ ঘৰটো ১ৰ পৰা আৰম্ভ হৈ ৬০ হ’লেহে ঘন্টাৰ ঘৰটোৰ মান ১ বাঢ়ে, তেনেকৈয়ে ইয়াত একেবাৰে সোঁফালৰ চকৰিটো এপাক ঘূৰি আটাইবোৰ বৰ্ণ, চিহ্ন সম্পূৰ্ণ কৰিলেহে কাষতে লাগি থকা চকৰিটো এঘাত (অৰ্থাৎ এটা বৰ্ণ বা চিহ্ন) আগবাঢ়ে । এনেদৰে নিৰৱচ্ছিন্নভাৱে আহি থকা কাগজত প্ৰতিটো বিন্যাসৰে

ছপাশালটোৰ এটা থূলমূল আভাসচিত্ৰ

বৰ্ণবোৰ ছপা কৰা যাব । যদি চকৰিবোৰত ইংৰাজী বৰ্ণমালাৰ আখৰকেইটা, দশমিক পদ্ধতিৰ অংক দহটা আৰু কমা, চেমিকোলন, স্পেছ আদি চিহ্নবোৰ ভৰোৱা হয়; তেন্তে ছপাশালটোৱে আখৰ, সংখ্যা, চিহ্নবোৰৰ সম্ভাৱ্য আটাইবোৰ বিন্যাস ছপা কৰি উলিয়াব । আটাইবোৰ বিন্যাস মানে? কথাটো বৰ সাংঘাটিকেই । ছপাশালটোৰ কাৰ্য্যক্ষমতাৰ, অৰ্থাৎ ই কি কি ছপা কৰি উলিয়াব গেম’ৱে তাৰ এটা খুব আমোদজনক বৰ্ণনা দিছে-

“বেছিভাগ শাৰীয়েই হ’ব অৰ্থহীন । সেইবোৰৰ দুই-এটা শাৰী এনেধৰণৰ হ’ব পাৰে :

“aaaaaaaaaaa…”

বা

“boobooboobooboo…”

নতুবা:

“zawkporpkossscilm…”

কিন্তু যন্ত্ৰটোৱে যিহেতু বৰ্ণ আৰু চিহ্নৰ সম্ভাৱ্য আটাইবোৰ বিন্যাসেই ছপা কৰে, অসংখ্য অৰ্থহীন শাৰীৰ মাজতে আমি অৰ্থপূৰ্ণ শাৰীও বিচাৰি পাম । তাৰ মাজতো অৱশ্যে কিছুমান অলাগতিয়াল বাক্যও দেখা যাব । যেনে-

“horse has six legs and…”

বা

“I like apples cooked in turpentin…”

কিন্তু ভালদৰে বিচাৰ-খোচাৰ কৰিলে দেখা যাব যে ছপাশালটোৱে কোনোবা এটা অংশত শ্বেকছ্পীয়েৰৰ নাটকৰ প্ৰতিটো বাক্যও ছপা কৰিছে । কেৱল সেয়াই নহয়, শ্বেকছ্পীয়েৰে নিজেই ডাষ্টবিনত পেলাই দিয়া কাগজৰ টুকুৰাবোৰত যি লিখিছিল, সেয়াও ছপা কৰি উলিয়াইছে !”

মুঠতে ক’বলৈ গ’লে, এই অতীৱ ক্ষমতাৰ স্বয়ংক্ৰিয় ছপাশালটোৱে মানুহে তাহানি লিখিবলৈ শিকাৰ পৰা এতিয়ালৈকে যিমান যি কথা লিখিছে (ইংৰাজী ভাষাত)- পদ্য-গদ্যৰ প্ৰতিটো শাৰী, বাতৰি কাকতৰ সম্পাদকীয়, বিজ্ঞাপন, প্ৰেমপত্ৰ, গৱেষণাপত্ৰ, জমা-খৰছৰ হিচাপ ইত্যাদি সকলোবোৰ ছপা কৰি উলিয়াব । কেৱল সেয়াই নহয়, আহিবলগীয়া দিনত যিমান যি মহৎ সৃষ্টি হ’ব লগা আছে, যিমান যি কিতাপ প্ৰকাশ পাব লগা আছে; সেই সকলোবোৰো এই ছপাশালটোৱে ছপা কৰিব (যদি চকৰিবোৰত অসমীয়া ভাষাৰ বৰ্ণকেইটা ব্যৱহাৰ কৰোঁ, ই অসংখ্য জাবৰৰ সৈতে ভূত-ভৱিষ্যৎ-বৰ্তমানৰ সমস্ত  অসমীয়া সাহিত্যও ছপা কৰি উলিয়াব)  ।

গতিকে এতিয়া আমি ঘৰতে তেনে এটা ছপাশাল স্থাপন কৰি সম্ভাৱ্য সকলোবোৰ কথা ছপা কৰি অসংখ্য অৰ্থহীন, অলাগতিয়াল কথাবোৰৰ মাজৰ পৰা অৰ্থপূৰ্ণ কথাবোৰ বাছি উলিওৱাৰহে কথা । এইটো সম্ভৱ হ’লেই আমি নিজে একো চিন্তা-চৰ্চা নকৰাকৈয়ো কেৱল ছপাশালটোৰ ছপাখিনি বিচাৰ-খোচাৰ কৰিয়েই ভাল লগা আৰু এতিয়ালৈকে কোনেও নিলিখা গল্প-কবিতা বিচাৰি উলিয়াই আনৰ ওচৰত নিজকে জাহিৰ কৰিব পাৰিম । অৰ্থাৎ সৃজনীশীলতাৰ বেপাৰ ! এনে এটা ছপাশাল বনোৱাটোও বিশেষ টান কাম নহ’লহেঁতেন (কেৱল কাগজৰ অফুৰন্ত ভাণ্ডাৰ লাগিব) । কিন্তু মোৰ দৰে নিঃকিন, প্ৰতিভাহীনজনৰ বাবে দুখৰ আৰু প্ৰকৃত প্ৰতিভাৱান সাধকসকলৰ বাবে সুখৰ বতৰাটো হ’ল যে ছপাশালটোৰ দ্বাৰা আমি ভবামতে কামটো নহ’ব । গেম’ই সহজ গণনাৰে দেখুৱাইছে যে অতি উচ্চ বেগত একেলগে বহুকেইটা ছপাশাল চলালেও সকলোখিনি ছপা কৰিবলৈ যিমান সময়ৰ প্ৰয়োজন হ’ব, সেয়া বিশ্বব্ৰহ্মাণ্ডখনৰ বয়সতকৈও (এতিয়ালৈ) বেছি ! অৱশ্যে কিবাকে ছপা কৰাটো সম্ভৱ হ’লেও অৰ্থপূৰ্ণ কিবা এটা বিচাৰি উলিওৱাটো অত্যন্ত দুৰূহ কাম হ’ব, ঠিক এপাচি শাকত এটা জালুক বিচৰাৰ নিচিনা । গতিকে এইখন পৃথিৱীত সাধনাৰ বিকল্প নাই । প্ৰকৃতিয়েও এনে দুই নম্বৰী কাৰবাৰ সমৰ্থন নকৰে !

(৪)

ওপৰৰ কথাখিনিৰ মূল বিষয়বস্তু এয়ে যে সৃষ্টিৰ উৎসৰ কোনো সীমা নাই । কিবা এটা অদৃশ্য মাধ্যমত সকলোপ্ৰকাৰৰ সৃষ্টি কৰ্ম লুকাই থকা বুলি ধৰা বা এই অতীৱ ক্ষমতাৰ ছপাশাল এটা কল্পনা কৰা- দুয়োটাই সমাৰ্থক, উভয়ে সেই একেটা কথাকেই প্ৰতিপন্ন কৰে । আলোচ্য কাল্পনিক ইথাৰ জগতখনত কিমান-কি সম্ভাৱনা লুকাই আছে, তাৰ সীমা-সংখ্যা নাই । ছপাশালটোৰ উদাহৰণৰ পৰা ক’ব পাৰি, গাণিতিকভাৱে সেই মান সসীম হ’লেও ইয়াৰ বিশালতাৰ বাবে ই অসীম তুল্য । গতিকে কি ঠিক; আপোনাৰ হাততো এটা উৎকৃষ্ট প্ৰৱন্ধ, কবিতা, গল্প বা এখন চিত্ৰই হয়তো প্ৰকাশৰ বাবে অস্তিত্বহীন পৰ্য্যায়ত আপোনাৰ মুখলৈ চাই আছে? যি সৃষ্টি হ’ব একান্তই আপোনাৰ, আনৰ দ্বাৰা সেইটো অহাৰ সম্ভাৱনা নগণ্য । মাথো তাক ধৈৰ্য্যসহকাৰে উমনি দিয়াৰ প্ৰয়োজন যাতে সি আপোনাৰ উম পাই পৃথিৱীৰ পোহৰ দেখিব পাৰে ।

Advertisements

মন্তব্য প্ৰদান কৰক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s