জুবিনদাৰ মিছন চাইনা : উৎকন্ঠা আৰু অনুভৱৰ খতিয়ান

কোনোকালে নোহোৱা ধৰণে এখন অসমীয়া চলচ্চিত্ৰই ব্যাপক চৰ্চা লাভ কৰিব, অসমৰ ইমূৰৰ পৰা সিমূৰৰ মানুহে হিলদল ভাঙি (দৌৰি দৌৰি) অসমীয়া চিনেমা চাম বুলি হললৈ ওলাই আহিব, অসমীয়া চিনেমাৰ বিধ্বংসী তাণ্ডৱত হিন্দী চিনেমাও হলৰ পৰা আঁতৰাব লগা হ’ব… এনে এটা সম্ভাৱনা আপোনালোকে এবছৰ পূৰ্বলৈ দেখা পাইছিলনে? মোৰ বাবে কিন্তু এয়া কল্পনাৰো অগোচৰ আছিল । কিন্তু অসমৰ সবাতোকৈ জনপ্ৰিয় শিল্পীজনে যেতিয়া নিজৰ গাঁথিৰ ধন ভাঙি হ’লেও চলচ্চিত্ৰ বনামেই বুলি জেদ ধৰিলে, যোৱা তিনি-চাৰিটা বছৰ নিজৰ সপোনৰ চিনেমাখনৰ নামত দিন ৰাতি জ্বলাই অক্লান্তভাৱে  কাম কৰিলে, বন্ধ হৈ থকা বহুকেইটা হল চিনেমাখনৰ প্ৰদৰ্শনীৰ বাবে নিজৰ খৰছত মেৰামতি কৰিলে আৰু শেষত নিজেই দিন ৰাতি একাকাৰ কৰি চৌদিশে প্ৰচাৰ চলালে; তাৰ পিছত অসমতো এনে এটা দৃশ্য দেখিবলৈ পোৱাটো নিশ্চয় বিশেষ আশ্চৰ্য্যকৰ কথা নহয় ।

কেইবামাহ আগৰপৰাই টেলিভিছন চেনেলসমূহত প্ৰচাৰিত জুবিনদাৰ সাক্ষাৎকাৰসমূহ, “দিন জ্বলে ৰাতি জ্বলে…” গীতটোৰ সাংঘাটিক জনপ্ৰিয়তা, জুবিনদাৰ অগণন অনুৰাগীৰ জৰিয়তে চ’ছিয়েল মিডিয়াত বহুলচৰ্চা- ইত্যাদি বহুকেইটা কাৰকে মিছন চাইনাক অসমীয়া সমাজৰ অধিক ওচৰলৈ নিলে । ক্ৰমান্বয়ে টিজাৰ, ট্ৰে’ইলাৰ আৰু গীতৰ ভিডিঅ’কেইটা মুক্তি পোৱাত ময়ো চিনেমাখন চাবলৈ যথেষ্ট আগ্ৰহী হৈ পৰিলোঁ । বিশেষকৈ যোৰহাটত প্ৰচাৰ চলোৱাৰ সময়ত জুবিনদাই যেতিয়া ২৩ আগষ্টৰ দিনাখন কিছু সময়ৰ বাবে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়তো প্ৰচাৰ চলালে, সেইদিনাৰ পৰা ছবিখন চোৱাৰ উৎসাহটোও দুগুণে চৰিল (সেইদিনা মানুহৰ ভিৰৰ মাজত কোনোমতে তেওঁৰ অটোগ্ৰাফ এটা ল’ব পৰাটো মোৰ জীৱনৰ এটা স্মৰণীয় মুহূৰ্ত) ।

খুব কম সময়তে টিকট বিক্ৰী হৈ যোৱাত ৮ ছেপ্টেম্বৰৰ দিনা ছবিখন চোৱাটো সম্ভৱ নহ’লগৈ । পিছদিনা আবেলি ২ বজাতহে যোৰহাটৰ স্মৃতিগোপাল হলত তিনিজন সহপাঠীৰ লগত মিছন চাইনা চাবলৈ ওলালোঁ । ইমান দিনৰপৰা অধীৰ আগ্ৰহেৰে বাট চাই থকা মিছন চাইনাই এখন ব্যতিক্ৰমধৰ্মী চলচ্চিত্ৰৰ সোৱাদ দিলে যদিও দুঘন্টাতকৈও কম সময়তে শেষ হোৱাত কিবা চোৱা যেনেই নালাগিল । বহুদিনৰ পৰা দম হৈ থকা উৎসাহ-উৎকন্ঠাক শাম কটাবলৈ দুঘন্টাই যথেষ্ট নহয় ! তাতে কাহিনীটোৰ কিছু কথা বুজিবলৈও বাকী থকাত আকৌ এবাৰ চোৱাৰ হেঁপাহ এটাও থাকি গ’ল । সৌভাগ্যক্ৰমে ১১ ছেপ্টেম্বৰৰ দিনা কলেজত চলি থকা প্ৰতিবাদৰ বাবে ক্লাছ নোহোৱাত পুনৰবাৰ মিছন চাইনা চোৱাৰ সুযোগটো ল’লোঁ । দ্বিতীয়বাৰ চোৱাতহে চিনেমাখনৰ বহুখিনি কথা স্পষ্ট হ’ল । জুবিনদাই নিজেই অৱশ্যে দুদিনমান পূৰ্বে সাংবাদিকৰ আগত কৈছিল যে চিনেমাখন ভালকৈ বুজিবলৈ অন্ততঃ দুবাৰ চোৱাৰ প্ৰয়োজন । তেওঁ হেনো নিজেই চিনেমাখন এবাৰত বুজি পোৱা নাছিল (জুবিনদাৰ স্বভাৱসুলভ ৰসিকতা 😅 ) !

মই এতিয়ালৈ চোৱা চলচ্চিত্ৰৰ সংখ্যা খুব কমেই হ’ব । চলচ্চিত্ৰ সম্পৰ্কে বিশেষ ভিতৰুৱা জ্ঞানো নাই । যোৱাবছৰৰ বহুল চৰ্চিত ছবি “ছাকিৰা আহিব বকুলতলৰ বিহুলৈ”ৰ পিছত এইখনেই মই চিনেমা হলত চোৱা দ্বিতীয়খন অসমীয়া কথাছবি । তথাপি চলচ্চিত্ৰ সম্পৰ্কে নিজৰ সামান্য অভিজ্ঞতাখিনিৰ পৰাও ক’ব পাৰোঁ যে যিয়েই চাইছে সকলোৱেই নিশ্চয় মিছন চাইনাই কঢ়িয়াই অনা নতুনত্বখিনি অনুভৱ কৰিব । মিছন চাইনাৰ গীত, স্থান বা লোকেশ্বন নিৰ্বাচন, কাৰিকৰী কৌশল, চিনেমেট’গ্ৰাফী আদি দিশবোৰ অতি উন্নতমানৰ । ছবিখন চালে সহজেই বুজিব পাৰি, কেনেকৈনো আঢ়ৈ কোটি টকা খৰছ হ’ল । মিছন চাইনাই অসমীয়া চলচ্চিত্ৰত বিৰাজমান একঘেয়ামি সাংসাৰিক কাহিনী (দুই এখনৰ বাহিৰে) আৰু ধীৰগতিৰ পৰা মুক্ত হৈ কাহিনীৰ তীব্ৰ গতিময়তা সৃষ্টি কৰি অসমীয়া চলচ্চিত্ৰলৈ এটা নতুন ধাৰা অনাৰ চেষ্টা কৰিছে । জুবিনদাই মিছন চাইনা মুক্তিৰ পূৰ্বে বিভিন্ন সাক্ষাৎকাৰত তেওঁৰ যিবোৰ লক্ষ্যৰ কথা কৈছিল, যেনে ধৰক- হলিউডী চলচ্চিত্ৰৰ নিচিনা কাহিনীভাগ তীব্ৰ গতিৰে আগবঢ়াই নিয়া, দুঘন্টাৰ ভিতৰতে ছবিখন শেষ কৰা, সামৰণিপৰত গীত এটাৰে চলচ্চিত্ৰখনৰ লগত জড়িত মানুহৰ নামবোৰ প্ৰকাশ কৰা- ইত্যাদি দিশবোৰৰ আমি সাকাৰ ৰূপ দেখিবলৈ পাইছোঁ । আচলতে অসমীয়া চলচ্চিত্ৰৰ পৰিপ্ৰেক্ষিতত মিছন চাইনা চলচ্চিত্ৰখন চাৰিওপিনৰ পৰা নতুনত্বৰ সমাহাৰ । বিষয়বস্তু, নিৰ্মাতা, প্ৰযোজক নতুন হোৱাৰ সমান্তৰালভাৱে দীপলিনা ডেকা, য়াংকি পৰাশৰ, সিদ্ধাৰ্থ গোস্বামী- আদিও অভিনয়ৰ জগতখনত নতুন ।

জুবিনদাই নিজৰ প্ৰতিখন গীতৰ এলবামত যিদৰে সুৰৰ আৰু গীতৰ কথাংশ উপস্থাপনৰ নতুন নতুন সম্পৰীক্ষণ চলাইছিল, প্ৰতিখন এলবামৰ মাজেৰে শ্ৰোতাক নতুনধৰণৰ গীতৰ সোৱাদ দিছিল; অসমীয়া চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত খোজ দিও আমি তেওঁৰ একেটা আদৰ্শই দেখা পালোঁ । চলচ্চিত্ৰ নিৰ্মাণৰ লগত পোনপটীয়াকৈ জড়িত হৈয়েই তেওঁ নিশ্চয় মূল সুঁতিৰ অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাসকলক বহুখিনি শিক্ষা দিব । মিছন চাইনাত জুবিনদাৰ “মই গুণ্ডা নহয়, যোদ্ধাহে” সংলাপটোৰ আৰ্হিত ক’ব পাৰি যে সংগীত বা চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰতো তেওঁৰ আদৰ্শটো হৈছে- “মই অনুসৰণকাৰী নহয়, নেতৃত্বদায়ীহে” ।

বিশেষকৈ ভাল লাগিল চলচ্চিত্ৰখনৰ অন্তৰ্গত সমাজৰ প্ৰতি জুবিনদাৰ কেইটামান বাৰ্তা বহনকাৰী মুহূৰ্ত । কাৰাগাৰত থাকোতে যেতিয়া চিদ (সিদ্ধাৰ্থ) প্ৰথমে খুব উদণ্ড প্ৰকৃতিৰ আছিল, তেতিয়া কৰ্নেল গোস্বামীৰূপী জুবিনদাই পঢ়ি থকা ৰাধাকৃষ্ণণৰ “An Idealist view of life” কিতাপখন চিদৰ হাতত তুলি দিয়ে । কিতাপ পঢ়ি চিদক নিজৰ মনটো শান্ত কৰাৰ উপদেশ দিয়া এই দৃশ্যাংশটোত নিশ্চয় জুবিনদাৰ ভিতৰৰ আদৰ্শটো ফুটি উঠিছে, যিটো আদৰ্শ বা অভ্যাসে তেওঁক আমাৰ সকলোৰে আদৰৰ জুবিনদাজন বনাইছে । এইটো কাৰণেও ভাল লাগিল যে চলচ্চিত্ৰখন তেওঁ কেৱল মনোৰঞ্জনৰ মাধ্যম হিচাপে নলৈ বা নিজকে হিৰ’ দেখুওৱাৰ চেষ্টা নকৰি দৰ্শকক কিবা এটা ভাল কথা শিকোৱাৰো চেষ্টা কৰিছে ।

তাৰোপৰি শেষৰ ফালে চিদৰ মৃত্যুৰ পিছত যেতিয়া শোকবিহ্বল হৈ ৰাগিণীয়ে শিল এচটাত বহি সময় কটায়, তেতিয়া বহুলচৰ্চিত “We live for something we die for something, we all are soldiers” সংলাপটো দ্বিতীয়বাৰৰ বাবে ব্যৱহাৰ কৰা হয় । সেই মুহূৰ্তত জুবিন দাই নিশ্চয় কেৱল সৈনিক জীৱনক উদ্দেশ্যি এই সংলাপটো ব্যৱহাৰ কৰা নাই । জীৱন যুদ্ধত আমি প্ৰতিজন লোকেই একো একোজন যোদ্ধা, আমিও কিবা উদ্দেশ্যৰ বাবেই জীয়াই আছোঁ বা প্ৰয়োজনত হয়তো কিবা উদ্দেশ্যৰ বাবে মৰিবও লাগিব পাৰে (যদিও মৰিবলগীয়া পৰিস্থিতি দুৰ্লভ) ।

জুবিনদাৰ কৰিম বুলি কৰিব খোজা জেদী, শিশুসুলভ স্বভাৱটো ভাল লাগে । এনেও তথাকথিত ভদ্ৰতাৰ মুখা পিন্ধি দুমুখীয়া চৰিত্ৰৰ মানুহ হোৱাতকৈ তেওঁৰ নিচিনা স্পষ্টবাদী হোৱাটোহে আজিৰ দিনত বেছি প্ৰয়োজন । কেতিয়াবা এই জেদী, বেপৰোৱা স্বভাৱটোৰ বাবেই তেওঁ নানানটা বিতৰ্কত সোমাই পৰে যদিও এই স্বভাৱটোৱে তেওঁক সৃজনীশীল কাম-কাজৰ ক্ষেত্ৰখনত সহায় নকৰাও নহয় । নিজৰ কষ্টোপাৰ্জিত ধনেৰে অসমীয়া ছবি নিৰ্মাণ কৰিব বিচৰাটোক বহুতেই তেওঁৰ পাগলামি বুলি কোৱাৰ সময়তো একমাত্ৰ তেওঁৰ এই জেদী স্বভাৱটোৰ বাবেইতো আজি আমি মিছন চাইনা চাবলৈ পাইছোঁ । চলচ্চিত্ৰখন উপভোগ কৰি জুবিনদাৰ কিছুসংখ্যক অনুৰাগী হয়তো হতাশো হৈছে, কিন্তু অধিকাংশই অসমীয়া চলচ্চিত্ৰত এটা পূৰ্বে নেদেখা নতুন ৰূপ দেখা পাই মিছন চাইনাৰ প্ৰশংসাত পঞ্চমুখ হৈছে । এটা কথাও মন কৰিছোঁ যে মিছন চাইনাক লৈ হোৱা সীমাহীন চৰ্চাই জুবিনদাৰ এচাম নতুন অনুৰাগী গঢ় দিছে, সেইসকলৰ মাজত জুবিনদাক পূৰ্বে বেয়া পোৱা মানুহো আছে আৰু জুবিনদাৰ প্ৰতি বিশেষ আগ্ৰহ নথকা মানুহো আছে ।

 

যি কি নহওক, মিছন চাইনাই মোক নিৰাশ কৰা নাই । মিছন চাইনাৰ কি কি দুৰ্বলতা আছে বা আৰু কোনবোৰ দিশ বেছি উন্নত কৰিব পাৰিলে হয়- তাক লৈ বহুতেই সমালোচনা কৰিব আৰু ইতিমধ্যে কৰিছেও । ময়ো নকওঁ যে চলচ্চিত্ৰখন সম্পূৰ্ণ ত্ৰুটীমুক্ত বা ‘মিছন চাইনা’ নামটোৱে জগাই তোলা ভাৱটোৰ নিচিনাকৈ কাহিনীটো অধিক শ্বাসৰুদ্ধকাৰী কৰাৰ অৱকাশ নাছিল । তথাপিও কিন্তু মোৰ বোধেৰে এয়া সমালোচনাৰে ভুল দেখুওৱাৰ সময় নহয়, মিছন চাইনাই অসমীয়া চলচ্চিত্ৰ জগতলৈ কঢ়িয়াই অনা নতুনত্বখিনি, সম্ভাৱনাখিনি আকোঁৱালি লোৱাৰহে সময় । জুবিনদাইতো নিজেও বুজি পাব, ক’ত কি হ’লে আৰু বেছি ভাল হ’ল হয় । সমালোচককেইটাই কেৱল চিনেমাখনত দেখা ভুল-ভ্ৰান্তিখিনক লৈহে চিঞৰি থাকিব পাৰিব, কিন্তু একমাত্ৰ জুবিনদাইহে তেওঁৰ কল্পনাৰ জগতখনৰ লগত বাস্তৱৰ চলচ্চিত্ৰখন ৰিজাই চাব পাৰিব, আৰু কি থাকিব লাগিছিল বা কি হ’লে বেছি ভাল লাগিলহেঁতেন । লগতে কোনোবাই চলচ্চিত্ৰখনক সমালোচনাৰে থকা-সৰকা কৰাৰ পূৰ্বে এটা কথাও মন কৰা উচিত, জুবিনদাই চিনেমাখন অকলেই বনাইছে । এনেদৰে চলচ্চিত্ৰৰ নিচিনা সামূহিক প্ৰচেষ্টাৰ কাম এটাৰ আটাইখিনি মৌলিক আৰু মূল কাম অকলেই কৰাটো সহজ কথা নহয় । আচৰিত লাগে, এজন মানুহে চলচ্চিত্ৰ এখনৰ প্ৰায় গোটেইবোৰ কাম কেনেকৈ কৰিব পাৰিলে ! বলিউড বা হলিউডতো অভিনয়, কাহিনী, সংলাপ, সংগীত- এই সকলোবোৰ একেজন মানুহে কৰাৰ উদাহৰণ মই নাজানোঁ । আছে যদিও হয়তো আঙুলিৰ মূৰত লেখিব পৰা দুই এজনহে থাকিব (এইসম্পৰ্কে কোনোবাই অধিক তথ্য জানে যদি জনালে ভাল পাম । তাহানি কিম্বদন্তি ব্যংগ-অভিনেতা চাৰ্লি চেপলিনে কাহিনী, অভিনয়, সংগীত সকলোবোৰ নিজেই কৰিছিল যদিও সেইবোৰ নিৰ্বাক চলচ্চিত্ৰ বাবে সংলাপ নাছিল আৰু গীতো দুই এখনতহে আছিল) গতিকে কোনোবাই জুবিনদাক বেয়া পোৱাৰ হাজাৰটা কাৰণ বিচাৰি উলিয়ালেও নিৰপেক্ষভাৱে বিচাৰ কৰিলে  তেওঁৰ অসাধাৰণ প্ৰতিভাৰ ওচৰত আমি নতশিৰ হ’বই লাগিব । আমি অসমীয়াসকল সৌভাগ্যৱান যে জুবিনদাৰ দৰে বিশাল প্ৰতিভাৰ ব্যক্তি এজনক আজিৰ দিনত সাংস্কৃতিক ক্ষেত্ৰখনৰ গুৰিধৰোতা হিচাপে পাইছোঁ ।  জুবিনদাই চলচ্চিত্ৰ জগতখনত অতি সক্ৰিয়ভাৱে জড়িত হোৱাৰ এয়া আৰম্ভণিহে, আগলৈতো তেওঁৰ পৰা ইয়াতকৈও ভাল চলচ্চিত্ৰ চাবলৈ পাম বুলি মই নিশ্চিত । অসমীয়া চলচ্চিত্ৰৰ উত্তৰণৰ ক্ষেত্ৰত মিছন চাইনাই এক টাৰ্নিং পইন্টৰ ভূমিকা ল’ব বুলি আমি আশা কৰিব পাৰোঁ ।

Advertisements

মন্তব্য প্ৰদান কৰক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s