(১)
আজি এবছৰৰো বেছি সময় হ’ল !
বছৰ পুৰণা মেছেজৰ টুকুৰা পঢ়ি চাইছোঁ ।
আকৌ এবাৰ
পুৰণা বিষ এটাই উক দিলে!
এটা চিনাকি বিষ…
এতিয়া ভাবি আচৰিত হৈছোঁ,
কিদৰে এসময়ত
এই প্ৰচণ্ড বিষটো লৈ
মাহৰ পিছত মাহ পাৰ কৰিছিলোঁ
সামান্য এটা প্ৰত্যুত্তৰৰ ক্ষণ গণিছিলোঁ ।
তাতকৈচোন এতিয়াৰ নিঃসংগ দিনবোৰেই শ্ৰেয়!
(২)
মোৰ মনটোৱে ভাবিবলৈ টান পাইছিল,
মই ঘূৰা তৰাটোক কেন্দ্ৰ কৰিয়ে
আন এশটা গ্ৰহ ঘূৰে !
আৰু হয়তো তৰাটো সম্পূৰ্ণ নিৰপেক্ষ;
সকলোকে সমানে তাপ, পোহৰ দিয়ে ।
ক’তা?
সেইবোৰ গ্ৰহইচোন ছল পালেই
অইন তৰাৰ মাধ্যাকৰ্ষণত সোমাই পৰে !
কিন্তু মোৰ পৃথিৱী তোমাক লৈয়ে ঘূৰে ।
(এইটো প্ৰায় এবছৰমান আগেয়ে লিখিছিলোঁ । এনেয়ে হেৰাই যোৱাতকৈ বছৰৰ শেষ দিনটোত এইটোকে আপলোড কৰি থ’লোঁ । আটাইলৈ নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনালোঁ)
ভাল লাগিল প্ৰিয়াংকুশ। ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ।
LikeLiked by 1 person
ধন্যবাদ । তোমাকো নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জনালোঁ ।
LikeLiked by 1 person