বোধপ্ৰাপ্তি

“পাই গ’লোঁ, পাই গ’লোঁ”- ৰাজেশে একে উশাহে কথাষাৰ কৈ জাপ মাৰি উঠিল ।

“আৰে, কিনো পালি তই?”- বিনামেঘে বজ্ৰপাত হোৱা যেন দেখি তাৰ লগৰ বিকাশে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ।

“এতিয়াহে জানি গ’লোঁ, ছোৱালীবোৰৰ মন বুজাটো কিয় ইমান কঠিন, কিয় সিহঁতক আজিলৈকে আমি ল’ৰাবোৰে ভালকৈ বুজি নাপালোঁ”- কথাষাৰ কৈয়েই কিবা এটা নতুন কথা আৱিষ্কাৰৰ উল্লাসত ৰাজেশৰ মুখখন উজলি উঠিল ।

একো এটা বুজিব নোৱাৰি বিকাশৰো খুব আগ্ৰহ জন্মিল, ইনো আচলতে কি ক’ব খুজিছে জানিবলৈ বুলি… । অৱশ্যে বেলেগ নুবুজিলেও এটা কথা সি ঠিক বুজিলে যে ৰাজেশে ছোৱালীৰ কথাটো বহুবছনত ক’লেও প্ৰকৃততে সি কিন্তু এজনী ছোৱালীৰ আধাৰতহে কথাখিনি কৈছে । যোৱা তিনিটা বছৰে তাৰ বুকুৰ আপোন, মনৰ দাপোন প্ৰতীক্ষাক কেন্দ্ৰ কৰি হোৱা অভিজ্ঞতাকে সি নিশ্চয় এতিয়া সাধাৰণীকৰণ কৰিছে । প্ৰতীক্ষাক বহু আশাৰে প্ৰতীক্ষা কৰিয়েই সি যোৱা তিনিটা বছৰ পাৰ কৰি দিলে । কোনোদিনে নিজে আগবাঢ়ি আহি ছোৱালীৰ লগত কথা এষাৰো পতা নেদেখা ৰাজেশৰ নিচিনা লাজকুৰীয়াটোৰ যে বহু ছোৱালীৰ ওপৰত মত দিবলৈ অভিজ্ঞতা আছে, বিকাশৰ মনে নকয় ।

“কিয় নুবুজোঁ কছোন?”, বিকাশে কিবা এটা ৰসিক উত্তৰৰ আশাৰে সুধিলে ।

“আমাৰ মূল ধাৰণাটোতে ভুল হৈ আছে বুইছ?”

“মানে…?”

“অতদিনে আমি জন্মগত পঞ্চইন্দ্ৰিয়ৰেহে দেখা-শুনা সব কথা বিশ্লেষণ কৰি আহিছোঁ । আমাৰ মনটোৱে পাগুলি থকা সব কথা বাহিৰৰ পৰা চকু, কাণ, নাক, জিভা আৰু ছাল- এই পাঁচটা অংগইহে ইনপুটৰ নিচিনাকে আমাৰ মনৰ ভিতৰলৈ পঠায় । ইহঁতে পঠোৱা ইনপুটক ভিত্তি কৰিয়েই আমি বাহিৰৰ পৃথিৱীখন সম্পৰ্কে নিজাকৈ ধাৰণা গঢ়ি তোলোঁ”- ৰাজেশে একে উশাহে এইখিনি কথা কৈ সামান্য থমকি ৰ’ল ।

“সেইখিনি বাৰু তই ঠিকেই কৈছ । কিন্তু…”, বিকাশে নিৰৱতাখিনি পূৰাবৰ চেষ্টা কৰিলে যদিও ৰাজেশে তাৰ কথাত কাণ নিদি পুনৰ আৰম্ভ কৰিলে- “কিন্তু আমি সংসাৰৰ সব কথা কি এই পাঁচটা ইন্দ্ৰিয়ৰেই বুজি পাম? প্ৰকৃতিয়েতো সব কথা মানুহে দেখদেখকৈ বুজি পোৱাকৈ ইমান সহজ কৰি ৰখা নাই । আৰু এইখিনি কথাটো তয়ো জান যে আমাৰ চকু, কাণ আদিৰো যথেষ্ট সীমাৱদ্ধতা আছে?”

“কেনেকৈ?”- আকৰ্ষণীয় বিষয় এটাৰ ব্যাখ্যাই বিজ্ঞানৰ দিশে ধাল খোৱাত বিকাশ ভিতৰি সামান্য হতাশ হ’ল । ৰাজেশ আগৰেপৰাই পদাৰ্থবিজ্ঞানৰ ভক্ত আছিল, যিকোনো কথাতে সি পদাৰ্থবিজ্ঞানৰ নীতি-নিয়ম সাঙুৰি ল’ব খোজে । বিকাশে কিন্তু স্কুলত শিকি অহা কথাখিনিৰ বাদে বিজ্ঞানৰ বেলেগ একো শিকা নাই, বা শিকাৰ ইমান আগ্ৰহবোধো কৰা নাই ।

“চা, আমি চকুৰে যিখিনি পোহৰ দেখোঁ, সেয়া বিদ্যুৎচুম্বকীয় তৰংগৰ বৰ্ণালী বা স্পেকট্ৰামটোৰ এটা সামান্য অংশহে । মাইক্ৰ’ৱেভ, ৰেডিঅ’ৱেভৰ দৰে আমি খালী চকুৰে নেদেখা আন বহুতো পোহৰৰ তৰংগ আছে । আকৌ কাণেৰেও আমি কেৱল ২০ৰ পৰা ২০০০০ হাৰ্টজৰ ভিতৰৰ শব্দহে শুনা পাওঁ । চবতে সীমাৱদ্ধতা !”

“মোৰ হঠাৎ ভাৱ আহিল, আমি ছোৱালীবোৰৰ মনবোৰ যে বুজি নাপাওঁ, তাৰ কাৰণো হ’ল আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ সীমাৱদ্ধতা । সিহঁতক বুজাৰ জোখাৰে এই পাঁচটা ইন্দ্ৰিয়ই আমাক প্ৰয়োজনীয় ইনপুট যোগান ধৰিব নোৱাৰে । কাৰণ ছোৱালীবোৰে নিজে নজনাকৈয়ে সিহঁতৰ আচৰণবোৰে পাঁচটা ইন্দ্ৰিয়ৰ বাস্তৱ জগতখনত মৃদু কঁপনিহে তোলে । ফলস্বৰূপে ষষ্ঠ ইন্দ্ৰিয়ৰ স্পষ্ট বস্তুবোৰ আমাৰ দৃষ্টিত অস্পষ্ট হৈ পৰে । গতিকে মই সিদ্ধান্তলৈ আহিলোঁ, সিহঁতক ভালদৰে বুজিবলৈ আমাক আৰু বেছি, মানে অন্ততঃ ছয়টা ইন্দ্ৰিয়ৰ প্ৰয়োজন হ’ব ।”

তাৰ অদ্ভুৎ ব্যাখ্যা দেখি বিকাশে হাঁহি ৰখাবই নোৱাৰিলে- “হাঃ হাঃ হাঃ, তামাম এক্সপ্লেনেশ্বন দিছ কিন্তু । পাৰিবি তই! কিন্তু মই জনাতটো গৰু-ছাগলীৰ দৰে জীৱ-জন্তুবোৰৰ ছিক্সথ্ চেন্স বোলা বস্তুটো আছে, মানে ষষ্ঠ ইন্দ্ৰিয় । সিহঁতেতো ভূমিকম্প আহিলে আগতেই গম পায় । তাৰমানে গৰু-ছাগলীয়ে ছোৱালীৰ মনবোৰ…?” -কৌশলেৰে পাক লগা প্ৰশ্ন এটাৰ উমান দি বিকাশে ৰাজেশৰ ফালে চাই ৰ’ল ।

“ধেৎ, মই সিমানখিনি ভবাই নাই ৰহছোন । হয়তো বলধ গৰু এটাই গাই এজনীৰ মনটো ভালকৈ বুজি পাবও পাৰে !”

চুঙা চাই সোপা দিয়াদি বিকাশৰ পাক লগা প্ৰশ্নটোৰ খাৰাংখাছ উত্তৰ এটা দি পুনৰ ছিৰিয়াছ হৈ ৰাজেশে তাৰ লেকছাৰ আৰম্ভ কৰিলে- “চা, এইকেইদিন মই মিচ্ছিঅ’ কাকুৰ এই ‘হাইপাৰস্পেছ’ কিতাপখন পঢ়ি আছোঁ । পঢ়ি কিম্মান মজা লাগে, কৈ বুজাব নোৱাৰোঁ । নিজে পঢ়িলেহে বুজি পাবি । কিতাপখনত এটা বৰ ডাঙৰ আৰু চিন্তা কৰিবলগীয়া কথা বহুবাৰ উল্লেখ কৰিছে । কথাটো হ’ল যে প্ৰকৃতিৰ নীতি-নিয়মবোৰ উচ্চতৰ মাত্ৰাত বহুত সহজ হৈ পৰে ।”

“মানে?”- বিকাশে মাজতে সুধি দিলে ।

“তই কছোন, আমাৰ পৃথিৱীখন কিমান ডাইমেনশ্বনেল?”

“এনেটো দেখাই-শুনাই থ্ৰি ডাইমেনশ্বনেলেই । কিন্তু আইনষ্টাইনে ফ’ৰ ডাইমেনশ্বনো আৱিষ্কাৰ কৰা বুলি নুশুনা নহয় ।”

“অ, কথা সেইটোৱেই । মই যে এইমাত্ৰ তোক কথাটো ক’লোঁ- প্ৰকৃতিৰ নীতি-নিয়মবোৰ উচ্চতৰ মাত্ৰা, মানে হায়াৰ ডাইমেনশ্যনত সৰল আৰু স্পষ্ট হয় বুলি, আইনষ্টাইনৰ আপেক্ষিকতাবাদো তাৰেই উদাহৰণ । আমি দেখাতটো এখন থ্ৰি ডাইমেনশ্যনেল পৃথিৱীতেই চলি আছোঁ- আমাৰ ইয়াত যিকোনো বস্তুৱেই দীঘ, প্ৰস্থ, উচ্চতাৰ হিচাপত চলি যায় । কিন্তু কেৱল এই তিনিটা ডাইমেনশ্যনকে সাৱটি লৈ বহু কথা বিজ্ঞানীসকলে বুজিব পৰা নাছিল । পিছত আইনষ্টাইনেহে সময়ক বাকী তিনিটা ডাইমেনশ্যনৰ লগত জোৰা লগাই গোটেই মহাকাশখন ফ’ৰ ডাইমেনশ্যনেল বুলি ধৰি ল’লে । আৰু লগে লগে আমি আগেয়ে নজনা বহু ঘটনা স্পষ্ট হৈ পৰিল । এই ধৰ- মাধ্যাকৰ্ষণ বল বুলি কোনো বস্তুৱেই নাই, সেইটো কেৱল ফ’ৰ ডাইমেনশ্যনেল মহাকাশৰ ভাঁজহে মাত্ৰ । মানে আচল কথাটো হ’ল- কিছুমান বেলেগ বেলেগ বুলি ভাবি থকা বস্তু একেটা বস্তুৰে ভিন্ন ৰূপ । কিন্তু নিজে কেতিয়াবা হায়াৰ ডাইমেনশ্বনলৈ গৈ চালেহে কথাটো ভালকে বুজা যাব” ।

“শেষৰ কথাখিনি মোৰ মূৰৰ ওপৰেদি উৰি গ’ল ভাই । মোৰ দ্বাৰা এইচব নহ’ব” ।

“চা, এই কিতাপখনৰ পৰা উদাহৰণ এটা দিলেই চব বুজি পাই যাবি । আফ্ৰিকাৰ জংঘলত মুক্তভাৱে ঘূৰি-ফুৰা প্ৰকাণ্ড চিতা বাঘ এটাৰ কথা ভাবি চাচোন । সিহঁতৰ খোজ-কাটলেই চাবি নে গহীন-গম্ভীৰ চেহেৰাই চাবি ! আচল কথা ক’ব গ’লে সিহঁতবোৰ কেৱল একোটা জন্তুৱেই নহয়, সিহঁত প্ৰকৃতিৰ এটা অপূৰ্ব সৃষ্টি ! কিন্তু তাক যদি চিৰিয়াখানাৰ পিঞ্জৰা এটাত আনি ভৰাই থৱ? তেতিয়া তই বাঘটোৰ সেই আচল ৰূপটো দেখা পাবিনে?… একদমেই নাপাৱ ! চিৰিয়াখানাৰ ভিতৰত তাৰ ভগ্নপ্ৰায়, নিজৰ শক্তি-সামৰ্থ পাহৰি যোৱা হতাশগ্ৰস্ত ৰূপ এটাহে দেখা পাবি ।

  এতিয়া এই চিতাবাঘটোৰ লগত পদাৰ্থবিজ্ঞানৰ তত্ত্ববোৰকো তুলনা কৰিব পাৰি । বাঘটোৰ আচল বাসস্থান জংঘল হোৱাৰ নিচিনাকৈয়ে পদাৰ্থবিজ্ঞানৰ নীতি-নিয়মবোৰৰ আচল অৱস্থানো হায়াৰ ডাইনমেনশ্যনহে ।

  আমি এই থ্ৰি ডাইমেনশ্বনেল পৃথিৱীখনত থাকি প্ৰকৃতিৰ বিভিন্ন নীতি-নিয়মবোৰৰ খণ্ড-বিখণ্ড, টুকুৰা-টুকুৰ ৰূপবোৰহে দেখা পাওঁ । ঠিক পিঞ্জৰাৱদ্ধ বাঘটোৰ নিচিনা হতাশগ্ৰস্ত ৰূপ এটা । কিন্তু প্ৰকৃতিৰ আচল ৰূপ, আচল সৌন্দৰ্য্য লুকাই আছে উচ্চতৰ মাত্ৰাতহে । ভৱিষ্যতে কেতিয়াবা হয়তো বিশ্বব্ৰহ্মাণ্ডৰ গোটেইবোৰ নীতি-নিয়মক সামৰি লোৱা এটা সাৰ্বজনীন তত্ত্ব উচ্চতৰ মাত্ৰাতেই বিচাৰি পোৱা যাব । আইনষ্টাইনেওটো কল্পনা কৰি ফ’ৰ ডাইমেনশ্বনৰ সহায় লৈহে মাধ্যাকৰ্ষণ বল অবান্তৰ বুলি কৈছিল ” ।

“অ’হ্, আইনষ্টাইনে তাৰমানে বলৰ অস্তিত্বকে দুৰ্বল কৰি দিলে?”

“অ, অ, কিন্তু আজিৰ দিনত বিজ্ঞানীসকল কেৱল চাৰিটা ডাইমেনশ্যনতে সীমাৱদ্ধ থকা নাই । বিশ্বব্ৰহ্মাণ্ডক বুজিবলৈ কোনোবাই যদি এঘাৰটা ডাইনমেনশ্বনৰ কল্পনা কৰি লৈছে, কোনোবাই আকৌ অংক কৰি ছাব্বিশটা ডাইমেনশ্বন থকাৰো ইংগিত পাইছে । কিন্তু মূল ধাৰণা বা উদ্দেশ্য সেই একেটাই, বেছি বা হায়াৰ ডাইমেনশ্বনত যাতে আমি কথাবোৰ ভালকৈ বুজি পাব পাৰোঁ” ।

“এতিয়াহে কথাবোৰ অলপমান মূৰৰ ভিতৰেদি যোৱা যেন লাগিছে” ।

“আজি প্ৰতীক্ষাৰ মেচেজলৈ বাট চাই আছিলোঁ । তাই ইমান সময় অনলাইন থাকিও এটা ৰিপ্লাই দিয়া নাই । মই সদায় তাকেই ভাবোঁ, কিয় তাই বাৰটা মাহত তেৰটা বেলেগ বেলেগ ৰূপ ধৰে । কোনদিনা কি মুডত থাকে একো ঠিক নাই । কেতিয়াবা বিনা কথাতে বৰ খুছ্ ! মুড ভালে থাকিলে আনকি একো কাৰণ নোহোৱাকৈয়ে মোক প্ৰশংসাৰে উপচাই দিব । দুদিন পিছতে কিন্তু এনেকুৱা ৰূপো ধৰিব যেন মোক একদম চিনিয়েই নোপোৱা হ’ল । এইবাৰতো আনকি বাৰ্থদে’ ৱিছ্ কৰিবলৈও টাইম নহ’ল ।”

“এইবোৰ তোৰ প্ৰতীক্ষা-থিয়ৰি হ’ব বুলি জানিছিলোঁৱেই” ।

“তই মোক ডাউন দি থকা বাদ দিবিনে?”

“আৰে ভাই, চিৰিয়াছলি নল’বি । এনেই জ’ক কৰিছোঁ । তোৰ তিনিবছৰীয়া একদম নিভাঁজ তেলৰ দৰে পিয়’ৰ প্ৰেমক মই সন্মান কৰোঁতোঁ । আজিলৈ তোৰ প্ৰেমক বুজি নোপোৱা বেচেৰীলৈহে মোৰ বেয়া লাগে !”

বিকাশৰ কথাত ভিতৰি উৎসাহিত হ’লেও ৰাজেশে বাহিৰত একো চিন নেদেখুৱালে । একেই গতিত সি তাৰ কথাখিনি আগবঢ়াই লৈ গ’ল- “তাই হয়তো কোনোদিনেই বুজি নাপাব, মোৰ পৰা সদায় একেটা ব্যৱহাৰ পাই থাকিলেও মই ভিতৰি কিমান সহ্য কৰি থাকোঁ । তাইৰ এষাৰি মিঠা মাত বা অৱজ্ঞাৰ ওপৰতো মোৰ অৱস্থাটো কিমানখিনি নিৰ্ভৰ কৰে । কিন্তু তাইহে এইবোৰ একো বুজি নাপালে ! মানুহেতো কৈয়েই থাকে- যে নাৰীৰ মহিমা বুজা টান । কিন্তু কিয় টান সেইটোহে ইমানদিনে বুজা নাছিলোঁ । কোনো বিজ্ঞানী বা গৱেষকেওতো কথাটো এক্সপ্লেইন কৰিব পৰা নাই! বহুত দিন ভাবি ভাবি তৎ নাপাই আজি ময়েই হঠাৎ উত্তৰটো পাই গ’লোঁ । প্ৰকৃতিক যেনেকৈ হায়াৰ ডাইমেনশ্বনতহে ভালকৈ বুজাটো সম্ভৱ, ছোৱালীকো হয়তো হায়াৰ চেন্সেৰেহে বুজাটো সম্ভৱ হ’ব” ।

 

নতুন থিয়ৰিটো প্ৰায় থূলমূলকৈ বুজাই দিয়া হোৱাত ৰাজেশ কিছুসময় ক্ষান্ত হৈ ৰ’ল । বিকাশে নতুনকৈ তাক একো উত্তৰ দিয়াৰ প্ৰয়োজন অনুভৱ নকৰিলে । তাৰ মনটোৰে বুজা-নুবুজাৰ ভাৱ কিছুমান পাৰ হৈ গ’ল । সি মনতে ভাবি থ’লে- হওঁক তেও, ৰাজেশৰ এই সদ্য আৱিষ্কৃত তত্ত্ব হয়তো কোনো উচ্চমানৰ গৱেষণা পত্ৰিকাত প্ৰকাশ নাপাব পাৰে, কিন্তু তাৰ বন্ধুৱে এটা ডাঙৰ সমস্যাৰ তাত্ত্বিক ব্যাখ্যাৰে সামান্য হ’লেও মানসিক শান্তি লাভ কৰিব ।

ৰুমটোৰ পৰা ওলোৱাৰ আগতে সি এবাৰ ফেচবুক একাউন্টটো খুলি চালে । প্ৰথমেই ৰাজেশৰ সদ্য আপলোডিত পষ্টটোত তাৰ চকু পৰিল-

“যিদৰে তিনিটা মাত্ৰাৰে আইনষ্টাইনে মহাকাশ বুজা নাছিল,
পাঁচটা ইন্দ্ৰিয়ৰে মই তোমাক বুজি নাপাওঁ…
ষষ্ঠ ইন্দ্ৰিয় সজাগ হৈ থাকে প্ৰতিমুহূৰ্তে
তোমাৰ সামান্য হাঁহি, নিৰুত্তৰ গোমোঠা মুডৰ পৰাও অৰ্থ বুটলাৰ প্ৰয়াস কৰে” ।

4 thoughts on “বোধপ্ৰাপ্তি

মন্তব্য প্ৰদান কৰক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s