গণিতত মাত্ৰ ৫৭ শতাংশ নম্বৰ পায়ো ৰামানুজন জিনিয়াছ কিয়?

“মহান ভাৰতীয় গণিতজ্ঞ শ্ৰীনিৱাস ৰামানুজনে এফ. এ. পৰীক্ষাৰ গণিত বিষয়ত মাত্ৰ ৫৭ শতাংশহে নম্বৰ পাইছিল । তথাপি ৰামানুজন গণিতত জিনিয়াছ কিয়? এইটো কেনেকৈ সম্ভৱ হ’ল?” –কোৰা (Quora) নামৰ অতি জনপ্ৰিয় প্ৰশ্নোত্তৰৰ ৱেবছাইটটোত সোধা এই প্ৰশ্নটোৰ বালাজী বিশ্বনাথন নামৰ লোকজনে এটা বিশেষ উত্তৰ দিছিল । এই উত্তৰটোৱে হয়তো আমাৰ সমাজখনত প্ৰচলিত শিক্ষাব্যৱস্থাটোৰ আসোঁৱাহ, সীমাৱদ্ধতা সম্পৰ্কে বহুতৰ মনত চিন্তাৰ খোৰাক জগাব । সেই ভাবিয়েই তেওঁৰ উত্তৰটো তলত অসমীয়া অনুদিত ৰূপত আগবঢ়োৱা হ’ল ।

যদি ৰামানুজন গণিতৰ পৰীক্ষা এটাত অনুত্তীৰ্ণ হৈছিল, তাৰ অৰ্থ এয়াই যে আচলতে পৰীক্ষাটো নিজেহে অনুত্তীৰ্ণ হৈছিল । ইয়াৰ দ্বাৰা মানুহজনৰ সামৰ্থৰ উমান পোৱাতকৈ গোটেই পদ্ধতিটোত থকা আসোঁৱাহৰ কথাহে অনুমান কৰিব পাৰি ।

শিক্ষাব্যৱস্থাৰ স্বৰূপ :

মই সদায় শ্ৰেণীৰ শীৰ্ষৰ দুই-তিনিটা স্থানৰ ভিতৰত থাকোঁ । গণিতত সাধাৰণতে ১০০ৰ ভিতৰত ১০০ই পাওঁ । তাৰ মূল কাৰণ মাত্ৰ এয়াই যে মই গণিতত জিনিয়াছ নহয় । যদি শিক্ষাব্যৱস্থাটো এনেধৰণে প্ৰস্তুত কৰা হৈছে যে মধ্যমীয়া সামৰ্থৰ ছাত্ৰ-ছাত্ৰীবোৰৰ ভিতৰত আটাইতকৈ কোনজন ভাল বাছি উলিয়াব লাগে, তেতিয়াহ’লে তেনেকুৱা মধ্যমীয়া সামৰ্থৰ

বেল বক্ৰ (Bell curve)

ল’ৰা-ছোৱালীবোৰৰ মাজৰ ভালজনেই সৰ্বশ্ৰেষ্ঠ বুলি বিবেচিত হ’ব । আমাৰ শিক্ষাব্যৱস্থাটো মূলতঃ বে’ল বক্ৰডালৰ মাজৰ অংশটোক লৈহে প্ৰস্তুত কৰা হৈছে । কাৰণ এই অংশটোৱেই মুঠ জনসংখ্যাৰ সৰ্বাধিক অংশ সামৰি লয় । তাতে আকৌ ফলাফলো সদায় গড় হিচাপত নিৰ্ণয় কৰা হয় । আমাৰ শিক্ষাব্যৱস্থাটো যিহেতু অতিপাত প্ৰতিভাসম্পন্ন বা বাধাগ্ৰস্তশ্ৰেণী- কোনোটোৰ বাবেই প্ৰস্তুত কৰা হোৱা নাই, গতিকে দুয়োটা শ্ৰেণীকেই মেধাৰ মাপকাঠিত একেবাৰে তলতহে ৰখা হ’ব । আমাৰ শিক্ষা পদ্ধতিটোৰ চৰম ব্যৰ্থতা এয়াই যে ই অসাধাৰণ প্ৰতিভাৱান আৰু শিক্ষালাভত অক্ষমতা থকা শ্ৰেণীটোৰ মাজত মুঠেই পাৰ্থক্য চিনি উলিয়াব নোৱাৰে । আমাৰ ব্যৱস্থাটোই এই দুয়োটা শ্ৰেণীক সানমিহলি কৰি পেলায় । এইটোৰ অধিক বেয়া প্ৰভাৱ পৰে জিনিয়াছসকলৰ ওপৰত ।

জিনিয়াছৰ চিনাক্তকৰণ :

নিজে জিনিয়াছ নহৈ জিনিয়াছ এজনক বিচাৰি উলিওৱাটো প্ৰায় অসম্ভৱ । অধ্যাপক হাৰ্ডি নিজেই অসাধাৰণ গণিতজ্ঞ আছিল বাবেহে তেওঁ ৰামানুজনৰ সাংঘাটিক প্ৰতিভাক চিনি উলিয়াব পাৰিছিল । এইক্ষেত্ৰত ৰামানুজনক কিছু সৌভাগ্যৱান আছিল বুলি ক’ব পাৰি । কিন্তু এনে হাজাৰজন ৰামানুজন হয়তো চৌপাশৰ মূৰ্খৰ জাকৰ মাজত সোমাই আছে; যিসকলৰ জিনিয়াছ, মেধা আদি সম্পৰ্কে কোনো ধাৰণাই নাই । অতি দুৰ্ভাগ্যজনকভাৱে, আমাৰ গোটেই সমাজখন অতি নিম্ন মানদণ্ডৰ শিক্ষকেৰে ঠাঁহ খাই আছে । অধিকাংশ শিক্ষক-শিক্ষয়িত্ৰীয়েই খুব আকোঁৰগোজ মনোভাৱৰ, ছাত্ৰ-ছাত্ৰীৰ মাজত অন্তৰ্নিহিত প্ৰতিভা চিনাক্ত কৰিবলৈ তেওঁলোকৰ ধৈৰ্য্যই নাথাকে । যদিও মই দূৰদৰ্শনত প্ৰদৰ্শিত ৰিয়েলিটি শ্ব’বোৰ চাই ইমান এটা ভাল নাপাওঁ, তথাপি “আমেৰিকান ৰিয়েলিটি শ্ব'” বা এনেধৰণৰ অঞ্চলভিত্তিক অনুষ্ঠানবোৰৰ কিছু গুৰুত্ব থকাটো উপলব্ধি কৰিছোঁ । এই অনুষ্ঠানবোৰত প্ৰায়েই সাধাৰণ, অপৰিচিত লোকৰ মাজত লুকাই থকা প্ৰতিভা দেখি আমি আশ্চৰ্য্যচকিত হৈ পৰোঁ । গতিকে এবাৰ ভাবি চাওক, চৌদিশৰ সাধাৰণ মানুহবোৰৰ মাজতে কিমানজন অসাধাৰণ গৱেষক বা উদ্ভাৱক লুকাই থাকিব পাৰে ! শিক্ষা আৰু পৰীক্ষাবোৰ মূলতঃ একোটা বন্ধ বাকছৰ নিচিনাহে । আৰু কলেজবোৰৰো একোটা উদ্দেশ্য আছে । অতীতলৈ ঘূৰি চাই ক’ব পাৰি যে নিয়োগযোগ্য কৰ্মী গঠন কৰিবলৈহে কলেজবোৰ স্থাপন কৰা হৈছিল । তাৰ বাহিৰে কিছু ওপৰলৈ নিবলৈ এই ব্যৱস্থাটোৰ অকণো সামৰ্থ নাই । গতিকে ছাত্ৰ বা ছাত্ৰী এজনীয়ে পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ অৰ্থ এয়াই যে তেওঁ সেই বাকছটোৰ লগত ভালদৰে খাপ নাখায় । থমাছ এডিছনে ইয়াৰ লগত খাপ খাব পৰা নাছিল, ষ্টিভছ্ জবছে খোৱা নাছিল,হেনৰী ফৰ্ডে খোৱা নাছিল, ৰামানুজনেও খাপ খোৱা নাছিল । এইটো অত্যন্ত স্বাভাৱিক কথা যে যদি আপোনালোকে এই স্মাৰ্ট লোকসকলক বাকছটোৰ ভিতৰত কিমান ভালদৰে খাপ খায় বা অফিছ এটাত কাম কৰিবলৈ যোগ্য হয়নে নহয় জুখিবলৈ চেষ্টা কৰিছে, তেওঁলোক অনুত্তীৰ্ণ হ’বই । কাৰণ অফিছ এটাত কাম কৰিবলৈ তেওঁলোকে জন্ম লোৱা নাই ।

এইক্ষেত্ৰত কিছু সুফল লাভ কৰিবলৈ চৰকাৰলৈ দুটামান কিটিপ-

১. সচেতনভাৱে জিনিয়াছ লোকৰ সন্ধান কৰক । যদি আপুনি নিৰৱচ্ছিন্নভাৱে এনে লোকৰ সন্ধান অব্যাহত ৰাখে, তেনে প্ৰতিভা বিচাৰি পোৱাৰ সম্ভাৱনাটো বেছি হয় ।

২ . তেনে লোক বিচাৰি পালে তেওঁক এটা পৃথক পথত ৰাখক । সৰ্বসাধাৰণৰ মাজত তেনে প্ৰতিভাক হেৰাই যাবলৈ নিদিব । তেওঁলোকক সাধাৰণৰ মাজতে থাকি নিজকে সৰ্বজান্তা ভাৱ আহিবলৈ নিদি বা হেৰাই যাবলৈ নিদি একে স্তৰৰ প্ৰতিভাৱান লোকৰ সংস্পৰ্শলৈ আহি প্ৰত্যাহ্বান পোৱাৰ সুযোগ দিয়ক ।

৩. ৰাজহুৱা দৃষ্টিৰ পৰা আঁতৰত ৰাখি তেওঁলোকক খুব যত্নেৰে গঢ় দিয়ক । প্ৰতিভাৰ পূৰ্ণ বিকাশ হ’বলৈ নাপাওঁতেই তেওঁলোকক অযথা ৰাজহুৱা দৃষ্টি পৰিবলৈ নিদিব । অন্যথা তেওঁলোকৰ প্ৰতিভা সম্পূৰ্ণৰূপে নষ্ট হ’ব পাৰে ।

৪. সম্ভাৱ্য জিনিয়াছ লোক এজনৰ প্ৰতিভাৰ ভালদৰে বিকাশ লাভ কৰিবলৈ ধৈৰ্য্য ৰাখক । মনত ৰাখিব, এনে জিনিয়াছ সকলেহে যুগান্তকাৰী কিবা এটা কৰাৰ বেছি সম্ভাৱনা থাকে ।

(সামৰণিত এটা কথা উল্লেখ কৰাটো ভাল হ’ব । ৰামানুজনে পৰীক্ষাত লাভ কৰা নম্বৰ সম্পৰ্কে অনেক মতভেদ আছে । কিন্তু এটা কথা সকলোৱে মানি লৈছে যে দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সমপৰ্য্যায়ৰ তেতিয়াৰ এফ. এ. পৰীক্ষাত (First Arts Examination) ৰামানুজনে গণিতত ফে’ইল কৰা নাছিল । তেওঁ এফ. এ. পৰীক্ষাত তিনি-চাৰিবাৰকৈ অনুত্তীৰ্ণ হোৱাৰ মূলতে আছিল গণিতক বাদ দি আনবোৰ বিষয়ত কৰা দুৰ্বল প্ৰদৰ্শন । গতিকে ৰামানুজনে গণিতত উত্তীৰ্ণ হোৱাটো নিশ্চিত হ’লেও ৫৭ পাইছিলনে বেলেগ নম্বৰ পাইছিল, সেইটো নিশ্চিত নহয় । কোনো কোনোৰ মতে তেওঁ গণিতত ১০০ শতাংশ নম্বৰেই লাভ কৰিছিল । কিন্তু এই লেখাটোৰ বাবে সেইটো মূল বিচাৰ্য্যৰ বিষয় নহয় । মূল উদ্দেশ্য আছিল বালাজী বিশ্বনাথনৰ এই বিশেষ উত্তৰটো)

2 thoughts on “গণিতত মাত্ৰ ৫৭ শতাংশ নম্বৰ পায়ো ৰামানুজন জিনিয়াছ কিয়?

priyankushdeka-অত মন্তব্য প্ৰদান কৰক মন্তব্য বাতিল কৰক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s