ইনষ্টাগ্ৰামত সদ্য আপলোডিত নতুন পষ্টকেইটা দৰ্শন কৰি, ফেচবুক-হোৱাট্ছ্ এপলৈ অহা নটিফিকেশ্বনকেইটা চাফ-চিকুণ কৰি ডাটাটো অফ কৰি থৈ এইবেলাটোৰ বাবে আজৰি হ’ম বুলি ভাবিছিলোঁহে মাত্ৰ; এনেতে বিপ্ বিপ্ শব্দেৰে ফেচবুকৰ পৰা ফ্ৰে’ণ্ড ৰিকুৱেষ্টৰ নটিফিকেশ্বন এখন ভাঁহি উঠিল ।
আগৰ পৰাই বন্ধুত্বৰ সঁহাৰি বিচাৰি পঠোৱা ত্ৰিশ-চল্লিশটামান ৰিকুৱেষ্ট্ পৰি আছিলেই । কোনোদিনে নিচিনা-নজনা বা বিশেষ একো আকৰ্ষণীয় প্ৰফাইল নথকা বন্ধু এসোপামান গোটাই লৈ বন্ধুৰ সংখ্যা হাজাৰৰ ঘৰলৈ নিয়াৰ হেঁপাহ মোৰ আগৰপৰাই নাছিল । মোৰ জীৱনত কোনো ফালৰ পৰাই কোনোধৰণৰ প্ৰভাৱ নথকা মানুহ এসোপা মোক বন্ধু হিচাপে নালাগে । অন্ততঃ এনেকৈয়ে ভাৰ্ছুৱেল দুনিয়াখনতো যিমানখিনি পাৰি ৰিয়েল হৈ থাকিব চেষ্টা কৰিছোঁ ।
মই কোনো ডাঙৰ চে’লিব্ৰিটি বা ছুপাৰষ্টাৰ নহয় যে যাকে-তাকে ফ্ৰে’ণ্ড্ বনালে মোৰ নিজৰ ভ্যে’লু কমি যাব । মোৰ উদ্দেশ্য কেৱল এটাই । হকে-বিহকে হাজাৰ হাজাৰ বন্ধু বনাই জীৱনত কোনোদিনে নজনা-নুশুনা মানুহবোৰৰ অজস্ৰ পষ্টেৰে মোৰ ফেচবুক ৱালখন ভৰাই পেলাব নোখোজোঁ । সিহঁতবোৰে “ফিলিং হেপ্পি” নে “ফিলিং চে’ড” হৈ আছে, এঞ্জয়িং মমেন্ট পাৰ কৰিলে নে দুখৰ যাতনাত ভাৰাক্ৰান্ত হৈ দিনটো পাৰ কৰিলে, সেইবোৰ নাজানিলেও মোৰ পেটৰ ভাত নমৰে ।
এই হিচাপটো মানি চলা কাৰণেই এতিয়াও ফ্ৰে’ণ্ডৰ তালিকাখন শতকৰ ঘৰতে আছে । নিজে চিনি পোৱা বা দুই এজন প্ৰতিভাৱান, সন্মানীয় মানুহৰ লগতহে মোৰ বন্ধুত্ব আছে । আৰু তাৰ বিনিময়ত বহু বন্ধুত্বপ্ৰাৰ্থী লোকৰ ৰিকুৱেষ্ট মই নিষ্ঠুৰভাৱে প্ৰত্যাখ্যান কৰিবলগীয়া হৈছে । সেইসকল ভাৰ্ছুৱেল বন্ধু, মোৰ পৰম শুভাকাংক্ষীৰ ওচৰত এইছেগতে ক্ষমা ভিক্ষা মাগিছোঁ, আশা কৰোঁ আপোনালোকে মোৰ মানসিক পৰিস্থিতিটো বুজাৰ চেষ্টা কৰিব আৰু মোক ভুল নুবুজিব ।
বন্ধুৰ ৰিকুৱেষ্ট গ্ৰহণত ইমানখিনি কঠোৰ হোৱা কাৰণে মই নিজেও কিন্তু কম হাৰাশাস্তি নোপোৱাকৈ থকা নাই । নতুন ভাৰ্ছুৱেল ফ্ৰে’ণ্ড্ এজনক মোৰ জীৱনত কোনো এটাফালৰ পৰাই একো সম্পৰ্ক বা প্ৰভাৱ নাই বুলি বিবেচনা কৰাটো সহজ কথা নহয় । নহ’লে ভুলতে কোনোবা চিনাকি মানুহৰো বন্ধুত্বৰ এনাজৰীৰ আহ্বান এটা পেণ্ডিং কৰি থৈ দিলে তেওঁৰ নিশ্চয় ইগ’ত লাগিব । ভিতৰি শীতল যুদ্ধও চলি থাকিব পাৰে । “বেটাৰ ইমান লে’ভে’ল, অলপ বেছিয়েই মানে ! গুৱাহাটীত থকাৰ পৰা আমাক পাত্তাই নিদিয়া হ’ল !”
আজিৰ ৰিকুৱেষ্টটো পোৱাৰ লগে লগেও মোৰ অন্ততঃ আৰু পাঁচ মিনিটৰ কাম বাঢ়িল । এতিয়া মোৰ দায়িত্ব হ’ল ভাবী বন্ধুত্বপ্ৰাৰ্থীজনৰ চিভিখন, মানে প্ৰফাইল আৰু টাইমলাইনডাল পৰীক্ষা কৰি তেওঁ কোনোবা ফালৰ পৰা মোৰ বাবে প্ৰাসংগিক হয়নে নহয় বিচাৰ কৰি যোৱা । সম্পূৰ্ণ অপ্ৰাসংগিক যেন লাগিলে সসন্মানেৰে বন্ধুত্বৰ প্ৰাৰ্থনাটো প্ৰত্যাখ্যান কৰিব লাগিব । উপায় নাই !
যি কি নহওক, প্ৰথমেই এই মানুহজনৰ ‘এবাউট’ শিতানটো চাই ল’লোঁ । চাই বুজিলোঁ, এওঁক আচলতে মানুহজন বুলি কোৱাৰ প্ৰয়োজন নাই, ল’ৰাজনহে । মোতকৈও বয়সত দুবছৰমান সৰুৱেই হ’ব । অৱশ্যে ল’ৰাজনৰ মুখখনৰ ধাৰণাটো ল’বলৈকে প্ৰফাইলত নিজৰ ফটোৱেই নাই । বেকগ্ৰাউণ্ডত এখন প্ৰাকৃতিক চিত্ৰ আৰু প্ৰফাইলত ধোনিৰ ফটো । আচল ধোনি হ’লেতো চিন্তাই নাছিল ! ফ্ৰে’ণ্ড্ ৰিকুৱেষ্ট্ পালে নিজকে ধন্য মানিলোঁহেঁতেন !
লাহে লাহে ল’ৰাজনৰ টাইমলাইনত চকু ফুৰালোঁ । গোটেই টাইমলাইনখন তাৰ বন্ধুৱে টেগ কৰা প’ষ্টেৰে ভৰি আছে । নিজা বুলিবলৈ একো বস্তুৱেই নাই । ল’ৰাজনক ফ্ৰে’ণ্ড্ বনাবলৈ তাৰ ব্যক্তিত্বৰ পৰিচায়ক একো নিজস্ব বস্তু চকুতেই নপৰিল । গতিকে ফ্ৰে’ণ্ড এক্সেপ্ট্ কৰি থ’লে মোৰ তালিকাখনত যে সংখ্যা এটা বঢ়োৱাৰ বাহিৰে বেলেগ কিবা কামত আহিব, মনে নধৰিল । সাতে-সোতৰই মিলি ল’ৰাজনৰ ফ্ৰে’ণ্ড ৰিকুৱেষ্টটো পেণ্ডিং কৰি ৰখাৰেই সিদ্ধান্ত ল’লোঁ ।
*****
ফে’চবুকটো সামৰি থৈ বাস্তৱ পৃথিৱীখনলৈ ঘূৰি আহিলোঁ, পিছে ল’ৰাজনৰ চিন্তাটো কিন্তু মনৰ পৰা মাৰ নগ’ল । কিবা এটা কথাত যেন মোৰ নিজৰ লগতেই তাৰ মিল আছে! কিয় জানো, তাৰ প্ৰফাইলত মোৰ নিজৰেই দুবছৰ আগৰ অৱস্থাটোৰ প্ৰতিফলন হোৱা যেন লাগি গ’ল । ল’ৰাটোৱে যে কোনোদিনে এখনো প্ৰফাইল আপলোড নকৰিলে, সিও মোৰ দৰেই ইন্ট্ৰ’ভাৰ্ট্ নেকি বাৰু? ৰাইজৰ পৰা আঁতৰত থাকি ভাল পায়? ল’ৰাটোৱে যোৱাবাৰ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক দিছে, সিও বাৰু মোৰ নিচিনাকেই জীৱনৰ কঠিন প্ৰত্যাহ্বানত পৰি হাবু-ডুবু খাইছে নেকি? হয়তো ডিপ্ৰে’ছনত পৰি সিও বহুদিন নিজাকৈ একো এটা আপলোড কৰা নাই !
হয়তো মোৰ দৰেই ব্যৰ্থতাৰ মুখামুখি হৈয়ো তাৰ চকুত বহুত কিবাকিবি সপোন আছিল । মোৰ প্ৰফাইলখন দেখি হয়তো সি নিজৰ লগত কিবা এটা সাদৃশ্য দেখিছে । মই যে আজিকালি নিজৰ অভিজ্ঞতাবোৰ লিখি দুই এটা প’ষ্ট্ শ্বেয়াৰ কৰোঁ, তাৰ মাজত সি নিজকে বিচাৰি পাইছে নেকি বাৰু… । গতিকে সি আগবঢ়োৱা বন্ধুত্বৰ হাতখন উপেক্ষা কৰাটো ভাল হ’ব জানো?
বহু ভাবি-চিন্তি ল’ৰাজনৰ ফ্ৰে’ণ্ড্ ৰিকুৱেষ্টটো এক্সেপ্ট্ কৰি দিলোঁ । তাক অন্ততঃ মোৰ কেটেগৰীৰ মানুহ যেনেই লাগিছিল…