দিনটোৰ অধিকাংশ সময় আপুনি স্মাৰ্টফোনটো খুছৰি থাকিয়েই পাৰ কৰে নেকি? ছ’চিয়েল মিডিয়াত চিনা-নিচিনা মানুহৰ কাণ্ড-কাৰখানা চাই থাকিয়েই অযথা সময়বোৰ নষ্ট হয় নেকি? পঢ়া-শুনা কৰিবৰ সময়তো পাঁচ-দহ মিনিটৰ মূৰে মূৰে স্মাৰ্টফোনটো খুলি নাচালে আপুনি শান্তিত থাকিব নোৱাৰে নেকি?
যদি এই প্ৰশ্নকেইটাৰ আটাইবোৰ অভিজ্ঞতা আপোনাৰ বাবে অপৰিচিত, তেন্তে খুব ভাল কথা । আপুনি ইমানতে এই লেখাটো পঢ়া বাদ দিব পাৰে আৰু নিজৰ কামত লাগি যাব পাৰে । কিন্তু মোৰ নিজৰ অভিজ্ঞতাৰ পৰা জানোঁ যে আপোনালোকৰ বহুতেই এই সমস্যাটোৰ পৰা সম্পূৰ্ণৰূপে মুক্ত বুলিব নোৱাৰে । আনকি মই নিজেও এই সমস্যাটোৰ পৰা মুক্ত বুলি ক’ব নোৱাৰোঁ । ইন্টাৰনেটে মানুহক যিমানখিনি সুবিধা দিছে, অবাবত সময় নষ্ট কৰাৰ ক্ষেত্ৰতো কম অৰিহণা যোগোৱা নাই । এই হিচাপত চলি থাকিলে দুদিনমান পিছতে এনেকুৱা এটা পৰিসংখ্যা দেখিবলৈ পালে একো আচৰিত হ’বলগীয়া নাথাকিব যে ৮০ বছৰীয়া মানুহ এজনৰ জীৱনকালত ৭-৮ টা বছৰ ইন্টাৰনেট খুছৰি ফুৰোতেই পাৰ হয় । আচলতে দুই এটা তেনে পৰিসংখ্যা ইতিমধ্যে ওলাইছেও !
আজি এই সমস্যাটোৰ পৰা পৰিত্ৰাণৰ বাবে আপোনালোকক এটা উপায় দিয়াৰ চেষ্টা কৰিম । আমাৰ দেহত আক্ৰমণ কৰা অপকাৰী বেক্টেৰিয়াক ধ্বংস কৰিবলৈ যিদৰে বাহিৰৰ পৰা এন্টিবায়’টিকছৰ যোগেৰে পুনৰবাৰ একেবিধ অণুজীৱ দেহত সুমুৱাই দিয়া হয়, আপোনাৰ অত্যধিক ইন্টাৰনেট আসক্তিক নাশ কৰিবলৈও আপোনাৰ স্মাৰ্টফোনটোকে হাথিয়াৰ হিচাপে লোৱা হ’ব । আৰু সেইটো হ’ব এটা এপছৰ যোগেৰে, যিটো ব্যৱহাৰ কৰি মই নিজেও সুফল পাইছোঁ ।
গুগল প্লে’ ষ্ট’ৰ বা আন এপ্ ষ্ট’ৰত গৈ প্ৰথমেই আপুনি Forest: stay focused চাৰ্ছ্ কৰক আৰু এই নামৰ এপটো আপোনাৰ স্মাৰ্টফোনটোত ইনষ্টল কৰি লওক । এপটোৰ ভিতৰুৱা পদ্ধতিখিনি যথেষ্ট সৰল আৰু আপুনি এপটো নিজে খুলি চালেই ইয়াৰ ব্যৱহাৰিকতাখিনি সহজে বুজি পাব ।
এই এপটোত আপুনি কাল্পনিকভাৱে গছ ৰুব পাৰিব আৰু গছ ৰুই প্ৰতিদিনে নিজৰ এখন ধুনীয়া বাগিছা গঢ় দিব পাৰে । এপটোত আপুনি গছডাল ডাঙৰ হ’বলৈ লগা সময়টো নিজেই চে’ট কৰি ল’ব পাৰে । এই সময়টো ন্যূনতম ১০ মিনিটৰ পৰা ১২০ মিনিট অৰ্থাৎ দুঘন্টাৰ ভিতৰত মিলাই ল’ব পাৰি । এপটোত পূৰ্বৰে পৰা ২৫ মিনিটৰ সময়টো চে’ট কৰা থাকে । এই সময়টোকে এটা ভাল সীমা বুলি ক’ব পাৰি । এতিয়া মন কৰিবলগীয়া কথাটো হ’ল- আপুনি গছ এডাল ৰুবলৈ আৰম্ভ কৰাৰ পিছত এই ঠিক কৰি লোৱা সময়সীমাটোৰ ভিতৰত আপোনাৰ ম’বাইলটো খুলিব নোৱাৰে । আৰু খুলিবলৈ চেষ্টা কৰিলেও স্ক্ৰিণখনত আপোনাক নিজৰ কামত মনোযোগ দিবলৈ সকিয়াই দিয়া হ’ব । যদি আপুনি সেই সময়টোৰ পূৰ্বে ম’বাইলটো খুলি চোৱাৰ ইচ্ছাটো দমাই ৰাখিব নোৱাৰে, আপোনাৰ গছডাল আধাতে মৰি থাকিব । এডাল ডাল-পাত নোহোৱা মৃত গছে নিশ্চয় আপোনাৰ বাগিছাখনো দেখিবলৈ বেয়া কৰিব । গতিকে দিনটোত যিমানকেইডাল গছ ৰুব পাৰিব, সিমানেই আপোনাৰ বাবে ভাল । আপুনি দৈনিক ৰুব পৰা গছৰ সংখ্যাই এটা মোটামুটি ধাৰণা দিব যে আপুনি দিনটোৰ কিমানখিনি সময় বাধা-বিঘিনি নোহোৱাকৈ মনোযোগেৰে নিজৰ কাম কৰিলে । এখন ধুনীয়া বাগিছা গঢ় দিব পাৰিলে ই আপোনাৰ মনলৈও এক সন্তুষ্টিৰ ভাৱ আনিব । তদুপৰি দিনটোত আপুনি কিমান মিনিট সময় মনোযোগেৰে কাম কৰিলে, দিন-সপ্তাহ-মাহ অনুযায়ী আপোনাৰ প্ৰদৰ্শন কেনে আছিল, ইত্যাদি বিভিন্নধৰণৰ পৰিসংখ্যা আপুনি চাব পাৰে ।
ব্যৱহাৰকাৰীৰ পৰা যথেষ্ট ভাল সঁহাৰি লাভ কৰা এই এপটোত আন কিছু সুবিধাও আছে । ইয়াত গছৰ প্ৰকাৰটো নিজৰ পছন্দ অনুসৰি বাছি ল’ব পাৰি । প্ৰায় ১৫০-২০০ টকা খৰছ কৰি আপুনি এপটোৰ অতিৰিক্ত সুবিধাখিনিও সক্ৰিয় কৰি ল’ব পাৰে । যেনে ধৰক, স্মাৰ্টফোনটোৰ দুটামান গুৰুত্বপূৰ্ণ এপক গছডাল বৃদ্ধি হৈ থকাৰ সময়তো মুক্তভাৱে কাম কৰাৰ স্বাধীনতা দিয়া । আপুনি গছ এডাল বাঢ়িবলৈ দিয়াৰ সময়তে যদি ফোন কল এটা অহা বাবে গছডাল মৰি যায়, আপোনাৰ নিশ্চয় বেয়া লাগিব । গতিকে ফোন অহা-যোৱা বা আন দুই এটা এপ আপুনি বাধাহীনভাৱে সক্ৰিয় কৰি ৰাখিব পাৰে । তদুপৰি এডাল গছ সফলভাৱে ৰুব পাৰিলে তাৰ বিনিময়ত আপুনি কিছু ভাৰ্ছুৱেল কইন লাভ কৰিব পাৰে ।
ভাল খবৰটো হৈছে- ফৰেষ্ট এপটো সদ্যহতে আফ্ৰিকা মহাদেশৰ পাঁচখন দেশত কাম কৰি থকা মেৰিলেণ্ডৰ বেচৰকাৰী প্ৰাকৃতিক সংস্থা এটাৰ সৈতে চুক্তিৱদ্ধ । ফৰেষ্ট এপৰ ব্যৱহাৰকাৰীসকলক অনুপ্ৰাণিত কৰিবলৈ আপোনাৰ হৈ এই সংস্থাটোৱে আচল গছো ৰুব । তাৰ বাবে আপুনি ন্যূনতম ২৫০০ কইন আহৰণ কৰিব লাগিব (অৱশ্যে এইটো ফৰেষ্ট এপৰ বিনামূলীয়া সংস্কৰণতটোত উপলব্ধ নহয়) । ফৰে’ষ্ট এপৰ ৱেবচাইটটোত এতিয়ালৈ এনেদৰে ৰোপণ কৰা আচল গছৰ হিচাপটো দিয়া আছে । গতিকে আওপকীয়াকৈ আপুনি ফৰে’ষ্ট এপটোৰ যোগেৰে আচল বৃক্ষৰোপণৰো কৃতিত্ব ল’ব পাৰে ।
গতিকে যেতিয়াই আপুনি ভাবিছে যে এতিয়া মনোযোগ দি পঢ়িব বা আন কিবা কাম কৰিব, অথচ অলপ পিছতে হোৱাটছ্ এপটো বা ইনষ্টাগ্ৰামটো খুলি চাবলৈ মনটো উচপিচাই থকাৰ সম্ভাৱনা আছে; আপুনি এই ফৰে’ষ্ট এপটোত গছ এডাল ৰোৱা আৰম্ভ কৰক । আপুনি অন্ততঃ সেই নিৰ্দিষ্ট সময়খিনি মনোযোগেৰে নিজৰ কামত লাগিব পাৰিব । শেষত এটা কথা যোগ দিওঁ, শুবৰ সময়ত বা খাবৰ সময়ত গছ ৰুবলৈ চেষ্টা কৰি মিছাতে আত্মসন্তুষ্টি লভিবলৈ নাযাব । তেনে কৰিলে নিজক ফাকি দিয়াৰ বাহিৰে আন একো নহ’ব !😅
ফটো উৎস- গুগল প্লে’ ষ্ট’ৰ
janardanneog
ভাল ভাল
LikeLiked by 1 person