গণিত-বিজ্ঞানৰ পাঠ্যক্ৰমত ইতিহাস শিক্ষাৰ প্ৰয়োজনীয়তা

২০১৩ চনৰ প্ৰথমভাগৰ কথা। গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজিত ৰাজ্যিক পৰ্য্যায়ৰ কেমিষ্ট্ৰি অলিম্পিয়াডৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত আছিলোঁ। মুখ্য বক্তাজন আছিল কলকাতাস্থিত “ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান” চমুকৈ আইজাৰৰ অধ্যাপক। পাৱাৰপইন্ট প্ৰেজে’ন্টেশ্বনৰ জৰিয়তে প্ৰদান কৰা বক্তৃতাটো এতিয়া মনত নাই যদিও এষাৰ কথা আজিও ভালদৰে মনত ৰৈ গ’ল। প্ৰে’জেন্টেশ্বনৰ পৰ্দাখনত নিউটন আৰু আইনষ্টাইনৰ ছবিখন দেখুৱাই অধ্যাপকজনে প্ৰায় এইধৰণে কৈছিল- “আমি কেৱল শ্বাহৰুখ খান, আমীৰ খানৰ দৰে অভিনেতাসকলকহে হিৰ’ (নায়ক) বুলি ভাবোঁ। কিন্তু নহয়, এইসকলহে মোৰ দৃষ্টিত প্ৰকৃত হিৰ’। এই বিজ্ঞানৰ নায়কসকলেহে গোটেই বিশ্বৰ ৰেহৰূপ সলনি কৰি দিছে ।”

অধ্যাপকজনৰ এই এষাৰ কথাই মোৰ মনত সাংঘাটিকভাৱে ৰেখাপাত কৰিছিল আৰু এটা নতুন চিন্তাৰ খোৰাক জগাইছিল। …… ঠিকেই ! চলচ্চিত্ৰ তাৰকাসকলে আগবঢ়োৱা উল্লেখনীয় অৱদান অনস্বীকাৰ্য্য। কিন্তু এই বিজ্ঞানীসকলো কিতাপৰ পৃষ্ঠাত সোমাই থকা একোখন ফটোমাত্ৰ নহয়। যদিও তেওঁলোকে চিনেমাৰ নায়কৰ দৰে সৰ্বসাধাৰণ ৰাইজক আমোদ দিয়া নাই, তেওঁলোকৰ কাম-কাজ সম্পৰ্কে সৰ্বসাধাৰণ ৰাইজৰ নিৰন্তৰ দৃষ্টি নাথাকে, তেওঁলোকৰ নিৰলস সাধনা সকলো সময়ত ৰাইজৰ দৃষ্টিত নপৰে, তথাপিও তেওঁলোক এখন নিৰৱ পৃথিৱীৰ হিৰ’। যিয়ে আমাৰ পৃথিৱীখন ক’ব নোৱাৰাকৈয়ে সাংঘাটিকভাৱে সলনি কৰি দিছে। সেইদিনাৰ বক্তৃতাটোত অধ্যাপকজনৰ এই এটা মাত্ৰ বাক্যই মোক বিজ্ঞানী আৰু বিজ্ঞান-চৰ্চাসম্পৰ্কে নতুনকৈ ভবাই তুলিছিল। আৰু সেইদিনধৰি বিজ্ঞানী আৰু বিজ্ঞানীসকলৰ কৰ্মৰাজিসম্পৰ্কে জনাৰ এটা নতুন আগ্ৰহ জন্মিছিল যিটো আজিলৈ বৰ্তি আছে।

পিছলৈ চিন্তা কৰিলোঁ, বিজ্ঞানী আৰু গণিতজ্ঞসকলৰ দৰে পৃথিৱীৰ মহান চিন্তানায়কসকলৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰ মনত তেনে এটা নায়কসদৃশ দৃষ্টিভংগী কিদৰে গঢ়ি তুলিব পাৰি? কিদৰে কিতাপৰ পৃষ্ঠাত আৱদ্ধ ইতিহাসৰ এইসকল চমৎকাৰী মানৱক একোখন উত্তেজনাময় ক্ষেত্ৰৰ অন্বেষক আছিল বুলি পৰিচয় কৰাই দিব পাৰি? মাত্ৰ এটা পথেই মোৰ মনলৈ আহিছিল- স্কুলীয়া পৰ্য্যায়তে ছাত্ৰ-ছাত্ৰীক গণিত-বিজ্ঞানৰ চমৎকাৰী আৱিষ্কাৰৰ কাহিনীসমূহ দাঙি ধৰা আৰু ইতিহাসৰ সঠিক জ্ঞান দিয়া।

এবাৰ কল্পনা কৰক, আপুনি টলেমি’ আৰু তাৰ আগৰ দিনৰ পৰাই বিশ্বব্ৰহ্মাণ্ডখনৰ আৰ্হি বুজিবলৈ চলি অহা প্ৰচেষ্টাক নিজ চকুৰে দেখিবলৈ পাইছে। দেখিবলৈ পাইছে, কিদৰে শেষত কপাৰ্নিকাছৰ সৌৰকেন্দ্ৰিক আৰ্হিয়ে প্ৰতিষ্ঠা লাভ কৰিলে। দেখিবলৈ পাইছে, গেলিলিঅ’-নিউটনৰ দিনত গতি-মহাকৰ্ষণ তত্ত্ব বিকাশৰ চেষ্টা আৰু তেওঁলোকে লাভ কৰা অতুলনীয় সাফল্য। সেই মুহূৰ্তসমূহ আৰু তেওঁলোকৰ চিন্তাৰ স্তৰসমূহ আপুনি নিজ চকুৰে দেখাৰ আৰু উপলব্ধি কৰাৰ সুযোগ পালে এখন চিনেমা চোৱাতকৈ আপোনাৰ আনন্দও কোনোগুণে কম নহ’লহেঁতেন।

এইসমূহ অভিজ্ঞতা পোনপটীয়াকৈ আহৰণ কৰাটো আমাৰ বাবে সম্ভৱ নহয়। কিন্তু বিজ্ঞানৰ ইতিহাস সম্পৰ্কে ছাত্ৰ-ছাত্ৰীৰ সচেতনতা গঢ়িব পাৰিলেও অন্ততঃ তেওঁলোকৰ ধাউতি বাঢ়িব। গণিত বা বিজ্ঞানৰ এটা পাঠত অন্তৰ্ভুক্ত বিষয়বস্তুখিনি অধ্যয়ন কৰাৰ অন্তৰালত কাৰ কি অৱদান জড়িত হৈ আছে, সেই সময়খিনিৰ পৰিস্থিতিটো কেনে আছিল বা কেনে প্ৰেক্ষাপটত সেই আৱিষ্কাৰটো সম্ভৱ হ’ল, আৱিষ্কাৰকজনৰ জীৱন কাহিনীসম্পৰ্কে সম্যক ধাৰণা থাকিলেহে বিষয়বস্তু এটা অধিক আকৰ্ষণীয় আৰু জীৱন্ত হৈ পৰে। ছাত্ৰ-ছাত্ৰীৰো ভৱিষ্যতলৈ সেই ক্ষেত্ৰখনত অধিক চৰ্চা কৰাৰ আগ্ৰহ বৃদ্ধি পায়। কথাখিনি আনবোৰ বিষয়তো প্ৰযোজ্য যদিও গণিত-বিজ্ঞানৰ ক্ষেত্ৰত অধিক প্ৰাসংগিক বুলি ভাবোঁ।

এটা সৰু উদাহৰণ দিওঁ। ধৰা হ’ল- এজন শিক্ষকে বিজ্ঞানৰ পাঠত পৰমাণু আৰু মৌলিক কণাসম্পৰ্কে ধাৰণা দিবলৈ চেষ্টা কৰিছে। অতি কমসংখ্যক শিক্ষকে অণু-পৰমাণুৰ ক্ষুদ্ৰতম জগতখন সম্পৰ্কে মানুহৰ প্ৰাচীনকালৰ পৰা জাগি অহা অনুসন্ধিৎসাক খুব সৰলকৈ এটা সাধুকথা কোৱাৰ লেখীয়াকৈ উপস্থাপন কৰিব। কিদৰে এসময়ত পাঁচটা মৌলিক উপাদানেৰে (বায়ু, মাটি, জুই, পানী আৰু আকাশ/ইথাৰ) সকলো বস্তু গঠন হয় বুলি ভবা হৈছিল। কেনেকৈ এসময়ত পৰমাণুকে ক্ষুদ্ৰতম অবিভাজ্য কণিকা বুলি ভবা হৈছিল আৰু ডেম’ক্ৰিটাছে সিহঁতক ‘এটম’ নাম দিছিল। কিদৰে পিছলৈ প্ৰটন-ইলেকট্ৰনৰ দৰে পৰমাণুতকৈও ক্ষুদ্ৰ আকাৰৰ মৌলিক কণিকা থকা বুলি প্ৰমাণিত হ’ল। কেৱল সেয়াই নহয়, পিছত যে কোৱাৰ্কৰ দৰে পূৰ্বতকৈও অধিক মৌলিক কণিকাৰ অস্তিত্ব পোৱা গৈছে, সেইসম্পৰ্কে হয়তো চমু আভাস দিব। কিন্তু অধিকাংশ শিক্ষকেই ছাত্ৰ-ছাত্ৰীক ইতিহাসৰ এই নিৰন্তৰ সোঁতটোৰ লগত পৰিচয় কৰাই দিয়াৰ সলনি পোনে পোনে ডেল্টনৰ পাৰমাণৱিক তত্ত্ব বা ব’ৰ-ৰাডাৰফ’ৰ্ডৰ পৰমাণু আৰ্হিলৈ জাপ মাৰিব।

এই উদাহৰণটোত দুইশ্ৰেণীৰ শিক্ষকে দুটা পৃথক ধৰণে অধ্যায়টো আৰম্ভ কৰিলে। হয়তো দুয়োটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীখিনিয়ে পাঠ্যপুথিৰ বিষয়বস্তুখিনি একেই শিকিব। কিন্তু তাৰ মাজতো কিবা এটা যেন ডাঙৰ পাৰ্থক্য থাকি যাব। প্ৰথমজনে সেই তত্ত্ব বা বিষয়বস্তুৰ জন্ম আৰু বিকাশৰ উত্তেজনাৰ লগত একাত্মীয়তা অনুভৱ কৰিব পাৰিব আৰু সেই বিকাশৰ স্তৰত আজিৰ পৰিস্থিতিটো ভালদৰে বুজি পাব। হয়তো সেইখিনি তথ্যই শিক্ষাৰ্থীজনক নিজকো এই নিৰন্তৰ প্ৰগতিৰ বাটত অংশীদাৰ হোৱাৰ সপোন দেখিবলৈ উদ্বুদ্ধ কৰাব পাৰে। কিন্তু দ্বিতীয়জনে শিকিব কেৱল বিষয়বস্তু। নিজাকৈ আগ্ৰহ নজন্মিলে তেওঁ সেই বিষয়বস্তুৰ লগত কোনোধৰণে জড়িত হ’বলৈ অনুপ্ৰাণিত নহয়।

আন এটা কথা। আচলতে গণিত-বিজ্ঞানৰ তত্ত্ব-সূত্ৰসমূহতকৈও আমাক বেছি আমোদ দিয়ে ইয়াৰ অন্তৰালৰ কাহিনী আৰু ঘটনাসমূহেহে। স্কুলীয়া পৰ্য্যায়তে বিজ্ঞানত পঢ়িবলগা আৰ্কিমিডিছৰ সূত্ৰটো এইধৰণৰ এষাৰ বাক্যৰে উপস্থাপন কৰা হয় – “তৰলত ডুবালে বস্তু এটাই হেৰুওৱা ওজন বস্তুটোৱে অপসাৰণ কৰা তৰলৰ ওজনৰ সমান”। সূত্ৰটো এইষাৰ বাক্য বা ইয়াৰ প্ৰমাণ এটাৰেই বুজি ল’ব পাৰি যদিও আৰ্কিমিডিছে কি পৰিস্থিতিত সূত্ৰটো আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল, সেই সম্পৰ্কে প্ৰচলিত কাহিনীটোৱেহে সকলোকে বেছি আনন্দ দিয়ে আৰু মনত ৰখাত অধিক সহায় কৰে।

আমাৰ পাঠ্যপুথিসমূহত সাধাৰণতে এটা বা দুটা দফাত অধ্যায়টো সম্পৰ্কে কিছু বিৱৰণ দিয়া থাকে। কিন্তু সেয়াই যথেষ্ট নহয়। এইক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্ৰীয়ে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে বুলি মই বিশ্বাস কৰোঁ। আগ্ৰহী কিছু ছাত্ৰ-ছাত্ৰীয়ে বিজ্ঞান-গণিতৰ জনপ্ৰিয় পুথিসমূহ বা আজিকালি ইন্টাৰনেটৰ সহায় লয় যদিও শিক্ষকে আগভাগ ল’লেহে অধিকসংখ্যক ছাত্ৰ-ছাত্ৰী বিজ্ঞানৰ প্ৰকৃত জগতখনৰ প্ৰতি আকৰ্ষিত হ’ব। যিহেতু পাঠদানৰ সীমিত সময়ত সকলো বিষয়বস্তু গভীৰতাৰে শিকোৱাটো সম্ভৱো নহয়, প্ৰতিটো অধ্যায় আৰম্ভণিৰ আগতে অন্ততঃ এদিন শিক্ষক-শিক্ষয়িত্ৰীয়ে কেৱল অধ্যায়টোৰ গুৰুত্ব, বিষয়বস্তুৰ ইতিহাসসম্পৰ্কে কিছু আভাস দিয়া উচিত। ছাত্ৰ-ছাত্ৰীয়ে বুজি উঠা প্ৰয়োজন যে অধিকাংশ ক্ষেত্ৰতে কিতাপত পঢ়ি অহা বিজ্ঞানৰ তথ্য বা জ্ঞানেই স্বয়ংসম্পূৰ্ণ বা শেষ সত্য নহয়। বৰং বিজ্ঞান এক প্ৰৱাহমান সুঁতিৰ লেখীয়া। গতিকে ছাত্ৰ-ছাত্ৰীক এই সত্যসন্ধানী ভৱিষ্যৎমুখী সোঁতটোৰ লগত চামিল হ’বলৈ উদ্বুদ্ধ কৰাটোহে অতিকৈ প্ৰয়োজন।

ফৰাছী গণিতজ্ঞ চেড্ৰিক ভিলানিয়ে নিজৰ গৱেষণা সম্পৰ্কে এটা সাক্ষাৎকাৰত কৈছিল – “গণিতৰ গৱেষণাক্ষেত্ৰখন মোৰ দৃষ্টিত একধৰণৰ দুঃসাহসিক অভিযানৰ নিচিনা”। হয়তো বিজ্ঞান-গণিতৰ দৰে বিষয়ৰ প্ৰতি আমাৰ দৃষ্টিভংগীটো সলাব পাৰিলে নতুন প্ৰজন্ময়ো এদিন বুজি পাব যে বিজ্ঞানৰ তত্ত্ব-সূত্ৰবোৰ কেৱল সমাজৰ পৰা আওহতীয়া এচাম অতি প্ৰখৰ বুদ্ধিৰ মানুহৰ মগজুৰ কচৰতৰ ফলাফল নহয়, বৰং এখন অতি আকৰ্ষণীয়, চমৎকাৰী দুনিয়াৰ মাজত চলা এক অভিযান কাহিনীহে। আৰু এই অভিযানৰ নেতৃত্ব লোৱা গণিতজ্ঞসকল, বিজ্ঞানীসকল সঁচাকৈয়ে একো একোজন মহানায়ক।

ফটো উৎস- pixabay.com

মন্তব্য প্ৰদান কৰক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s