কাৰেণ য়ুলেনবেক : এবেল বঁটাৰ ইতিহাসত প্ৰথমগৰাকী মহিলা

“I am aware of the fact that I am a role model for young women in mathematics, and that’s partly what I’m here for. It’s hard to be a role model, however, because what you really need to do is show students how imperfect people can be and still succeed.” – Karen Keskulla Uhlenbeck

গণিত-বিজ্ঞানৰ দৰে বৌদ্ধিক চিন্তা-চৰ্চাৰ ক্ষেত্ৰসমূহ আজিৰ একবিংশ শতিকাতো পুৰুষপ্ৰধান হৈয়েই আছে । ডাঙৰ-ডাঙৰ আৱিষ্কাৰৰ ক্ষেত্ৰতে হওঁক, বা নোবেলৰ দৰে বঁটা-বাহনৰ ক্ষেত্ৰতে হওঁক; মহিলাৰ সেৰেঙা উপস্থিতি সহজে চকুত পৰে । কিন্তু শেহতীয়া বছৰকেইটাত কেইগৰাকীমান মহিলাই নিজৰ অনবদ্য অৱদানেৰে পূৰ্বৰ পৰিস্থিতিটো কিছু হ’লেও সলনি হোৱাৰ ইংগিত দিছে । যোৱা ২০১৪ বৰ্ষত ইৰাণী গণিতজ্ঞ মাৰিয়াম মিৰ্জাখানীয়ে ফিল্ডছ্ মেডেলৰ ৮০ বছৰীয়া ইতিহাসত প্ৰথমগৰাকী মহিলা বঁটাপ্ৰাপকৰূপে খলকনিৰ সৃষ্টি কৰিছিল । এইক্ষেত্ৰত শেহতীয়া সংযোজন হ’ল আমেৰিকান গণিতজ্ঞ কাৰেণ কেছকুল্লা য়ুলেনবেক । এইবৰ্ষৰ ১৯ মাৰ্চত ঘোষিত গণিতৰ নোবেলসদৃশ এবেল বঁটা লাভ কৰি য়ুলেনবেকে পুনৰবাৰ উচ্চপৰ্যায়ৰ গৱেষণাৰ জগতখনত মহিলাৰ জয়গাঁথা কঢ়িয়াইছে ।

এটা ডাঙৰ বঁটা বা স্বীকৃতিৰ অন্যতম বৈশিষ্ট্য হৈছে ই বহল ভিত্তিত দিব পৰা সামাজিক পৰিচিতি । অন্যথা গুৰুত্বপূৰ্ণ অৱদান আৰু অৱদানকাৰীয়েও কেতিয়াবা সকলোৰে দৃষ্টি আকৰ্ষণ নকৰিব পাৰে । ৭৬ বছৰীয়া বৰ্ষীয়ান গণিতজ্ঞ কাৰেণ য়ুলেনবেকো নিজৰ অসামান্য অৱদানেৰে গাণিতিক সমাজত পূৰ্বৰ পৰাই পৰিচিত আছিল বা আন কেইবাটাও সন্মানীয় স্বীকৃতি লাভ কৰিছিল যদিও বহল ভিত্তিত মানুহে চিনি পোৱা নাছিল । আনকি তেওঁৰ ধাৰণাক ভিত্তি কৰি অৱদান আগবঢ়োৱা আন গণিতজ্ঞই ইতিমধ্যে এবেল বঁটা, ফিল্ডছ্ মেডেল লাভ কৰি থৈছে । কিন্তু এবেল বঁটা ঘোষণাৰ লগে লগেহে কাৰেণ য়ুলেকবেকৰ নাম দেশে-বিদেশে প্ৰচাৰিত হৈছে, তেওঁৰ কৰ্মৰাজি সম্পৰ্কে ব্যাপক হাৰত চৰ্চা হ’বলৈ ধৰিছে ।

য়ুলেনবেকে গণিতজগতলৈ আগবঢ়োৱা অৱদান বহুধা বিভক্ত৷ জ্যামিতিক বিশ্লেষণ, গজ তত্ত্ব, আংশিক অৱকলনীয় সমীকৰণ, পৰিৱৰ্তনৰ কলনগণিত (Calculus of variations), অনুকলনীয় তন্ত্ৰ (Integrable system) আদি উচ্চ গণিতৰ কেবাটাও শাখা তেওঁৰ গৱেষণাৰে সমৃদ্ধ হৈছে৷ বিশেষকৈ তেওঁৰ অৱদানসমূহ পদাৰ্থবিজ্ঞানৰ দিশৰ পৰাও যথেষ্ট তাৎপৰ্য্যপূৰ্ণ৷ এবেল কমিটীয়ে ৬ নিযুত ক্ৰোনাৰ (ভাৰতীয় মূল্যৰে প্ৰায় ৫ কোটি টকা) অৰ্থমূল্যৰ বঁটাটোৰ বাবে তেওঁক নিৰ্বাচন কৰাৰ কাৰণ – “জ্যামিতীয় আংশিক অৱকলনীয় সমীকৰণ, গজ তত্ত্ব, অনুকলনীয় তন্ত্ৰৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰণী সাফল্য; আৰু বিশ্লেষণ, জ্যামিতি আৰু গাণিতিক পদাৰ্থবিজ্ঞানত তেখেতৰ কৰ্মৰাজিয়ে পেলোৱা মৌলিক প্ৰভাৱ” বুলি উল্লেখ কৰিছে৷

কাৰেণ য়ুলেনবেক “জ্যামিতিক বিশ্লেষণ” (Geometric analysis) শাখাটোৰ বাটকটীয়াস্বৰূপ৷ ইয়াৰ জন্মৰ মূলতে আছিল তেওঁ “ন্যূনতম পৃষ্ঠকালি” (Minimal surface) নামৰ ক্ষেত্ৰখনত কৰা এলানি গৱেষণা৷ ১৯৭০ৰ দশকৰ আৰম্ভণিতে য়ুলেনবেকে ইউ.আই.ইউ.চি.ত অধ্যাপনা কৰিবৰ সময়ত পোষ্ট ডক্টৰেট গৱেষক মাইকেল ছেকছৰ জৰিয়তে তেওঁ এই বিষয়টোৰ সৈতে প্ৰথম পৰিচিত হৈছিল। পূৰ্বে এইক্ষেত্ৰত কি ধৰণৰ গৱেষণা চলিছে, তাৰ বিশেষ পূৰ্বাভাস নথকাকৈয়ে তেওঁ সমস্যাটোত মনোনিৱেশ কৰিছিল৷ পিছত অৱশ্যে য়ুলেনবেকে ইয়াক এটা ইতিবাচক দিশ বুলি গণ্য কৰিছিল, কাৰণ সেইবাবেই তেওঁ সম্পূৰ্ণ মুক্ত মনেৰে নিজাধৰণে সমস্যাটো চালিজাৰি চাবলৈ সক্ষম হৈছিল৷

ন্যূনতম পৃষ্ঠকালিৰ ধাৰণাটো প্ৰকৃতিয়ে নিজেও সুচতুৰভাৱে ব্যৱহাৰ কৰে৷ ইয়াৰ সৰ্বোৎকৃষ্ট উদাহৰণ চাবোন-পানীৰ বুৰবুৰণিবোৰ৷ চাবোন-পানীৰ পৰা যেতিয়া বুৰবুৰণিৰ সৃষ্টি হয়; সেইবোৰ সদায় গোলাকৃতিৰ হোৱা দেখা হয়৷ ইয়াৰ কাৰণ হৈছে তৰলৰ পৃষ্ঠটান (Surface tension) নামৰ ধৰ্মটো, যাৰ বাবে ই বুৰবৰণিটোৰ আৱৰণখনৰ পৃষ্ঠকালি আৰু একে সময়তে পৃষ্ঠখনত নিহিত শক্তিকো সৰ্বনিম্ন কৰি ৰাখিব বিচাৰে৷ গতিকে চাবোন-পানীৰ এই বুৰবুৰণিবোৰে এক নিৰ্দিষ্ট পৰিমাণৰ বায়ু আগুৰিবলৈ আন যিকোনো আকৃতি লোৱাতকৈ গোলাকাৰ আকৃতিটোকে বাছি লয়, কিয়নো একেখিনি বায়ু আগুৰিবলৈ গোলকতকৈ কম পৃষ্ঠকালিৰ আন একো আকৃতি নাই৷ কথাটো এনেকৈয়ো ক’ব পাৰি যে চাবোন-পানীৰ বুৰবুৰণিবোৰে পৃষ্ঠকালি কমাই গৈ গৈ গোলাকাৰ আকৃতি লাভ কৰিলেহে এটা সাম্য অৱস্থা লাভ কৰে৷

এই উদাহৰণটোকে সামান্য পৃথকভাৱেও পৰীক্ষা কৰি চাব পাৰি৷ যদি এডাল ধাতুৰ তাঁৰ পকাই তাঁৰডালৰ এটা মূৰে এটা ঘনকীয় গাঁথনি সাজি লোৱা হয় আৰু সেইটো এবাৰ চাবোন-পানীত ডুবাই উঠাই অনা যায়, দেখা যাব যে আমি বহুতেই অনুমান কৰাৰ দৰে চাবোনৰ ফেনবোৰে পোনে পোনে ঘনকটোৰ পিঠিয়ে পিঠিয়ে আৱৰণ সাজি ঘনকটো সম্পূৰ্ণ নকৰে৷ তাৰ সলনি ঘনকটোৰ মাজভাগত লগ লগাকৈ কেইখনমান ভিতৰমুৱা পৃষ্ঠহে গঠন কৰিব, যাতে পৃষ্ঠকালিটো ন্যূনতম কৰি ৰাখিব পাৰে৷ তাঁৰডালেৰে আন আন আকৃতিৰ গাঁথনি সাজি চাবোন-পানীত ডুবাই চালেও চাবোনৰ ফেনবোৰে ততাতৈয়াকৈ সেইটো আকৃতিহে বাছি ল’ব, য’ত পৃষ্ঠকালি ন্যূনতম৷ মুঠতে প্ৰকৃতিৰ মূল উদ্দেশ্য প্ৰতিটো ক্ষেত্ৰতে ন্যূনতম শক্তি সঞ্চয় কৰি ৰখা আৰু সেইটো আহৰণ হয় ন্যূনতম পৃষ্ঠকালিৰ জৰিয়তেহে৷ ১৮৪৯ চনত বেলজিয়ান পদাৰ্থবিদ জোছেফ প্লেট’ই পোনপ্ৰথমবাৰৰ বাবে চাবোন-পানীৰ সহায় লৈ ন্যূনতম পৃষ্ঠকালিৰ সমস্যাটো পৰীক্ষা কৰি চাইছিল৷ যিকোনো ধৰণৰ গাঁথনিৰ বাবে ন্যূনতম পৃষ্ঠকালিৰ আকৃতি বাছি উলিওৱাৰ সমস্যাটো পিছলৈ তেওঁৰ নামেৰে “প্লেট’ৰ সমস্যা”ৰূপে (Plateau’s problem) পৰিগণিত হয়৷

bubble-macro-soap-513392626539951330014528.jpg

ফটো উৎস- pixabay.com

20190421_2055011498810284837889038.jpg

ফটো উৎস- Priyankush Deka

বিভিন্ন কাৰকৰ ভিত্তিত ফলন বা ৰাশি এটা কিদৰে সলনি হয় আৰু ৰাশিটোৱে কিদৰে সৰ্বোচ্চ বা সৰ্বনিম্ন মান লাভ কৰে, সেইসম্পৰ্কে “পৰিৱৰ্তনৰ কলনগণিত” (Calculus of variations) নামৰ শাখাটোত অধ্যয়ন কৰা হয়৷ “ন্যূনতম পৃষ্ঠকালি”ৰ অধ্যয়নো ইয়াৰ অন্তৰ্গত৷ সাধাৰণতে বিভিন্ন পৃষ্ঠসমূহক গাণিতিকভাৱে আংশিক অৱকলনীয় সমীকৰণৰ সহায়ত প্ৰকাশ কৰা হয় আৰু ইহঁতে বুজাব পৰা জ্যামিতিক আকৃতিবোৰক “নক্সা” (mapping) বুলি ক’ব পাৰি৷ ইয়াৰে ন্যূনতম পৃষ্ঠকালিৰ নক্সাটোক সেই সমীকৰণটোৰ বাবে “সমঞ্জস নক্সা” (harmonic mapping) বোলা হয়৷ অৰ্থাৎ, সমঞ্জস নক্সা হ’লে সেই আকৃতিটোৰ পৃষ্ঠকালি কম হোৱাৰ উপৰি শক্তিও সবাতোকৈ নিম্নস্তৰত থাকে৷ সমঞ্জস নক্সাৰ ক্ষেত্ৰত এই সৰ্বনিম্ন শক্তিৰ মানটোক “ডিৰেখলেট শক্তি” (Dirichlet energy) বোলে৷ ওপৰৰ উদাহৰণটোত, চাবোন-পানীৰ বুৰবুৰণিয়ে ধাতুৰ তাঁৰডালৰ যিকোনো আকৃতিতে সহজেই সমঞ্জস পৰ্য্যায়লৈ আহিছিল যদিও উচ্চতৰ মাত্ৰা বা আন কিছুমান জটিল আকাৰৰ ক্ষেত্ৰত গাণিতিকভাৱে সমঞ্জস নক্সাটো বাছি উলিওৱাটো সহজসাধ্য নহয়৷

য়ুলেনবেকৰ গৱেষণাৰ আধাৰ আছিল তেওঁৰেই পি.এইচ.ডি.ৰ গাইড ৰিচাৰ্ড পেলেইছ আৰু সহযোগী ষ্টিফেন স্মেলে (১৯৬৬ চনৰ ফিল্ডছ্ মেডেল প্ৰাপক) আগবঢ়াই থোৱা কিছু গুৰুত্বপূৰ্ণ ফলাফল৷ জটিল আকৃতিসমূহৰ সাম্য অৱস্থাটো নিৰ্ণয় কৰিবলৈ ১৯৬৩ চনত এই গণিতজ্ঞ দুগৰাকীয়ে পেলেইছ-স্মেল দৃঢ় স্থিতি (Palais-Smale compactness condition) নামৰ ফলাফল এটা প্ৰকাশ কৰিছিল৷ তেওঁলোকৰ ফলাফল মতে, যদি এটা কাৰকে এই দৃঢ় স্থিতিটো মানি চলে, তেনেহ’লে সেই কাৰকটোৰ মান কমাই গৈ থাকিলে এসময়ত তাৰ আকৃতিটোও সমঞ্জস নক্সাখনৰ ওচৰলৈ আহিব৷ উদাহৰণস্বৰূপে, যদি স্থিতিশক্তিয়ে পেলেইছ-স্মেল দৃঢ় স্থিতি মানি চলে, তেনেহ’লে স্থিতিশক্তি কমাই গৈ থাকিলে নক্সাখনো ধীৰে ধীৰে সমঞ্জস নক্সাৰ ওচৰ চাপিব৷

কিন্তু পেলেইছ-স্মেল দৃঢ় স্থিতিও সীমিত ক্ষেত্ৰতহে প্ৰযোজ্য৷ যিকোনো এখন নক্সাই কেৱল প্ৰথম মাত্ৰাতহে এই দৃঢ় স্থিতি মানি চলে৷ পিছত য়ুলেনবেক আৰু জনাথন ছেকছে বিষয়টো সম্পৰ্কে গভীৰভাৱে গৱেষণা কৰি নতুন তথ্যৰ উন্মোচন কৰিবলৈ সক্ষম হৈছিল৷ তেওঁলোক দুয়োৱে দেখুৱালে যে শক্তিৰ নিচিনাই এটা নতুন পৰিমাত্ৰাৰে (parameter) তুলনা কৰিলে প্ৰায়বোৰ দ্বিমাত্ৰিক আকৃতি বা আনবোৰ ক্ষেত্ৰতো দৃঢ় স্থিতি সফলভাৱে প্ৰয়োগ কৰিব পাৰি৷ এই নতুন পৰিমাত্ৰাটোৰ মান কমাই আনি ডিৰেখলেট শক্তিৰ ওচৰলৈ অনাৰ লগে লগে আকৃতিটোৰ নক্সাখনো সমঞ্জস নক্সাৰ ওচৰ চাপিবলৈ ধৰে৷

অৱশ্যে কিছুমান ক্ষেত্ৰত সৰ্বনিম্ন পৃষ্ঠকালিখন মসৃণ নহয় বা সমীকৰণটোৰ সমাধানেই পোৱা নাযায়৷ সহজ ভাষাত ক’ব গ’লে, য়ুলেনবেকে এই সংজ্ঞাৱদ্ধ নোহোৱা বিন্দুকেইটাকো বিৱৰ্ধন কৰি বুৰবুৰণিৰূপে মানি ল’ব পৰাৰ পদ্ধতি উলিয়াইছিল৷ সেইবাবে এই বিন্দুকেইটাক “বুৰবুৰণি অদ্বৈত বিন্দু” (Bubble singularity) বুলি জনা যায়৷ বুৰবুৰণি অদ্বৈত বিন্দুৰ ধাৰণাটো পৰৱৰ্তী সময়ত গণিতৰ আনবোৰ শাখাত প্ৰয়োগ হোৱাৰ উপৰি ৰজ্জু তত্ত্বৰ (string theory) দৰে তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ বিষয়তো অতি সহায়ক আঁঁহিলাৰূপে প্ৰতিপন্ন হৈছে৷

এই গোটেইখিনি ক্ষেত্ৰত বিভিন্ন কাৰকৰ ভিত্তিত পৃষ্ঠকালি কিদৰে সলনি হয়, সেইটো আংশিক অৱকলনীয় সমীকৰণবোৰ সমাধান কৰি নিৰ্ণয় কৰা হয়৷ গণিতৰ ভাষাত ই বিশ্লেষণ (analysis)৷ আনফালে সমাধানটোৰ আকৃতি অনুমান কৰিবলৈ জ্যামিতি আৰু সংস্থিতি বিজ্ঞানৰো (topology) প্ৰয়োগ হয়৷ এইকেইটাৰ সমন্বয়ত য়ুলেনবেকৰ গৱেষণাৰাজিয়েই পিছলৈ “জ্যামিতিক বিশ্লেষণ” (Geometric analysis) নামৰ নতুন শাখাটোৰ জন্মৰ বাট মুকলি কৰি দিলে৷

পদাৰ্থবিজ্ঞানৰেই আন এটা শাখা- গজ তত্ত্বলৈও য়ুলেনবেকৰ অৱদান সুপ্ৰসিদ্ধ৷ গজ তত্ত্ব বুলিলে মূলতঃ মৌলিক কণাসমূহৰ আন্তঃক্ৰিয়াক ব্যাখ্যা কৰিবলৈ বিকশিত কেইটামান কোৱান্টাম ক্ষেত্ৰ তত্ত্বক বুজোৱা হয়৷ ১৯৭০ৰ দশকত গণিতজ্ঞ মাইকেল আটিয়াহে চিকাগ’ বিশ্ববিদ্যালয়ত গজ তত্ত্ব আৰু য়াং-মিলছ্ সম্পৰ্কীয় চাৰিটা বক্তৃতা দিছিল৷ এই বক্তৃতা শুনিয়েই য়ুলেনবেক গজ তত্ত্বৰ ক্ষেত্ৰখনলৈ আকৰ্ষিত হৈছিল৷

গজ সূত্ৰৰেই অন্তৰ্গত এটা বিশেষ শ্ৰেণী হৈছে য়াং-মিলছ্ সমীকৰণ৷ এই ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানসম্পৰ্কে তেওঁ কৈছে যে য়াং-মিলছ ক্ষেত্ৰৰ গাণিতিক পৰিকাঠামোটো তেতিয়ালৈ সুদৃঢ়কৈ গঢ় লৈ উঠা নাছিল৷ কিছুমান গাণিতিক প্ৰকাশৰাশি এনেকুৱা স্থিতিত আছিল যে সেইকেইটা সামান্য ইফাল-সিফাল কৰিলেও একেটা ভৌতিক প্ৰক্ৰিয়াকে নিৰ্দেশ কৰে৷ য়ুলেনবেকে এই দুৰ্বলতাসমূহ আঁতৰাই গাণিতিক ৰূপটো অধিক সবল কৰিছিল৷ কণিকা পদাৰ্থবিজ্ঞানৰ ৰজ্জু তত্ত্ব, সাধাৰণ আপেক্ষিকতাবাদৰ দৰে ক্ষেত্ৰসমূহত য়ুলেনবেকৰ এই অৱদান অতি গুৰুত্বপূৰ্ণৰূপে চিহ্নিত হৈছে৷ য়ুলেনবেকে এবাৰ কৈছিল যে তেওঁ যিটো বিষয়েই ভালকৈ বুজি পায়, সেইটোৰ প্ৰতিয়েই তেওঁৰ মোহভংগ হয়৷ সেইবাবে তেওঁ দীৰ্ঘদিনীয়া কেৰিয়াৰত গণিতৰ বহুকেইটা শাখাত গৱেষণা কৰিছিল আৰু এইসমূহৰ অধিকাংশতে তেওঁৰ মৌলিক গৱেষণাৰ স্বাক্ষৰ ৰাখি যাবলৈ সক্ষম হৈছিল৷

কাৰেণ য়ুলেনবেকৰ জন্ম হৈছিল ১৯৪২ চনৰ ২৪ আগষ্টত আমেৰিকাৰ অহায়’ প্ৰদেশৰ ক্লিভলেণ্ডত৷ দেউতাক আৰ্নল্ড কেছকুল্লা এগৰাকী অভিযন্তা আৰু মাতৃ কেৰ’লিন ৱিণ্ডেলাৰ কেছকুল্লা আছিল চিত্ৰকৰ৷ ঘৰখনৰ ডাঙৰ সন্তান কাৰেণৰ দুজনীকৈ ভনী আৰু এজন ভায়েক আছিল৷ দেউতাকে ছোৱালীকেইজনীতকৈও ভায়েকে বিজ্ঞান পঢ়াটোত অধিক গুৰুত্ব দিছিল যদিও ভায়েকৰ বিজ্ঞানৰ প্ৰতি বিশেষ আগ্ৰহ নাছিল৷

য়ুলেনবেকে তেতিয়াই পুথিভঁড়াললৈ গৈ কিতাপবোৰ গোগ্ৰাসে পঢ়ি গৈছিল৷ তেওঁক বিশেষভাৱে আকৃষ্ট কৰিছিল বিজ্ঞানৰ কিতাপবোৰে৷ নিজৰ জীৱনটো আলোকপাত কৰি য়ুলেনবেকে এটা প্ৰৱন্ধত লিখিছিল – “মই বিজ্ঞানসম্পৰ্কীয় কিতাপবোৰ পঢ়ি খুব ভাল পাইছিলোঁ৷ মই প্ৰায় বাৰ বছৰ বয়সীয়া হৈ থাকোতে দেউতাই জ্যোতিৰ্পদাৰ্থবিজ্ঞানৰ বিষয়ে বিজ্ঞানী ফ্ৰেড হয়লে লিখা কিতাপবোৰ আনি দিছিল৷ সেইবোৰ পঢ়িবলৈ বৰ আমোদজনক আছিল৷ জৰ্জ গেম’ৰ “ৱান টু থ্ৰি… ইনফিনিটি” নামৰ সৰু কেঁচা-বন্ধা কিতাপ এখন পঢ়াৰ কথা মোৰ মনত পৰে৷ দুটা বেলেগ বেলেগ ধৰণৰ যে অসীম (infinity) আছে, তাকে বুজাবলৈ সেই কিতাপখনত দিয়া খুব সৰল যুক্তি পঢ়ি হোৱা উত্তেজনাও মোৰ মনত আছে৷ পুথিভঁড়ালত বিজ্ঞান বিষয়ৰ যিমানবোৰ কিতাপ আছিল, মই সকলো পঢ়ি শেষ কৰিছিলোঁ আৰু পিছত একো পঢ়িবলৈ নাই বুলি জানি হতাশ হৈছিলোঁ৷”

শৈশৱৰ পৰাই মেধাৱী ছাত্ৰী হিচাপে পৰিচয় থকা য়ুলেনবেক নিৰ্জনতাপ্ৰিয় আছিল৷ বহু মানুহৰ মাজত থাকি বা একেলগে কাম কৰাটো তেওঁৰ পছন্দ নহৈছিল৷ আনকি নিজৰ ভায়েক-ভনীয়েকৰ সৈতে মিলা-মিছা কৰি চলাটোও তেওঁৰ বাবে এটা অশান্তিকৰ কাম আছিল৷ তাৰ পৰিৱৰ্তে চাইকেল চলোৱা, দীঘলীয়া পদভ্ৰমণ, সাঁতোৰ আদি অকলেই কৰিবপৰা কামবোৰহে তেওঁ ভাল পাইছিল৷ পিছলৈ এটা গৱেষণাকেন্দ্ৰিক কেৰিয়াৰ বাছি লোৱাত তেওঁৰ এই স্বভাৱটোৱেও বহুপৰিমাণে ভূমিকা লৈছিল৷

নিউ জাৰ্ছিত ডাঙৰ-দীঘল হোৱা য়ুলেনবেকৰ কলেজীয়া শিক্ষা আৰম্ভ হৈছিল মিছিগান বিশ্ববিদ্যালয়ত৷ তেওঁ কৰ্নেল, এম.আই.টি. আৰু মিছিগান বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে আৱেদন কৰিছিল যদিও তুলনামূলকভাৱে সস্তীয়া হোৱা বাবে শেষত মিছিগানতে পঢ়িবলৈ সিদ্ধান্ত লৈছিল৷ য়ুলেনবেকৰ তেতিয়া পদাৰ্থবিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থবিজ্ঞানতহে বেছি ৰাপ আছিল৷ তেওঁ প্ৰথমে পদাৰ্থবিজ্ঞানতে মেজৰ লোৱাৰ কথা ভাবিছিল৷ কিন্তু পদাৰ্থবিজ্ঞানৰ শ্ৰেণীত প্ৰতিদিনে উপস্থিতি পৰীক্ষা কৰাটো তেওঁৰ পছন্দ নহৈছিল৷ পদাৰ্থবিজ্ঞানৰ গৱেষণাগাৰত কৰিবলগীয়া পৰীক্ষাকেইটাও তেওঁ খুব বেয়া পাইছিল৷ তেতিয়াই তেওঁ মেজৰ বিষয়টো গণিতলৈ সলনি কৰাৰ সিদ্ধান্ত লৈছিল৷

ইয়াৰ পিছত ১৯৬৪ চনত তেওঁ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কুৰেন্ট ইনষ্টিটিউটত এটা বছৰ কটায়৷ হাৰ্ভাৰ্ডত কৰ্মৰত এগৰাকী জৈৱৰসায়নবিদৰ সৈতে বিয়া হোৱাৰ পিছত তেওঁ কুৰেন্ট এৰি ব্ৰেণ্ডেইছ বিশ্ববিদ্যালয়ত যোগদান কৰে৷ স্বামী অল্কে চি. য়ুলেনবেক আছিল পদাৰ্থবিজ্ঞানী জৰ্জ য়ুলেনবেকৰ পুত্ৰ৷ শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত আগবঢ়া স্বামীৰ ঘৰখনতো কাৰেণে এটা বৌদ্ধিক চিন্তা-চৰ্চাৰ পৰিৱেশ বিচাৰি পাইছিল৷

ব্ৰেণ্ডেইছৰ পৰা স্নাতক শিক্ষা আৰু পি এইচ ডি (১৯৬৮ চন) সম্পূৰ্ণ কৰাৰ পিছত য়ুলেনবেকে এম.আই.টি.ত এবছৰ আৰু কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়, বাৰ্কলেত দুবছৰ অস্থায়ীভাৱে শিক্ষকতা কৰিছিল৷ সেইসময়ত স্বামী অল্কে য়ুলেনবেকে এম.আই.টি., প্ৰিন্সটন বা ষ্টেনফ’ৰ্ডৰ দৰে আগশাৰীৰ শিক্ষানুষ্ঠানত অধ্যাপনা কৰিবলৈ চিন্তা-চৰ্চা কৰিছিল৷ কিন্তু এইক্ষেত্ৰত বৈষম্যৰ সন্মুখীন হৈছিল কাৰেণ৷ সেইসময়ত মহিলা অধ্যাপিকাক স্থায়ী পদত নিযুক্তি দিবলৈ এইসমূহ শিক্ষানুষ্ঠান আগ্ৰহী নাছিল৷ তাতোকৈ কঠিন আছিল একেখন বিশ্ববিদ্যালয়ত স্বামী-স্ত্ৰীয়ে কৰ্মসংস্থান বিচাৰি পোৱাটো৷ য়ুলেনবেকে কৈছিল যে সেইসময়ত “স্বজন-বিৰুদ্ধ নীতি”ৰ (anti-nepotism) অজুহাত দেখুৱাই আগশাৰীৰ বিশ্ববিদ্যালয়সমূহে যোগ্য স্বামী-স্ত্ৰীকো নিয়োগ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিছিল৷

শেষত ১৯৭১ চনত উভয়েই চেম্পেইন-আৰ্বানাস্থিত ইলিনয় বিশ্ববিদ্যালয়ত (University of Illinois at Urbana-Champaign বা চমুকৈ UIUC) যোগদান কৰিলে৷ মাত্ৰ তেওঁৰ কথা ভাবিয়েই স্বামীয়েও আগশাৰীৰ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ স্বপ্ন বাদ দিয়াটোক কাৰেণে পিছত কৃতজ্ঞতাৰে শলাগ লৈছে৷ কিন্তু ইউ.আই.ইউ.চি.ৰ পৰিৱেশটোও কাৰেণৰ সমূলি পছন্দ নহ’ল৷ তাত তেওঁ সামাজিকভাৱে আৰু গাণিতিক সমাজখনৰ পৰা সম্পূৰ্ণৰূপে ফালৰি কাটি অহা যেন অনুভৱ কৰিছিল৷ তেওঁৰ এনে অনুভৱো হ’বলৈ লৈছিল যে এগৰাকী অধ্যাপিকাতকৈ তেওঁক এজন অধ্যাপকৰ পত্নীৰ দৃষ্টিৰেহে চোৱা হৈছে৷ সেইবাবেই ইউ.আই.ইউ.চি.ত পাঁচ বছৰ কটাই তেওঁ ওলাই আহিল৷ স্বামী য়ুলেনবেকৰ পৰাও আঁতৰি আহি তেওঁ ১৯৭৬ চনত চিকাগ’স্থিত ইলিনয় বিশ্ববিদ্যালয়ত যোগ দিছিল৷ ইয়াৰ পিছত তেওঁ ১৯৮৩ চনত পুনৰ চিকাগ’ বিশ্ববিদ্যালয়ত যোগদান কৰে৷ অৱশেষত ১৯৮৮ চনত অষ্টিনৰ টেক্সাছ বিশ্ববিদ্যালয়ৰ ছিদ ডব্লিউ. ৰিচাৰ্ডছন ফাউণ্ডেছন ৰিজেন্টছ্ আসনৰ অধ্যাপকৰূপে কাৰেণৰ কৰ্মজীৱনটো দীৰ্ঘদিনৰ বাবে থিতাপি লাগে৷ ইয়াৰ মাজতে তেওঁ ৰবাৰ্ট ৱিলিয়ামছৰ সৈতে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হয়৷ সম্প্ৰতি এগৰাকী এমেৰিটাছ প্ৰফেছৰৰূপে য়ুলেনবেক এতিয়াও বিশ্ববিদ্যালয়খনৰ লগত জড়িত হৈ আছে৷ তদুপৰি ইনষ্টিটিউট ফৰ্ এডভাঞ্চড্ ষ্টাডিজত এগৰাকী অতিথি অধ্যাপিকাৰ দায়িত্বও পালন কৰি আহিছে৷

এগৰাকী গণিতজ্ঞই কিদৰেনো গণিতৰ গৱেষণা কৰে, কেনেকৈ নতুন নতুন তত্ত্ব বা সিদ্ধান্তত উপনীত হয়; সেইসম্পৰ্কে নিশ্চয় আমাৰ বহুতৰে মনত কেতিয়াবা কৌতুহলৰ সৃষ্টি হয়৷ “দ্য নিউ য়ৰ্কাৰ”ৰ সংবাদকৰ্মী আইজাক ছটিনাৰে এই প্ৰশ্নটোকে কৰাত কাৰেণে উত্তৰ দিছিল – “যেতিয়া মই সমস্যা এটাৰ বিষয়ে চিন্তা কৰিবলৈ লওঁ, অনবৰত সেইটোৰ ওপৰতে লাগি থাকোঁ৷ মাজতে কিবা এটা কাম কৰিবলৈ গ’লোঁ, তাৰ পিছত পুনৰ সমস্যাটোৰ বিষয়ে চিন্তা কৰিবলৈ লওঁ৷ আন কিছুমানে টোকা লিখি ৰাখে বুলিও কয়৷ মই কিন্তু টোকা প্ৰস্তুত নকৰোঁ৷ এনেই কাগজত কিবা অলপ আঁক-বাক কৰিলোঁ, কিছুসময় সেইখন তেনেকৈয়ে ৰাখি থওঁ৷ তাৰ পিছত আকৌ সেইখন উঠাই লওঁ৷ এনেদৰে মই একেটা প্ৰক্ৰিয়াৰে পুনৰাবৃত্তি কৰি থাকোঁ আৰু ইয়াৰ মাজতে কেতিয়াবা নতুন ধাৰণাও পাই যাওঁ৷ কেতিয়াবা মই আনৰ ওচৰত কিবা অলপ ব্যাখ্যাও কৰোঁ৷ মোৰ এজন সহকৰ্মীৰ ওচৰলৈয়ে গ’লোঁ, মই তেওঁক বিষয়টো ব্যাখ্যা কৰোঁ আৰু তাকে কৰোতে পূৰ্বে যিখিনিত আৱদ্ধ হৈ আছিলোঁ, সেইটো অতিক্ৰম কৰি যোৱাৰ উপায় বিচাৰি পাওঁ৷ গতিকে মোৰ বাবে এই কামটো চকী-মেজত বহাৰেই কাৰবাৰ নহয়; কামটোত মনোযোগ দিয়া, উঠি আহি অন্য কিবা পঢ়া, কামত আহিব পৰা যেন লগা কিতাপৰ পৃষ্ঠা লুটিয়াই চোৱা – এইবোৰৰ মাজত ঘূৰা-ঘূৰি কৰি থাকে৷ মুঠতে মোৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়াটো অতি বিশৃংখল৷”

এবেল প্ৰাপ্তিৰ পূৰ্বৰে পৰা য়ুলেনবেকৰ বঁটা-বাহনৰ তালিকাখন দীঘলীয়া৷ মেকআৰ্থাৰ ফেল’শ্বিপ (১৯৮৩), নেশ্বনেল মেডেল অৱ্ চায়েন্সেছ্ (১৯৮৬), ষ্টিল প্ৰাইজ (২০০৭), আমেৰিকান মেথমেটিকেল চ’ছাইটিৰ সভ্যপদ (২০১২), নেশ্বনেল একাডেমী অৱ্ চায়েন্সেছৰ সভ্যপদ (১৯৮৬) আদি অনেক সন্মানেৰে তেওঁ বিভূষিত হৈছিল৷ ১৯৯০ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় গণিত সংঘৰ পূৰ্ণাংগ বৈঠকত বক্তৃতাপ্ৰদানৰ সুযোগ লাভ কৰিছিল৷ উল্লেখ্য যে, গণিতজ্ঞ এমি নইথাৰৰ পিছত এই বক্তৃতা দিয়া য়ুলেনবেক দ্বিতীয়গৰাকী মহিলা৷ পৰৱৰ্তী প্ৰজন্মক, বিশেষকৈ অধিকসংখ্যক ছোৱালীক গণিতত উচ্চশিক্ষা লাভৰ প্ৰতি উৎসাহী কৰিবলৈ তেওঁ কাম কৰি আহিছে৷ এই উদ্দেশ্যেই তেওঁ ১৯৯১ চনত “পাৰ্ক চিটী মেথমেটিকছ্ ইনষ্টিটিউট” (PCMI)ৰ সহপ্ৰতিষ্ঠা কৰিছিল৷ ইনষ্টিটিউট ফৰ এডভাঞ্চড্ ষ্টাডিজতো তেওঁ ছোৱালীসকলৰ বাবে প্ৰশিক্ষণ কাৰ্য্যসূচী হাতত লৈছিল৷ ২০০৭ চনত আমেৰিকান মেথমেটিকেল চ’ছাইটিয়ে কাৰেণক ষ্টিল প্ৰাইজ প্ৰদান কৰিবৰ সময়ত তেওঁ গণিত সমাজত নেতৃস্থানীয় মহিলাৰ হতাশাজনক সংখ্যাক লৈ ক্ষোভ প্ৰকাশ কৰিছিল৷ তেওঁ কৈছিল – “বৰ্তমানৰ পৰিস্থিতিটো সলনি কৰিবলৈ যিমানখিনি কৰণীয় আছে, তাৰ তুলনাত মোৰ এই সাফল্যবোৰ অতি নগণ্য৷”

অহা ২১ মে’ত কিং হেৰাল্ড পঞ্চমৰ পৰা এবেল বঁটা গ্ৰহণ কৰিবলগীয়া য়ুলেনবেকক ব্ৰিটিছ পদাৰ্থবিদ আৰু লেখক জিম আল-খালিলিয়ে গণিত অধ্যয়নৰ প্ৰতি আগ্ৰহী নৱপ্ৰজন্মৰ যুৱতীসকলৰ বাবে এগৰাকী আদৰ্শ (role model) বুলি অভিহিত কৰিছে৷ সন্দেহ নাই, এবেল বঁটা লাভে য়ুলেনবেকৰ প্ৰভাৱ আৰু ভূমিকাক এক নতুন মাত্ৰা দিব৷

(Celebratio mathematica, abelprize.no, thewire.in, nature, quanta magazine, wikipedia প্ৰমুখ্যে কেবাটাও ৱেবচাইট আৰু ই-আলোচনীৰ সহায় লৈ গণিতচ’ৰাৰ বাবে এই প্ৰৱন্ধটো প্ৰস্তুত কৰা হৈছে)

Featured image উৎস : theguardian.com

মন্তব্য প্ৰদান কৰক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s