মাটিক মই পাহৰিব নোৱাৰোঁ
মাটি নোচোৱাকৈ থাকিব নোৱাৰোঁ
কেতিয়াবা আকাশৰ দিশে বহুসময় ধৰি
থৰ লাগি চাই ৰ’লেও
পুনৰ মাটিলৈ মূৰ ঘূৰাওঁ
কাৰণ মই পাহৰা নাই !
মাটিয়েই মোক আশ্ৰয় দিছিল
এসময়ত মাটিতে ছটফটাই পৰি ৰৈছিলোঁ
মাটিয়েই মোৰ চকুপানীবোৰ শুহি লৈছিল
কেতিয়াবা উলাহতে উৰি ফুৰিলেও
গৰ্বতে ফুলি ওফন্দি উঠিলেও
ভ্ৰম ভাঙি পুনৰ মাটিতে পৰিছিলোঁ
ময়ো বুজিছিলোঁ-
আমি সকলো মাটিৰেই মানুহ
মাটিকে সাৱটি এদিন লীন হ’ম
মাটিয়েই শেষ আশ্ৰয়…
ফটো উৎস- pexel.com