“মোৰো এটা সপোন আছে”…। মাত্ৰ কিছুদিন পূৰ্বে ড° ৰুবুল মাউতৰ এই আত্মজীৱনীমূলক কিতাপখন পঢ়ি সম্পূৰ্ণ কৰিলোঁ। প্ৰায় দুবছৰ পূৰ্বে প্ৰকাশ পোৱা কিতাপখন প্ৰকাশ হোৱাৰ দিনৰেপৰাই যথেষ্ট সমাদৰ লাভ কৰি অহা শুনিছিলোঁ । সেই আগ্ৰহতে কিতাপখন কিনি থৈছিলোঁ যদিও পঢ়োতে কিছুদিন পলম হ’ল।
এখন সুন্দৰ আৰু অৰ্থৱহ বেটুপাতৰ কিতাপখন ওপৰে-ওপৰে চাই দেখিছিলোঁ, ইয়াত ৰুবুল মাউত নামৰ যুৱকজনে কঠোৰ সংগ্ৰামৰ মাজেৰে আমেৰিকাৰ মাচাছ্যুচেটচ্ বিশ্ববিদ্যালয়ত পঢ়িবলৈ যোৱাৰ কাহিনী বৰ্ণনা আছে। কিতাপখন প্ৰেৰণাদায়ী হ’ব বুলি পূৰ্বানুমান কৰিছিলোঁ যদিও ভবা নাছিলোঁ যে মোৰ মনত কিতাপখনে গভীৰ প্ৰভাৱ পেলাব পাৰিব।
ৰুবুল মাউত এনে এটা পৰিয়াল আৰু অঞ্চলত জন্ম হৈছিল; য’ত মেট্ৰিকৰ দেওনা পাৰ হোৱাটোৱেই বৰ ডাঙৰ কথা। কৃষিপ্ৰধান অঞ্চলটোত কোনোমতে দিনটোৰ দুবেলা দুসাজ ভাত নিশ্চিত কৰাটোৱেই প্ৰতিটো পৰিয়ালৰ মূল লক্ষ্য। পাঁচটা সন্তানৰ পৰিয়ালত তেওঁতকৈ ডাঙৰ ভায়েক আৰু বায়েকজনীয়ে ইতিমধ্যে কেবাবাৰো চেষ্টা কৰিও মেট্ৰিকত উত্তীৰ্ণ নহ’ল। ৰুবুল সৰুৰ পৰাই মেধাৱী বুলি পৰিচয় এটা আছিল। সেইবাবে পৰিয়ালটোৰ আটাইৰে ডাঙৰ সপোন আছিল ৰুবুলে মেট্ৰিকত উত্তীৰ্ণ হোৱাটো । তথাপি সকলোৰে, আনকি ৰুবুল মাউতৰ নিজৰো এটা সন্দেহ আছিল যে তেওঁ নিজেও কিজানি বংশগত পৰম্পৰাৰ স্বীকাৰ হ’ব। ঘৰখনত তেতিয়ালৈ কোনেও মেট্ৰিকৰ দেওনা পাৰ হৈয়ে পোৱা নাই! কিন্তু সময়ত দেখা গ’ল যে ৰুবুল মাউতৰ সাধনা, অধ্যয়নৰ ফলত বংশৰ ধাৰাবাহিকতাও ভংগ হ’ল। তেওঁ প্ৰথম বিভাগ লাভ কৰি সুখ্যাতিৰে মেট্ৰিকত উত্তীৰ্ণ হ’লগৈ।
ইয়াৰ পিছত তেওঁ তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানক মূল বিষয় হিচাপে লৈ পঢ়িবলৈ ল’লে। তাতো তেওঁ যথেষ্ট আৰ্থিক অনাটনৰ মাজেৰে পঢ়িব লগা হৈছিল। ঘৰৰ মাটি বন্ধকত থৈছিল, ককায়েকে চিকিউৰিটি গাৰ্ডৰ চাকৰি কৰি সামান্য পইচা পঠিয়াইছিল। আনকি পইচাৰ অভাৱত তেওঁ দুবাৰমান অনৈতিক কামো কৰিব লগা হৈছিল, যিটো তেওঁ কিতাপখনত অকপটে স্বীকাৰ কৰিছে। তিনিচুকীয়াত পঢ়ি থাকোতেই তেওঁ মহাবিদ্যালয়ৰ পুথিভঁড়ালত ৰসায়নবিজ্ঞানৰ এনেকুৱা কেইখনমান কিতাপৰ সন্ধান পাইছিল, যিয়ে তেওঁক বিষয়টোৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিছিল আৰু পৰৱৰ্তী সময়ত এটা গৱেষণাকেন্দ্ৰিক জীৱন বাছি লোৱাত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছিল।
তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভেৰে উত্তীৰ্ণ হ’ল। ইয়াৰ পিছতে পইচাৰ অভাৱত উচ্চশিক্ষা গ্ৰহণত অনিশ্চয়তাই দেখা দিলে। অৱশ্যে তেওঁ নিজেই অধিক জোৰ দেখুওৱাত ঘৰৰ পৰা কোনোমতে পইচাৰ যোগাৰ হয়। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত ৰসায়ন বিভাগত এম এছ ছি পঢ়িবলৈ আহে। বিশ্ববিদ্যালয়ত পঢ়ি থাকোতেই তেওঁ গম পাইছিল যে নেটৰ (CSIR NET) দৰে পৰীক্ষাত উত্তীৰ্ণ হ’লেহে অন্ততঃ এজন অধ্যাপক হোৱাৰ যোগ্যতা অৰ্জন কৰিব পাৰি। সেইবাবে তেওঁ আৰম্ভণিৰ পৰাই এই পৰীক্ষাত সফল হ’বলৈ মনপুতি পঢ়িবলৈ লয়। আৰু সঁচাকৈয়ে তেওঁ নেটত ভবাতকৈয়ো বেছি ভাল ফলাফল লাভ কৰি জুনিয়ৰ ফেল’শ্বিপ লাভৰ যোগ্যতা অৰ্জন কৰিলে।
মাষ্টাৰ্ছ্ ডিগ্ৰী সম্পূৰ্ণ হোৱাৰ পিছত তেওঁ পুনেৰ এন চি এলত ছিট লাভ কৰে। এখন ভাল প্ৰতিষ্ঠানত উচ্চশিক্ষা লাভৰ আনন্দতকৈও এটা জীৱিকাৰ উৎস, ঘৰখনক এমুঠি ভাতৰ যোগাৰ নিশ্চিত কৰাৰ চিন্তাটোৱেহে ডুবাই ৰাখিছিল। সেইসময়ত কিবা বিজ্ঞাপন পোৱাৰ আশাৰে তেওঁ এমপ্লইমেন্ট নিউজ কাকতখন নিয়মীয়াকৈ পঢ়িবলৈ লৈছিল। এনেতে এবাৰ মুম্বাইৰ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত (চমুকৈ টি আই এফ আৰ) খালী হোৱা এটা ছায়েন্টিফিক অফিচাৰ পদবীৰ বিজ্ঞাপন তেওঁৰ চকুত পৰে। পদবীটোৰ বাবে তেওঁৰ যোগ্যতাখিনি উপযুক্ত যেন দেখা পাই তেওঁ চাকৰিটোলৈ আৱেদন কৰে আৰু একেটা সময়তে পুনেৰ এন চি এললৈ আহি পি এইচ ডিৰ বাবে যোগদান কৰে। পুনেলৈ আহিবলৈ পইচাৰ অভাৱত তেওঁ ওচৰ-চুবুৰীয়াৰ পৰাও ধাৰ ল’ব লগা হৈছিল। ইয়াৰ মাজতে তেওঁ টি আই এফ আৰৰ পৰা সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ লাভ কৰিলে। সাক্ষাৎকাৰৰ বাবে নিৰ্বাচন হোৱা এঘাৰজন প্ৰাৰ্থীৰ অধিকাংশই ইতিমধ্যে পি এইচ ডিও লাভ কৰিছিল। গতিকে পদটোৰ বাবে যে তেওঁ নিৰ্বাচন হ’ব, তাৰ কোনো আশা দেখা নাছিল। কিন্তু সাক্ষাৎগ্ৰহণৰ কিছুদিন পিছতে তেওঁ মুম্বাইৰ পৰা নিৰ্বাচনৰ খবৰ লাভ কৰিলে। এন চি এলৰ পৰা গুচি আহি তেওঁ টি আই এফ আৰত ছায়েন্টিফিক অফিচাৰ হিচাপে যোগদান কৰিলে। এনেদৰে তেওঁৰ ঘৰখনলৈও এটা আয়ৰ বাট মুকলি হ’ল। ধীৰে ধীৰে তেওঁ মানুহৰ পৰা লোৱা ধাৰসমূহো মাৰিবলৈ ধৰিলে।
টি আই এফ আৰত থাকোতেই এবাৰ আমেৰিকাৰ পাৰডিউ বিশ্ববিদ্যালয়ত তিনিমহীয়া প্ৰশিক্ষণ লাভ কৰিবলৈ গৈ তাত উচ্চপৰ্যায়ৰ গৱেষণাকাৰ্য্য দেখিবলৈ পায়। তেওঁ নিজেও সপোন দেখিছিল এটা পূৰ্ণকালীন গৱেষণাকেন্দ্ৰিক কেৰিয়াৰ গঢ় দিয়াৰ। টি. আই. এফ. আৰ. ভাৰতৰ এখন আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠান। ইয়াত অধ্যাপকৰ পৰিৱৰ্তে এটা ছায়েন্টিফিক অফিচাৰৰ পদবী পোৱাটোও সন্মানৰ কথা। কিন্তু ৰুবুল মাউত তাতো সন্তুষ্ট নহ’ল। তেওঁ বিচৰা নাছিল যে গোটেই জীৱন এজন অধ্যাপকৰ তলতীয়া হৈ কাম কৰি থাকিব! সেইবাবে সকলোৰে অগোচৰেই তেওঁ জি. আৰ. ই. আৰু টফেল্ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ ধৰিলে। তেওঁ লিখিছে যে ইংৰাজী ভাষাটো ভালকৈ ক’ব নোৱাৰা বাবে তেওঁ প্ৰায়েই সমস্যা আৰু হতাশাত ভুগিছিল। কিন্তু জি. আৰ. ই.ৰ বাবেই তেওঁ এনেদৰে মনপুতি পঢ়িছিল যে মাত্ৰ পাঁচ মাহতে প্ৰায় ছহাজাৰ নতুন শব্দ মুখস্থ কৰি পেলাইছিল। সেইকেইটা দিনত হেনো তেওঁ মূৰৰ ভিতৰত বেলেগ কথা কিবা সোমাইছেনে নাই, একো ধৰিব পৰা নাছিল।
পূৰ্বৰ দৰেই এইবাৰো তেওঁ অপৰিসীম অধ্যয়ন আৰু পৰিশ্ৰমৰ বলত জি. আৰ. ই. আৰু টফেল পৰীক্ষাত একে বহাতে সফলতাৰে উত্তীৰ্ণ হ’ল। তেওঁ বহুকেইখন বিশ্ববিদ্যালয়ত পি এইচ ডিৰ বাবে আৱেদন কৰিবলৈ যোগ্য হৈ উঠিল। তেওঁৰ স্বাভিমানী, উচ্চাকাংক্ষী মনটোৰ সিদিনা স্পষ্ট প্ৰতিফলন ঘটিছিল, যেতিয়া তেওঁ উচ্চশিক্ষা লাভৰ বাবে টি. আই. এফ. আৰৰ অধ্যাপসকলৰ পৰা বিদায় মাগিবলৈ গৈছিল। ৰুবুল মাউতৰ অনুপস্থিতি তেওঁলোকৰ বিভাগটোৰ বাবে ডাঙৰ ক্ষতি বুলি উপলব্ধ কৰি অধ্যাপক এজনে তেওঁক কৈছিল, “আমাক মেনপাৱাৰ লাগে, তোমাৰ দৰে মেনপাৱাৰ, আমাৰ ইয়াত কাম কৰিবলৈ”। কিন্তু তেওঁ এই কথাষাৰত যথেষ্ট আঘাত পালে। তেওঁলোকে মানে তেওঁক মেনপাৱাৰ বুলিহে গণ্য কৰে! নিজৰ সামৰ্থক অৱজ্ঞা কৰা যেন অনুভৱ কৰি তেওঁৰ লক্ষ্য অধিক দৃঢ় হ’ল আৰু টি. আই. এফ. আৰ.ৰ চাকৰি পৰিত্যাগ কৰি আমেৰিকালৈ গ’ল।
এয়াই আছিল জীৱনৰ প্ৰতিটো মুহূৰ্ত সংগ্ৰামৰ মাজেৰে পাৰ কৰি অহা ৰুবুল মাউতৰ জীৱনৰ এটা থূলমূল আভাস। জীৱনত সৰু সৰু বহুত সপোন দেখিছিল তেওঁ। বহু সপোনেই তেওঁৰ বাবে, তেওঁৰ দৰে মানুহৰ বাবে প্ৰায় সাধ্যৰ বাহিৰত আছিল। কিন্তু ৰুবুল মাউতে নিজেই সেই ধাৰণাক ভুল প্ৰতিপন্ন কৰিছিল। এঢাপ এঢাপকৈ তেওঁ প্ৰতিটো সৰু সৰু সপোন পূৰণ কৰিলে আৰু আজি এই পৰ্য্যায়ত উপনীত হ’লগৈ। সম্প্ৰতি আমেৰিকাৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ত গৱেষণাৰত ৰুবুল মাউতে জিনীয় গৱেষণাৰ ক্ষেত্ৰখনত উল্লেখনীয় সাফল্য লাভ কৰিবলৈও সক্ষম হৈছে। মন কৰিবলগীয়া যে শৈশৱৰ পৰা জীৱনত বাধা-বিঘিনিৰ শেষ নাথাকিলেও তেওঁৰ শৈক্ষিক জীৱনৰ সাফল্যসমূহ আছিল নিখুঁত। প্ৰতিটো পৰীক্ষাই তেওঁ কঠোৰ পৰিশ্ৰম কৰি আত্মবিশ্বাসেৰে অৱতীৰ্ণ হৈছিল আৰু ভবাধৰণেই সাফল্য লাভ কৰিছিল। কিতাপখন পঢ়ি থাকিলে এনে লাগে যেন তেওঁৰ বাবে কোনো প্ৰতিৱন্ধকতাই স্থিৰ হৈ বাট ভেটিব পৰা নাই। কিন্তু তেওঁৰ পৰিশ্ৰমৰ মাত্ৰা দেখিলেহে বুজা যায় যে প্ৰকৃতাৰ্থত অধ্যৱসায়নো কি বা আন বহুতেই ভবাধৰণে সফলতা নোপোৱাৰ হেঙাৰনো কি।
ৰবুল মাউতৰ কাহিনীটো উল্লেখ কৰাৰ বিশেষ কাৰণ আছে। নিজৰ জীৱনত প্ৰতিষ্ঠা লাভ নকৰাৰ পৰ্য্যায়লৈ তেওঁৰ ভৱিষ্যতটো অনিশ্চিত আৰু শংকাপূৰ্ণ হৈ আছিল যদিও এতিয়া পঢ়ুৱৈৰ দৃষ্টিৰে তেওঁৰ জীৱনটো আলোকপাত কৰিলে এটা সুন্দৰ নিষ্কন্টক ঊৰ্ধ্বমুখী জীৱনযাত্ৰাহে পৰিলক্ষিত হয়। কিতাপখন তেওঁ ইমান সাৱলীল বৰ্ণনাৰে লিখিছে যে আমি সকলোৱেই তেওঁৰ উচ্চতা চুব পাৰিম যেন অনুভৱ হয়। আমি অধিকাংশ লোকৰেই আৰ্থিক স্থিতিতকৈ অতি কৰুণ স্থিতিৰ পৰা তেওঁ উঠি আহিছে, অথচ তেওঁ সপোনৰ পিঠিৰে বগুৱা বাই বহুদূৰ আগুৱাই গ’ল। ৰুবুল মাউতে প্ৰতিটো পৰীক্ষাতে একেবাৰতে উত্তীৰ্ণ হৈছিল কেনেকৈ? মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ পৰীক্ষাত ভাল ফলাফল, নেটত ভাল ফলাফল, টি আই এফ আৰৰ ইন্টাৰভিউত যোগ্য প্ৰাৰ্থীৰূপে বিবেচিত হোৱা, একে বহাতে জি আৰ ইত উত্তীৰ্ণ হোৱা- গোটেইবোৰ যেন তেওঁৰ সাধনা, কঠোৰ পৰিশ্ৰমৰ ওচৰত নগণ্য হৈ গৈছিল। হয়তো আমি নিজকে সুধি চালে উপলব্ধি কৰিম যে আমি বহুতেই তেওঁৰ দৰে নিজৰ লক্ষ্যত উপনীত নোহোৱাৰ কাৰণ আমি নিজেই। আমাৰ কেইজনেনো তেখেতৰ নিচিনা তীব্ৰ সাধনা কৰে? আচলতে অধিকাংশ লোকেই সপোন-আশাবোৰহে মনৰ মাজত লৈ ফুৰে, কিন্তু সেই সপোনে দাবী কৰা সাধনা খুব কম লোকেইহে কৰে।
মোৰ দৰে নিশ্চয় এনেকুৱা মানসিকতাৰ লোকো আছে যে শিক্ষাব্যৱস্থাটোৰ প্ৰতিয়েই কোনোধৰণৰ আস্থা বা শ্ৰদ্ধাৰ ভাৱ নাই। হয়তো এই দৃষ্টিভংগীয়েও বহুতৰ পঢ়াৰ জোৰ বা সাধনাৰ জোৰটো কমাই দিব পাৰে। ৰুবুল মাউতে নিজেও মাজতে এনেকুৱা চিন্তাৰ মুখামুখি হৈছিল যে কেৱল পৰীক্ষাৰ বাবেই ইমান খৰছী মাৰি, মুখস্থ কৰি হ’লেও পঢ়ি থকাৰ লাভটোনো কি? তেওঁ কিতাপখনত সততাৰে নিজৰ যুক্তিটো উপস্থাপন কৰিছে। তেওঁ এনে এটা পৰিয়ালত ডাঙৰ-দীঘল হৈছিল যে নিজৰ সংস্থাপনৰ বাবে বা ঘৰখনক চম্ভালিবৰ বাবেই ভালদৰে পঢ়াৰ প্ৰয়োজন আছিল। গতিকে তেওঁ পঢ়া-শুনাৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰিব নোৱাৰে। এতিয়া ময়ো বিশ্বাস কৰোঁ যে যেতিয়ালৈকে পৰীক্ষাকেন্দ্ৰীক শিক্ষাব্যৱস্থাটো সলনি নহয়, নিজৰ আৰু চৌদিশৰ সমাজখনৰ কথা চিন্তা কৰিয়েই আমিও ভালদৰে, গাধ-খাটনি দি হ’লেও পঢ়া উচিত। আশা কৰিম যে অদূৰ ভৱিষ্যতে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ যোগ্যতা নিৰূপণ কৰিবলৈ এনে কৰাৰ প্ৰয়োজন নহ’ব।”
লেখকৰ কাহিনীৰ আন বহুকেইটা দিশ মন কৰিবলগীয়া । তেওঁৰ এটা অনুভূতিপ্ৰৱণ সংবেদনশীল মন আছে আৰু তাক শব্দৰে সঠিকভাৱে ফুটাই তোলাৰো সামৰ্থ আছে। সেইবাবেই কিতাপখনত তেওঁৰ জীৱন-কাহিনীয়ে প্ৰাণ পাই উঠিছে। মাক-দেউতাকৰ প্ৰতি থকা তেওঁৰ মৰম আৰু দায়িত্ববোধৰ পৰিচয়ো স্পষ্টভাৱে ফুটি উঠিছে। বহু কষ্টেৰে ডাঙৰ-দীঘল কৰা দেউতাকে চুবুৰীয়াৰ কথা শুনি এসময়ত আশংকা কৰিবলৈ ধৰিছিল যে পাখি গজাৰ পিছতে সঁজাৰ পখী উৰি যাব নেকি? অৰ্থাৎ নিজৰ সংস্থাপনৰ যোগাৰ হ’লেই ৰুবুলেও গাঁৱৰ ঘৰখনৰ কথা, মাক-বাপেকৰ কথা পাহৰি যাব নেকি? অৱশ্যে ৰুবুল মাউতে দেউতাকৰ এইসমূহ আশংকা সম্পূৰ্ণ অমূলক বুলি প্ৰতিপন্ন কৰিছিল। পৰৱৰ্তী সময়ত দেউতাকৰ দুৰাৰোগ্য ৰোগ নিৰাময়ৰ বাবে তেওঁৰ দায়িত্ববোধ আৰু প্ৰচেষ্টাও শলাগিবলগীয়া।
নিজৰ কষ্ট-সাধনাৰে দেশ-বিদেশৰ উচ্চ অনুষ্ঠানত অধ্যয়নৰ সুবিধা লাভ কৰা অসমীয়া একেবাৰে কম বুলিব নোৱাৰি। ইয়াৰ মাজত ৰুবুল মাউতৰ নিচিনা যথেষ্ট সংগ্ৰামৰ মাজেৰে প্ৰতিষ্ঠিত হোৱাও নিশ্চয় আন দুই-এজন ওলাব, কিন্তু নিজৰ উত্থানৰ কাহিনী ইমান সুন্দৰকৈ পূৰ্বে কোনো অসমীয়াই লিখা নাছিল। পূৰ্বে এনেকু্ৱা সংগ্ৰাম কাহিনী পঢ়িছিলোঁ লিংকন, বুকাৰ ৱাশ্বিংটন, কালাম আদি লোকসকলৰহে। কিন্তু অসমৰ মাটি-পানীতে ডাঙৰ-দীঘল হৈ প্ৰতিষ্ঠিত হোৱা আৰু আজিৰ যুগৰে ব্যক্তি হিচাপে ৰুবুল মাউতৰ কাহিনীয়ে সকলোকে অনুপ্ৰেৰণা যোগোৱাৰ লগতে এটা ভাল উদাহৰণ হিচাপেও থিয় দিছে। সেইবাবে মোৰ দৃষ্টিত আজিৰ প্ৰজন্মৰ প্ৰতিগৰাকী অসমীয়াই এই কিতাপখন পঢ়া উচিত। অসমক এনে বহু ৰুবুল মাউতৰ প্ৰয়োজন আছে।
(কিতাপখনত এটাই অভাৱ দেখিলোঁ যে লেখকে তেওঁৰ জীৱন-কাহিনী ব্যাখ্যা কৰোতে কোনো চনৰ উল্লেখ কৰা নাই। ঘটনাসমূহৰ চন প্ৰকাশ কৰিলে কাহিনীটোৱে আৰু অধিক স্পষ্ট ৰূপ পালেহেঁতেন। হয়তো কিবা কাৰণত তেওঁ নিজেই সময়সমূহ উল্লেখ কৰিবলৈ অনিচ্ছুক আছিল। ৰুবুল মাউতে লিখা “ধূসৰতাত সংহত শ্ৰৱণ” নামৰ গল্প সংকলন এখনো ইতিমধ্যে প্ৰকাশ পাইছে।)
পঢ়ি খুব ভাল পালোঁ প্ৰিয়াংকুশ। কিতাপখনো পঢ়িব লাগিব ৰ’বা।
LikeLiked by 1 person
বহুত ধন্যবাদ। পঢ়িব কিতাপখন।
LikeLike
সুন্দৰ ৷ বহুজনে আদৰ্শ হিচাপে ল’ব পাৰিব
LikeLiked by 1 person
ধন্যবাদ।
LikeLiked by 1 person
কিতাপখন অনুপ্ৰেৰণাৰ উৎস
LikeLiked by 1 person
পিংবেকঃ মোৰো এটা সপোন আছে – কিতাপ, চলচ্চিত্ৰ আৰু বহুতো