ৰামধেনু চোৱাৰ কৌশল

“So many of the little wonders of the everyday world – which can be truly spectacular- go unobserved most of the time because we haven’t been trained how to see them.” – Walter Lewin

(For the love of physics, পৃষ্ঠা নং-৭৮)

ৰিচাৰ্ড ফাইনমেন যোৱা শতিকাৰ অতি প্ৰখ্যাত আৰু জনপ্ৰিয় পদাৰ্থবিজ্ঞানীসকলৰ এগৰাকী। তেওঁৰ এটা ব্যক্তিগত অভিজ্ঞতা এনেধৰণৰ- ফাইনমেনৰ এগৰাকী চিত্ৰশিল্পী বন্ধু আছিল। বন্ধুজন অতি ঘনিষ্ঠ হ’লেও তেওঁৰ কিছুমান দৃষ্টিভংগীৰ সৈতে ফাইনমেন সন্মত হ’ব পৰা নাছিল। ইয়াৰ ভিতৰত এটা বিষয় আছিল বিজ্ঞানীৰ সৌন্দৰ্য্যবোধ। এবাৰ বন্ধুজনে ফুল এটা দেখুৱাই ফাইনমেনক কৈছিল যে এগৰাকী চিত্ৰশিল্পী হিচাপে তেওঁ ফুলটোৰ অপূৰ্ব সৌন্দৰ্য্য উপলব্ধি কৰিব পাৰে। কিন্তু একে সময়তে তেওঁ ফাইনমেনক অভিযোগ কৰিছিল যে বিজ্ঞানীসকলে ফুলৰ সৌন্দৰ্য্যক প্ৰশংসা কৰাৰ পৰিৱৰ্তে ফুলটো কাটি-চিঙি পৰীক্ষা কৰি তাৰ সৌন্দৰ্য্য বিনষ্টহে কৰে!

বন্ধুজনৰ এই মতামতৰ সৈতে ফাইনমেন মুঠেই সন্মত নহ’ল। ফাইনমেনৰ দৃষ্টিভংগী সম্পূৰ্ণ সুকীয়া। ফাইনমেনৰ মতে ফুলটোৰ যি সৌন্দৰ্য্য, সেয়া চিত্ৰশিল্পীজনৰ নিচিনাকৈ আনৰ বাবেও উপলব্ধ। গতিকে তেৱোঁ সেই সৌন্দৰ্য্য উপভোগ কৰিব পাৰে। কিন্তু একেসময়তে তেওঁ চিত্ৰশিল্পীজনতকৈ আন বহুত কিবা-কিবি দেখা পায়। তেওঁ ফুলটোৰ ভিতৰৰ কোষসমূহৰ কথা, সিহঁতৰ গঠন, জটিল কাৰ্য্যপ্ৰণালীৰ কথা কল্পনা কৰিব পাৰে। এইবোৰো ফুলৰে ক্ষুদ্ৰতম মাত্ৰাৰ জগতখনত থকা আন এক সৌন্দৰ্য্য। ফুলবোৰ বিভিন্ন ৰং-বিৰঙী হোৱাৰ উদ্দেশ্য হৈছে কীট-পতঙ্গবোৰক আকৰ্ষণ কৰা। অৰ্থাৎ বুজিব পাৰি যে এই কীট-পতঙ্গবোৰেও ৰংবোৰ দেখা পায়। ইয়াৰ পৰা আন এক প্ৰশ্নৰ উদয় হয়। মানুহৰ নিচিনাকৈ এই ক্ষুদ্ৰ জীৱসমূহৰো সৌন্দৰ্য্যবোধ আছে নেকি? এইধৰণৰ আকৰ্ষণীয় প্ৰশ্নৰ উত্তৰ দিব পাৰে কেৱল বিজ্ঞানে। গতিকে ফাইনমেনৰ মতে এইধৰণৰ আকৰ্ষণীয় প্ৰশ্ন, বিভিন্ন মাত্ৰাত দেখিবলৈ পোৱা সৌন্দৰ্য্যই সামগ্ৰিকভাৱে ফুলটোৰ সৌন্দৰ্য্য বৃদ্ধিহে কৰে। তেওঁ নাভাবে যে বিজ্ঞানীয়ে ফুলৰ সৌন্দৰ্য্য হ্ৰাস কৰে।

আৰম্ভণিতেই ফাইনমেনৰ অভিজ্ঞতাটো উল্লেখ কৰিলোঁ যদিও এই লেখাটোৰ উদ্দেশ্য চিত্ৰশিল্পীজন বা তেওঁৰ দৃষ্টিভংগীৰ বিচাৰ কৰা নহয়। কিন্তু বিভিন্ন প্ৰাকৃতিক পৰিঘটনাৰ সৌন্দৰ্য্য উপলব্ধিৰ ক্ষেত্ৰত যে ফাইনমেনৰ দৃষ্টিভংগীটোহে অধিক গ্ৰহণযোগ্য, তাত সন্মত নহৈ নোৱাৰি। প্ৰাকৃতিক পৰিঘটনাসমূহৰ অন্তৰ্নিহিত কাৰণটো বুজি উঠিলে সেইসমূহৰ কেৱল বাহ্যিক সৌন্দৰ্য্য উপভোগৰ পৰিৱৰ্তে বহল পৰিসৰেৰে এক অন্তৰ্নিহিত সৌন্দৰ্য্যও উপলব্ধি কৰিব পাৰি। লেখাটোৰ আলোচ্য বিষয় ৰামধেনুৰ সৌন্দৰ্য্যক কিছু গভীৰভাৱে উপলব্ধিৰ চেষ্টা কৰাৰ প্ৰসংগতে এই কাহিনীটোৰ অৱতাৰণা কৰা হ’ল।

*****

ৰামধেনু এক অপূৰ্ব প্ৰাকৃতিক পৰিঘটনা। শৈশৱৰ পৰা নিয়মীয়াকৈ দেখি অহা ই সকলোৰে এক চিনাকি আকৃতি। গতিকে ইয়াৰ প্ৰকৃতি সম্পৰ্কে আমাৰ সকলোৰে কিছু হ’লেও ধাৰণা আছে। সাধাৰণতে বৰষুণ দিয়াৰ সময়ত বা আকাশ ডাৱৰীয়া হৈ থাকিলেহে যে ৰামধেনু দেখা যায়, সেয়াও আমি জানোঁ। আকাশত দেখা বিশাল ৰামধেনুখনৰ বাদেও বহুতৰ নিশ্চয় পানীৰ ফোৱাৰা, জলপ্ৰপাত আদিৰ মাজতো সাতোৰঙী ৰামধেনুৰ ক্ষুদ্ৰ সংস্কৰণ দেখাৰ অভিজ্ঞতা হৈছে।

ৰামধেনু গঠনৰ মূল কাৰণটোও বহু লোকৰ পৰিচিত। সূৰ্য্য ৰশ্মিৰ বগা পোহৰ পানীৰ টোপালত পৰিলে ই ইয়াৰ সাতোটা ৰঙত বিভক্ত হৈ পৰে আৰু তেনেকৈয়ে প্ৰতিফলন ঘটি আমাৰ চকুলৈ আহে। সেইবাবে আমাৰ বহুতেই হয়তো ৰ’দৰ মাজতে আকাশ ডাৱৰীয়া হ’লে, বা বৰষুণ দিয়া আৰম্ভ হ’লেই সূৰ্য্যৰ বিপৰীত দিশত ৰামধেনুৰ সন্ধান কৰে। যিদিনা ৰামধেনু গঠনৰ সকলোবোৰ চৰ্ত সঠিকভাৱে পূৰণ হ’ব, সিদিনা আকাশত খুব স্পষ্টভাৱে ৰামধেনু দৃশ্যমান হয় আৰু আমি আকাশত ৰামধেনুখন বিচৰাৰ কোনো প্ৰয়োজনেই নহয়। কিন্তু যিদিনা ৰামধেনু ওলোৱাৰ আমি সম্ভাৱ্য পৰিৱেশ এটা পাইছোঁ, অথচ স্পষ্টকৈ ৰামধেনুখন দেখাও নাই; তেনেক্ষেত্ৰত কিদৰে আকাশত ৰামধেনুখনৰ সন্ধান চলাম? বা কেনেকৈ আমি নিশ্চিত হ’ব পাৰিম যে সিদিনা প্ৰকৃততে ৰামধেনু ওলোৱাই নাই? ৰামধেনু সম্পৰ্কে আমি প্ৰায় সকলোৱে জনা প্ৰাথমিক কথাখিনিৰ বাদেও দুটামান অতিৰিক্ত কথা শিকি থ’লে আমি এইকেইটা কাম কৰিব পাৰোঁ, তদুপৰি ৰামধেনু চোৱাৰ গোটেই প্ৰক্ৰিয়াটোকো অধিক উপভোগ্য কৰি তুলিব পাৰোঁ।

ৰামধেনু গঠনৰ মূলতে আছে পোহৰৰ বিচ্ছুৰণ (dispersion) নামৰ পৰিঘটনাটো। ইয়াক সহযোগিতা কৰে পোহৰৰ প্ৰতিসৰণ আৰু প্ৰতিফলন নামৰ আন দুটা পৰিচিত পৰিঘটনাই। সূৰ্য্যৰ বগা পোহৰ সাতটা ৰঙৰ সমষ্টি। বেঙুনীয়া, ঘননীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা – চমুকৈ “বেঘনী সেহাসুৰ” বা ইংৰাজীত “VIBGYOR/ROYGBIV” ৰূপে মনত ৰখা এই সাতটা ৰং সূৰ্য্যৰ পোহৰত লগ হৈ থাকে। দৰাচলতে বগা পোহৰ এই সাতটা নিৰ্দিষ্ট ৰঙেৰে গঠিত বুলি কোৱাটো সম্পূৰ্ণ সঠিক নহয়। বগা পোহৰ প্ৰায় ৩৮০ নেন’মিটাৰৰ পৰা অবিচ্ছিন্নভাৱে ৭৫০ নেন’মিটাৰ পৰ্য্যন্ত তৰংগদৈৰ্ঘ্যৰ আটাইবোৰ বিদ্যুৎচুম্বকীয় তৰংগৰ সমষ্টি। অৰ্থাৎ ৰামধেনুৰ পটিটোৰ তলৰ পৰা ওপৰলৈ প্ৰতিটো অংশৰে ৰঙৰ কিছু হ’লেও পাৰ্থক্য আছে। কিন্তু আমি খালী চকুৰে এই আটাইখিনি তৰংগদৈৰ্ঘ্যক প্ৰায় সাতটা ৰঙৰ সমষ্টিৰূপে দেখোঁ।

কিছুমান মাধ্যমৰ মাজেৰে গ’লে সূৰ্য্যৰ এই ৰংকেইটা পৃথক পৃথক হৈ পৰে। যেনে প্ৰিজম এনে এটা উদাহৰণ। প্ৰিজমৰ আয়তাকাৰ পৃষ্ঠ এখনৰ মাজেৰে সূৰ্য্যৰ পোহৰ পাৰ হ’ব দিলে বগা পোহৰত থকা সাতোটা ৰং ইহঁতৰ তৰংগদৈৰ্ঘ্য অনুসাৰে ভাঁজ খায়। ইয়াৰে সবাতোকৈ দীঘল তৰংগদৈৰ্ঘ্যৰ ৰঙা ৰং কমকৈ বেঁকা হয় আৰু চুটি তৰংগদৈৰ্ঘ্যৰ বেঙুনীয়া ৰং সবাতোকৈ বেছি পৰিমাণে বেঁকা হয়। এই পৰিঘটনাটোৱে পোহৰৰ বিচ্ছুৰণ। নিউটনে প্ৰিজমৰ সহায় লৈয়ে পোনপ্ৰথমবাৰৰ বাবে ব্যাখ্যা কৰিছিল যে সূৰ্য্যৰ বগা পোহৰ প্ৰকৃততে সাতটা ৰঙৰ সমষ্টি।

প্ৰিজমৰ নিচিনাকৈ পানীৰ কণিকাৰ মাজেৰে সূৰ্য্যৰ ৰশ্মি পাৰ হ’লেও পোহৰৰ বিচ্ছুৰণ ঘটে। প্ৰথমে সূৰ্য্যৰ ৰশ্মি পানীৰ টোপালটোৰ সন্মুখৰ পৃষ্ঠখনৰ মাজেৰে পাৰ হৈ ভিতৰৰ পৃষ্ঠখন পায়গৈ। বায়ু মাধ্যমৰ পৰা পানী মাধ্যমত প্ৰৱেশ কৰা এই প্ৰক্ৰিয়াটো হৈছে পোহৰৰ প্ৰতিসৰণ। প্ৰতিসৰণৰ ফলত সূৰ্য্যৰ ৰশ্মিত থকা সাতটা ৰং ইহঁতৰ তৰংগদৈৰ্ঘ্য অনুসাৰে ভিন ভিন পৰিমাণে ভাঁজ খায় আৰু এটা আনটোৰ পৰা পৃথক হৈ পৰে। পৃথক হৈ পৰা এই সাতোটা ৰং এইবাৰ পানীৰ ভিতৰপৃষ্ঠত পৰে। ইয়াৰে অধিকাংশ ৰশ্মি টোপালটোৰ বাহিৰ হৈ সিটোফালে ওলাই যায় যদিও কিছু ৰশ্মিৰ প্ৰতিফলন ঘটে আৰু টোপালটোৰ প্ৰায় সন্মুখৰ দিশেৰে বাহিৰ ওলাই আহে। টোপালটোৰ ভিতৰৰ পৰা বায়ু মাধ্যমলৈ ঘূৰি অহা প্ৰক্ৰিয়াটোও পোহৰৰ প্ৰতিসৰণ। অৰ্থাৎ পানীৰ টোপালৰ মাজেৰে প্ৰথমে পোহৰৰ প্ৰতিসৰণ, তাৰ পিছত প্ৰতিফলন আৰু শেষত পুনৰবাৰ প্ৰতিসৰণ হৈ ওলাই আহে আৰু এই গোটেই প্ৰক্ৰিয়াটোত বগা পোহৰৰ বিচ্ছুৰণ ঘটে। যদি এই বিচ্ছুৰিত পোহৰ ৰশ্মিসমূহ আমাৰ চকুৰ দিশে আহে, আমি তাক ৰামধেনুৰ ৰূপত দেখিবলৈ পাওঁ।

গতিকে ৰামধেনু এখন দেখিবলৈ সূৰ্য্য, পানীৰ কণিকা আৰু আমাৰ চকুৰ এক সমন্বয়-সাধন হ’ব লাগিব। তাৰ বাবে অন্ততঃ তিনিটা চৰ্ত পালন হোৱা প্ৰয়োজন। প্ৰথমতে, যিহেতু পানীৰ টোপালত পোহৰৰ প্ৰতিফলন ঘটিহে আমাৰ চকুলৈ আহে, সেইবাবে ৰামধেনু দেখিবলৈ সূৰ্য্যটো আমাৰ পিছপিনে থকাটো বাধ্যতামূলক। দ্বিতীয়তে, সূৰ্য্যৰশ্মিৰ প্ৰতিসৰণ, বিচ্ছুৰণ তথা প্ৰতিফলন ঘটিবলৈ আমাৰ সন্মুখৰপিনে আকাশত পৰ্য্যাপ্তপৰিমাণে পানীৰ কণিকা বা জলীয় বাষ্প থাকিব লাগিব। সেইবাবে বৰষুণ দি থকা অৱস্থাত বা ডাৱৰীয়া বতৰ এটাতহে সাধাৰণতে ৰামধেনু দৃশ্যমান হয়। এই জলীয় বাষ্পসমূহ আমাৰ পৰা কেইবাকিল’মিটাৰ দূৰতো থাকিব পাৰে, অথবা কেইশমিটাৰমান আঁতৰতো থাকিব পাৰে। তৃতীয়তে, প্ৰতিফলন হোৱা ৰশ্মিসমূহ আমাৰ চকুৰ দিশে আহিব লাগিব। যদি আমি উপযুক্ত স্থান এটাত নাই বা আকাশৰ ৰামধেনু গঠন হ’ব পৰা দিশে ভালকৈ চকুই দিয়া নাই, তেনেহ’লে আমি উপযুক্ত দিন এটাতো ৰামধেনু এখন চোৱাৰ পৰা বঞ্চিত হ’ব পাৰোঁ। কথাটো এনেকৈয়ো ক’ব পাৰি — ৰামধেনুখন দূৰত থকা ওখ অট্টালিকা বা গম্বুজ এটাৰ নিচিনা বাস্তৱ বস্তু নহয় যে তাক যিকোনো দিশ বা ঠাইৰ পৰা চালেই আমি দেখা পাম। ৰামধেনু দেখাটো সম্পূৰ্ণৰূপে পৰ্য্যৱেক্ষক-নিৰ্ভৰশীল অভিজ্ঞতা। আৰু সেইবাবেই ৰামধেনু এখন চাবলৈ বা দেখাৰ সম্ভাৱিতা বঢ়াবলৈ কৌশলৰ কথাও আহি পৰে।

এই কৌশলটো বুজিবলৈ আমি পুনৰবাৰ পানীৰ টোপালৰ ভিতৰত পোহৰৰ আচৰণ মন কৰিব লাগিব। সূৰ্য্যৰ বগা পোহৰৰ অন্তৰ্গত প্ৰতিটো ৰঙৰে প্ৰতিসৰণৰ এক সৰ্বোচ্চ কোণ আছে। সাতটা ৰঙৰ সবাতোকৈ দীঘল তৰংগদৈৰ্ঘ্যৰ ৰঙা ৰঙে ইয়াৰ মূল গতিপথৰ লগত সৰ্বোচ্চ প্ৰায় ৪২° কোণ কৰি ঘূৰি আহে। সৰ্বনিম্ন তৰংগদৈৰ্ঘ্যৰ বেঙুনীয়া ৰঙে মূলপথৰ পৰা সৰ্বোচ্চ ৪০° কোণ কৰি প্ৰতিফলিত হয়। মাজৰ আনবোৰ ৰঙো এই দুই সীমাৰ মাজতে থাকে। পানীৰ টোপালত সূৰ্য্যৰ ৰশ্মি প্ৰতিফলনৰ এনে সুৰ্নিৰ্দিষ্ট মাপ থকাৰ কাৰণ এয়াই যে সূৰ্য্যটো আমাৰ পৰা যথেষ্ট দূৰত্ব থকা বাবে ইয়াৰ ৰশ্মিসমূহে সদায় সমান্তৰালভাৱে পানীৰ টোপালত পৰে।

এতিয়া ৰামধেনুখনৰ অৱস্থান উলিয়াবলৈ আমি প্ৰথমেই সূৰ্য্যৰ ৰশ্মিৰ দিশ নিৰ্ণয় কৰিব লাগিব। সেয়া কৰাৰ মূল সহায়ক আমাৰ নিজৰ ছাঁটো। যদি আমি সূৰ্য্যৰ পৰা আমাৰ চকু, আৰু মূৰৰ ছাঁটোক সংযোগ হোৱাকৈ এডাল ৰেখা কল্পনা কৰি লওঁ; সেয়াই সূৰ্য্যৰশ্মিৰ দিশ। এতিয়া সূৰ্য্যটো যিহেতু আমাৰ পৰা অত্যন্ত দূৰৈত অৱস্থিত; আমাৰ দেহত পৰা আৰু আকাশৰ জলীয় বাষ্প বা পানীৰ টোপালত পৰা সূৰ্য্যৰশ্মি সমান্তৰাল। গতিকে টোপালটোৰ পৰা ৪২° কোণ কৰি ঘূৰি অহা ৰঙা ৰশ্মিয়ে আমাৰ ছাঁ-সংযোগী এই ৰেখাডালৰ লগত ৪২° কোণ উৎপন্ন কৰিব। তলৰ ছবিখনত এয়া স্পষ্টভাৱে দেখা হৈছে। ৰঙা ৰঙৰ নিচিনাকৈ বেঙুনীয়া ৰঙে এই ৰেখাডালৰ লগত আমাৰ চকুত ৪০° কোণ উৎপন্ন কৰিব।

পৰ্য্যৱেক্ষকজনে কাল্পনিক ৰেখাডালৰ পৰা ৪২° কোণত থকা প্ৰতিটো কণিকাৰ ৰশ্মি ৰঙা ৰঙৰ দেখিবলৈ পাব। ৪০° কোণত থকা ৰশ্মিসমূহ তেওঁ বেঙুনীয়া (নীলা) বৰণৰ দেখিব। ৪০°তকৈ কম কোণত থকা প্ৰতিটো কণিকাই বগা পোহৰ নিৰ্গত কৰিব। ৪২°তকৈ বেছি কোণ সৃষ্টি কৰা কণিকাসমূহৰ পোহৰ পৰ্য্যৱেক্ষকজনৰ দৃষ্টিৰ বাহিৰত থাকিব।

গতিকে ৰামধেনু সন্ধান কৰাৰ কৌশলো প্ৰকৃততে এইটোৱেই। প্ৰথমেই আমি সূৰ্য্যৰ পৰা আমাৰ চকু আৰু মূৰৰ ছাঁটোৰ মাজেৰে যোৱা ৰেখাডাল (অৰ্থাৎ সূৰ্য্যৰশ্মিৰ দিশ) মনতে আন্দাজ কৰি ল’ব লাগিব। তাৰ পিছত এই ৰেখাডালৰ লগত ৪২° কোণ হোৱাকৈ অনুমান কৰি আকাশৰ যিকোনোফালে আমি ৰঙা ৰংটোৰ সন্ধান চলাব পাৰোঁ। যদি সিদিনা আকাশত ৰামধেনু ওলাছেই, তেন্তে ৰামধেনুখন আমাৰ দৃষ্টিয়ে ঠিক সেইটো অংশতে ধৰা পেলাব। আন ৰংকেইটাও ৰঙা ৰংটোৰ তলফালে ক্ৰমান্বয়ে থাকিব, ইয়াৰে সবাতোকৈ তলৰ বেঙুনীয়া ৰংটোৱে এই ৰেখাডালৰ লগত ৪০° কোণত থাকিব।

এই পদ্ধতিটোৰে ৰামধেনুৰ এক বিজ্ঞানসন্মত সন্ধান চলোৱাই নহয়, যিদিনা আমি স্বাভাৱিকভাৱে ৰামধেনু দেখা পাইছোঁ, উপৰোক্ত কথাখিনিৰ সত্যতাও প্ৰমাণ কৰি চাব পাৰোঁ। পূৰ্বৰ দৰেই সূৰ্য্যৰ পৰা আমাৰ ছাঁৰ মূৰটো সংযোগী ৰেখাডাল অনুমান কৰি লৈ ৰেখাডালৰ লগত ৰামধেনুখনৰ ৰঙা ৰঙৰ কোণটো কিমান হৈছে, গমি চালেই হ’ল। দেখা যাব যে এই মানটো সঁচাকৈয়ে ৪২°ৰ ওচৰা-ওচৰি।

আমাৰ দেহৰ মাজেৰে যোৱা সূৰ্য্যৰশ্মিৰ দিশসূচক এই ৰেখাডাল যদি আমি ছাঁটোৰ পৰাও মাটিৰ তলফালে বঢ়াই যোৱাটো কল্পনা কৰোঁ, তেন্তে এসময়ত ই ৰামধেনুখন গঠন হোৱা চাপটোৰ কেন্দ্ৰবিন্দুৰে পাৰ হৈ যাব। সূৰ্য্যৰ বিপৰীতদিশে থকা ৰেখাডালৰ এই আনটো কাল্পনিক মূৰক ‘প্ৰতিসৌৰ বিন্দু’ (antisolar point) বুলি কোৱা হয়। দৰাচলতে ৰামধেনু সদায় এই প্ৰতিসৌৰ বিন্দুক কেন্দ্ৰ কৰি গঠন হয়। ইয়াৰ সংজ্ঞাৰ পৰাই এয়াও স্পষ্ট যে ই এক নিৰ্দিষ্ট সুস্থিৰ বিন্দু নহয়। দিনটোৰ ভিতৰতে সূৰ্য্যৰ অৱস্থান সলনিৰ লগে লগে প্ৰতিসৌৰ বিন্দুৰ অৱস্থানো সলনি হ’ব। তদুপৰি একেটা সময়তে দুটা ভিন্ন স্থানত থকা মানুহৰ বাবেও প্ৰতিসৌৰ বিন্দু বেলেগ বেলেগ হ’ব।

প্ৰতিসৌৰ বিন্দু আমাৰ ছাঁৰ পৰা সূৰ্য্যৰ ঠিক বিপৰীত দিশে থকা আকাশৰ কাল্পনিক বিন্দু

প্ৰাকৃতিক ৰামধেনুখনৰ বাদেও পানীৰ পাইপ বা মুখেৰে নিজৰ চাৰিওফালে সঠিক কোণত পানী ছটিয়াই কৃত্ৰিম ৰামধেনু সাজি ল’ব পাৰি। কৃত্ৰিম ৰামধেনুখন সাজি ল’বলৈ একেলগে ইমানবোৰ চৰ্ত পূৰণ হ’বলৈ ৰৈ থকাৰো প্ৰয়োজন নাই। কেৱল সূৰ্য্যৰশ্মিৰ উপস্থিতি থাকিলেই হ’ল, বাকী দুটা চৰ্ত নিজেই পৰিকল্পিতভাৱে পূৰাই ল’ব পাৰি। সঠিক কোণৰ বাবে প্ৰথমেই চিনাক্ত কৰিব লাগিব সেই সূৰ্য্য, নিজৰ চকু আৰু মূৰৰ ছাঁটোৰ মাজেৰে যোৱা ৰেখাডাল। যদি সূৰ্য্যটো দুপৰীয়া সময়ৰ ঠিক উলম্ব অৱস্থানত আছে, প্ৰতিসৌৰ বিন্দুটোও আমাৰ ভৰিৰ দিশত অৱস্থান  কৰিব। এতিয়া এই ৰেখা বা প্ৰতিসৌৰ বিন্দুক কেন্দ্ৰ কৰি চৌপাশে ৪০°-৪২° কোণত পানী ছটিয়ালে আমি ৰামধেনু দেখিবলৈ পাম।

ওপৰোক্ত আলোচনাখিনিৰ ভিত্তিতে ৰামধেনু সম্পৰ্কীয় আন দুটামান কৌতুহল নিবাৰণ কৰিব পাৰি। ৰামধেনুখন দেখিবলৈ কিয় ধেনু বা চাপৰ নিচিনা? এখন ৰামধেনু সম্পূৰ্ণ বৃত্তাকাৰ হ’ব পাৰেনে? ইয়াৰ উত্তৰ পাবলৈ প্ৰয়োজনীয় ধাৰণা সেই একেটাই। ৰামধেনুৰ ৰঙা ৰংটোৱে সেই ৰেখাডালৰ লগত সদায় ৪২° কোণ কৰে। গতিকে ৰেখাডালৰ চাৰিওফালে ৪২° ডিগ্ৰী কোণ কৰাকৈ বিন্দুবোৰ সংযোগ কৰিলে ই এটা বৃত্তৰ আকৃতিয়েই ল’ব। দূৰৰ গছ-গছনি, অট্টালিকা বা দিগন্তত বিলীন হোৱা বাবেহে আমি সাধাৰণতে ৰামধেনুক চাপৰ ৰূপত দেখিবলৈ পাওঁ। ৪২° কোণ কৰা অঞ্চলটোৰ সকলো অংশতে পৰ্য্যাপ্ত পৰিমাণে জলীয় বাষ্প নাথাকিলেও ৰামধেনুখন আকাশৰ এটা অংশতহে সৰু চাপৰ ৰূপত ওলাব পাৰে। অৱশ্যে উৰাজাহাজৰ পৰা কেতিয়াবা সম্পূৰ্ণ বৃত্তাকাৰ ৰূপতো ৰামধেনু দেখা যায়।

আলোচিত ৰেখাডালৰ পৰা সৰ্বাধিক ৪২° কোণ কৰা ৰঙা ৰংটোহে আমাৰ চকুৱে চিনিব পাৰে। কিন্তু পানীৰ কণিকাত ৪২°তকৈ বেছি কোণেৰে প্ৰতিফলিত সূৰ্য্যৰশ্মিসমূহ আমাৰ চকুলৈ নাহে। সেইবাবেই ৰামধেনুৰ ঠিক ওপৰৰ অংশটো আমি অন্ধকাৰ দেখিবলৈ পাওঁ। আকৌ ৪২° আৰু ৪০° ক্ৰমান্বয়ে ৰঙা আৰু বেঙুনীয়া ৰং প্ৰতিফলনৰ সৰ্বোচ্চ কোণহে, ইয়াৰ তলৰ কোণবোৰতো ইহঁতৰ উপস্থিতি থাকে। ৪০°ৰ তলত বগা পোহৰৰ সাতোটা ৰঙেই উপস্থিত থাকে বাবে ৰামধেনুৰ তলৰ অংশতো আমি বগা আৰু অধিক উজ্জ্বল দেখিবলৈ পাওঁ।

ওপৰৰ ছবি কেইখনে আন এটা কথা স্পষ্ট কৰে। নিজৰ প্ৰতিসৌৰ বিন্দুৰ চৌপাশে ৪০-৪২° কোণতহে সদায় ৰামধেনু গঠন হোৱা সম্ভৱ। গতিকে সূৰ্য্যটো যদি আকাশৰ বেছি ওপৰৰ দিশে থাকে, তেনেক্ষেত্ৰত আমাৰ প্ৰতিসৌৰ বিন্দুটো প্ৰায় ভৰিৰ দিশে থাকিব। তেতিয়া ৰামধেনু গঠন হ’ব পৰা সম্ভাৱ্য অংশটোও (অৰ্থাৎ সূৰ্য্য-ভৰি সংযোগী ৰেখাৰ চৌদিশে ৪২° কোণৰ অঞ্চল) দিগন্তৰ তলতে থাকি যাব। সেইবাবেই দুপৰীয়া সময়ত আমি কেতিয়াও ৰামধেনু দেখিবলৈ নাপাওঁ; আবেলি বা ৰাতিপুৱাৰ ভাগতহে ৰামধেনু দেখা সম্ভৱ, যিসময়ত সূৰ্য্যটোৱে দিগন্তৰ লগত ৪২°তকৈ বেছি কোণ নকৰে।

*****

মূল ৰামধেনুখনৰ (Primary rainbow) বাদেও কেতিয়াবা তাৰ কিছু ওপৰে ওপৰে এখন গৌণ ৰামধেনুও (Secondary rainbow) দেখা যায়। পানীৰ কণিকাৰ ভিতৰত সূৰ্য্যৰশ্মি দুবাৰকৈ প্ৰতিফলন হৈ আমাৰ দিশে আহিলে গৌণ ৰামধেনুৰ সৃষ্টি হয়। দুবাৰকৈ প্ৰতিফলন হোৱাৰ ফলত পোহৰৰ প্ৰাৱল্য হ্ৰাস পায় বাবে গৌণ ৰামধেনুৰ উজ্জ্বলতা মূল ৰামধেনুৰ তুলনাত যথেষ্ট কম। সেইবাবে অধিকাংশ সময়তে আমি গৌণ ৰামধেনু এখনৰ উপস্থিতিৰ কথা অনু্ভৱ নকৰোঁ। কিন্তু ভালদৰে মন কৰিলে মূল ৰামধেনুখনতকৈ প্ৰায় ১০° ওপৰে ওপৰে এই ৰামধেনুখন দৃশ্যমান হয়। দুবাৰ প্ৰতিফলনৰ ফলত গৌণ ৰামধেনুৰ ৰঙৰ ক্ৰমটোও ওলোটাকৈ থাকে, প্ৰথমে ৰঙা ৰঙৰ পৰা আৰম্ভ হৈ একেবাৰে শীৰ্ষত বেঙুণীয়া ৰংটো থাকে। এই দুইপ্ৰকাৰ ৰামধেনুৰ মাজৰ তুলনামূলকভাৱে অন্ধকাৰ অংশটোক সূচাবলৈ এটা সুকীয়া নাম আছে। ইয়াক ‘আলেকজেণ্ডাৰৰ পটি’ (Alexander’s band) নামেৰে জনা যায়।

মুখ্য আৰু গৌণ ৰামধেনুৰ সৈতে আলেকজেণ্ডাৰৰ পটি (ছবি উৎস: pexels.com)

গৌণ ৰামধেনুৰ নিচিনাকৈয়ে পানীৰ কণিকাৰ ভিতৰত সূৰ্য্যৰশ্মিৰ তিনিবাৰ প্ৰতিফলনৰ ফলত তৃতীয় শ্ৰেণীৰ ৰামধেনু (tertiary rainbow) বা ততোধিক প্ৰতিফলন ঘটি উচ্চ শ্ৰেণীৰ ৰামধেনু গঠন হোৱাটোও সম্ভৱ। অৱশ্যে এনে ৰামধেনুৰ উজ্জ্বলতা অতি কম বাবে ইয়াক দেখাৰ সম্ভাৱনা তেনেই ক্ষীণ।

লেখাটোত আলোচিত কথাখিনি সকলোৰে বাবে হয়তো অপৰিচিত নহ’বও পাৰে। কিন্তু যিসকলৰ বাবে নতুন, তেওঁলোকলৈ শেষত এটাই অনুৰোধ। ভৱিষ্যতে ৰামধেনু চাবৰ সময়ত এই ৪০-৪২°ৰ হিচাপটো পৰীক্ষা কৰি চাবলৈ যেন নাপাহৰে। লগতে ৰামধেনু ওলাবৰ দিনাখন মূল ৰামধেনুখনৰ ওপৰে ওপৰে থকা কম উজ্জ্বলতাৰ গৌণ ৰামধেনুখনৰো সন্ধান কৰক। যোৱাবছৰ মই নিজেও প্ৰথমবাৰৰ বাবেহে আকাশত মূল ৰামধেনুখনৰ লগত গৌণ ৰামধেনু এখনৰ অস্তিত্বৰ উমান পাইছিলোঁ। মোৰ বিশ্বাস, ৰামধেনুৰ এই ভিতৰুৱা কথাখিনিয়ে ফাইনমেনে কোৱাৰ নিচিনাকৈয়ে ইয়াৰ চাক্ষুষ সৌন্দৰ্য্যক মুঠেও হ্ৰাস নকৰে; বৰং ভৱিষ্যতে ৰামুধেনুখনক এক নতুন অনুসন্ধিৎসাৰে চোৱাৰ সুযোগ দি সেয়া বৃদ্ধিহে কৰিব।

তথ্যসূত্ৰঃ

১)  For the love of physics (Walter Lewin)

২) What do you care what other people think (Richard Feynman)

৩) কেইটামান ৱেবচাইট আৰু ইউটিউব ভিডিঅ’

(লেখাটিৰ আৰম্ভণিতে আৰু Featured image হিচাপে ব্যৱহৃত ছবিখনৰ কৃতিত্ব: নিহাৰ ডেকা)

(এই লেখাটো গণিতচ’ৰাতো প্ৰকাশ পাইছে)

2 thoughts on “ৰামধেনু চোৱাৰ কৌশল

মন্তব্য প্ৰদান কৰক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  সলনি কৰক )

Google photo

You are commenting using your Google account. Log Out /  সলনি কৰক )

Twitter picture

You are commenting using your Twitter account. Log Out /  সলনি কৰক )

Facebook photo

You are commenting using your Facebook account. Log Out /  সলনি কৰক )

Connecting to %s