আমাৰ পৰা কি আশা কৰা হৈছে

এয়া এক সতৰ্কবাণী। অনুগ্ৰহ কৰি মনোযোগেৰে পঢ়িব।

এই কথাখিনি পঢ়া মুহূৰ্তলৈ আপোনালোকে হয়তো দেখিছেই যে সেই প্ৰেডিক্টৰটো কিমান লাখ লাখ মানুহে কিনিছে। যিসকলে এই বস্তুটো দেখা নাই, তেওঁলোকৰ জ্ঞাতাৰ্থে জনাই থওঁ। এইটো গাড়ীৰ চাবি খোলা ৰিম’টৰ নিচিনা এবিধ সৰু আহিলা। ইয়াত কেৱল এটা চুইছ আৰু এটা ডাঙৰ সেউজীয়া এল ই ডি হে (LED) আছে। আপুনি চুইছটো টিপাৰ লগে লগে খন্তেকৰ বাবে এল ই ডি লাইটটো জ্বলি উঠে। সঠিককৈ ক’ব গ’লে, আপুনি চুইছটো টিপি দিয়াৰ ঠিক এক ছেকেণ্ড পূৰ্বে লাইটটো জ্বলি উঠে।

অধিকাংশ মানুহেই কয় যে যেতিয়া তেওঁলোকে এই বস্তুটো প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰি চায়, তেওঁলোকৰ কিবা অদ্ভুতধৰণৰ খেল এখন খেলি থকা যেন লাগে। য’ত লক্ষ্য হৈছে লাইটটো জ্বলি উঠাৰ পূৰ্বেই চুইছটো টিপাৰ চেষ্টা কৰা। গতিকে খেলখন খেলিবলৈ বৰ সহজ। কিন্তু যেতিয়া আপুনি আহিলাবিধৰ নিয়মটো ভাঙিবলৈ চেষ্টা কৰে, আপুনি দেখিব যে তেনে কৰা সম্ভৱ নহয়। যদি আপুনি এল ই ডিটো জ্বলি নুঠাৰ পূৰ্বেই চুইছটো টিপিবৰ চেষ্টা কৰে, তাৎক্ষণিকভাৱে এল ই ডিটো জ্বলি উঠে; আৰু আপুনি যিমান বেগেৰেই চেষ্টা নকৰক কিয়, আপুনি দেখিব যে লাইটটো জ্বলি উঠাৰ এক ছেকেণ্ড পাছতহে আপুনি চুইছটো টিপিব পাৰিছে। যদি আপুনি চুইছটো নিটিপো বুলি মনতে ভাবি লৈ লাইটটো জ্বলি উঠা পৰলৈ বাট চাই আছে, তেতিয়া লাইটটো মুঠেও নজ্বলে। মুঠতে আপুনি যিয়েই নকৰক কিয়, লাইটটো সদায় চুইছ টিপাৰ পূৰ্বেই জ্বলি উঠে। সেই প্ৰেডিক্টৰটোক মূৰ্খ সজোৱাৰ কোনো উপায় নাই।

প্ৰতিটো প্ৰেডিক্টৰৰ এনে কাৰ্য্যপ্ৰণালীৰ মূলতে আছে তাৰ ভিতৰত থকা ঋণাত্মক সময় বিৰতিৰ একোটা বৰ্তনী, ই সদায় ঋণাত্মক সময়ৰ বিৰতি এটাৰ পাছতহে সংকেত পঠায়। এইধৰণৰ প্ৰযুক্তিৰ সম্পূৰ্ণ পৰিণতি পিছলৈ স্পষ্ট হৈ পৰিব, যেতিয়া নেকি এক ছেকেণ্ডতকৈও বেছি ঋণাত্মক সময়ৰ বিলম্ব আহৰণ কৰিব পৰা যাব। কিন্তু তাৎক্ষণিকভাৱে সৃষ্টি হোৱা সমস্যাটো হ’ল- প্ৰেডিক্টৰটোৱে প্ৰমাণ কৰে যে মুক্ত বা স্বাধীন ইচ্ছা বুলি একো বস্তু নাই।

মুক্ত ইচ্ছা যে দৰাচলতে কেৱল ভ্ৰমহে মাত্ৰ, সেয়া ব্যাখ্যা কৰা ভালেমান যুক্তি বহু আগৰে পৰা প্ৰচলন হৈ আহিছে। ইয়াৰে কিছুমান যুক্তি কঠোৰ পদাৰ্থবিজ্ঞানৰ ভিত্তিত, আন কিছুমান যুক্তি বিশুদ্ধ তৰ্কশাস্ত্ৰৰ পৰা আহিছে। অধিকাংশ মানুহে স্বীকাৰ কৰে যে এই যুক্তিসমূহ খণ্ডন কৰিব নোৱাৰি। কিন্তু কোনেও আচলতে ইয়াৰ শেষ সিদ্ধান্তটো মানি নলয়। মানুহে স্বাধীনভাৱে চিন্তা কৰিব পাৰে – এই বিশ্বাসটো সকলোৰে মনত ইমান সবলভাৱে প্ৰতিষ্ঠিত যে তাক কেৱল যুক্তিৰে মিছা বুলি উফৰাই পেলোৱা টান। তাৰ বাবে প্ৰয়োজন এক উপযুক্ত ব্যাখ্যাৰ, যিটো কৰি দেখাইছে এই প্ৰেডিক্টৰটোৱে।

সাধাৰণতে প্ৰতিজন লোকেই এৰিব নোৱাৰা হৈ কেইবাদিন ধৰি এই প্ৰেডিক্টৰটোৰ সৈতে খেলি থাকে, লগৰবোৰকো সেইটো দেখুৱায় আৰু ভিন্ন উপায়েৰে প্ৰেডিক্টৰটোক মূৰ্খ সজোৱাৰ আপ্ৰাণ চেষ্টা কৰে। পিছলৈ সেই ব্যক্তিজনে আগ্ৰহ হেৰুৱাই তাৰ লগত খেলা বাদ দি দিব পাৰে, কিন্তু কোনেও তাৰ প্ৰকৃত অৰ্থ পাহৰিব নোৱাৰে – পৰৱৰ্তী কেইটামান সপ্তাহ যোৱাৰ পিছত এক অপৰিৱৰ্তনীয় ভৱিষ্যতৰ ছবি স্পষ্ট হৈ পৰে। মুক্ত ইচ্ছা বুলি কোনো বস্তুৱেই নাই, কথাটো উপলব্ধি কৰাৰ পিছত কিছুসংখ্যক মানুহে কোনোধৰণৰ সিদ্ধান্ত লোৱা কামটোকে সম্পূৰ্ণৰূপে বাদ দিয়ে। “বাৰ্টলবি, দ্য স্ক্ৰিভনাৰ”ৰ* দল এটাৰ দৰেই তেওঁলোকে আৰু কোনোধৰণৰ স্বতঃস্ফূৰ্ত কাম নকৰা হয়। পিছলৈ, প্ৰেডিক্টৰটোৰ সৈতে খেলা লোকসকলৰ এক তৃতীয়াংশক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হ’ব, কাৰণ তেওঁলোকে নিজে খোৱা-লোৱাও বাদ দিব। ইয়াৰে অন্তিম পৰ্য্যায় হৈছে ‘একিনেটিক মিউটিজম’ (akinetic mutism), যিটো একধৰণৰ জাগ্ৰত ক’মা অৱস্থা। এই অৱস্থাত মানুহজনে চকুৰ সন্মুখত ঘটি থকা সকলোবোৰ পৰিৱৰ্তন দেখা পাব, মাজে-সময়ে চকুকেইটা অলপ লৰ-চৰো কৰিব। কিন্তু তাতকৈ বেছি একো নকৰে। চলা-ফিৰা কৰাৰ সামৰ্থ অক্ষত থাকে যদিও তাৰ বাবে অকণো উৎসাহ নাথাকে।

মানুহে প্ৰেডিক্টৰটোৰ সৈতে খেলিবলৈ লোৱাৰ পূৰ্বে একিনেটিক মিউটিজম ৰোগটো অতি বিৰল আছিল। মগজুৰ অগ্ৰৱৰ্তী চিনগুলেট অংশ নষ্ট হোৱাসকলৰ ক্ষেত্ৰতহে ইয়াৰ লক্ষণ দেখা গৈছিল। এতিয়া ই এক মানসিক মহামাৰী ৰোগৰ নিচিনাকৈ চৌদিশে বিয়পি পৰিছে। মানুহে পূৰ্বৰেপৰাই এনে কোনো চিন্তাৰ অস্তিত্ব সম্পৰ্কে গুণা-গথা কৰিছিল, যিটোৱে চিন্তা কৰোতাজনকেই নিঃশেষ কৰি দিব পাৰে। যেনে কোনো অব্যক্ত, দুৰ্বোধ্য উৎসকেন্দ্ৰিক শিহৰণকাৰী কাহিনী (lovecraftian horror) অথবা মানুহৰ সম্পূৰ্ণ যৌক্তিক প্ৰক্ৰিয়াটোকেই ধ্বংস কৰি দিব পৰা কোনো গডেল বাক্য। দেখা গ’ল যে ধ্বংসমুখী চিন্তাৰ সৈতে আমি পূৰ্বৰেপৰাই পৰিচিত আছিলোঁ : সেইটো হৈছে এই ধাৰণাটো যে মুক্ত ইচ্ছাৰ কোনো অস্তিত্ব নাই। কেৱল আপুনি সঁচা অৰ্থত ইয়াক বিশ্বাস নকৰালৈকে ই আপোনাৰ একো অনিষ্ট কৰিব পৰা নাছিল।

যিসকল ৰোগীয়ে এতিয়াও কথা ক’ব পৰা হৈ আছে, তেওঁলোকক চিকিৎসকসকলে বুজাবৰ চেষ্টা কৰিছে। আমি সকলোৱে আজিলৈকে সুখী, সক্ৰিয় জীৱন এটাকে কটাই আহিছিলোঁ। তেতিয়াওতো আমাৰ কোনো মুক্ত ইচ্ছা নাছিল। তেন্তে এতিয়া আমি সলনি হোৱাৰ কি কাৰণ থাকিব পাৰে? “আপুনি যোৱা মাহত কৰা কাম এটা আপুনি আজি কৰা কাম এটাতকৈ অকণো বেছি স্বাধীনভাৱে বাছি ল’ব পৰা নাছিল। আপুনি এতিয়াও একেধৰণৰ আচৰণেই কৰি যাব পাৰে।” –  হয়তো এগৰাকী চিকিৎসকে এনেদৰে পৰামৰ্শ দিব। ৰোগীসকলে কেৱল একেটা উত্তৰেই দিয়ে, “কিন্তু এতিয়া মই আচল সত্য জানোঁ।” তাৰপিছত আৰু কিছুসংখ্যক ৰোগীয়ে কাহানিও মাতবোল নকৰিলে।

কিছুমানে যুক্তি দিব পাৰে যে প্ৰেডিক্টৰটোৱে মানুহভেদে ভিন্নপ্ৰকাৰৰ আচৰণ সৃষ্টি কৰাৰ অৰ্থই হৈছে যে মুক্ত চিন্তাৰ অস্তিত্ব আছে। এটা স্বয়ংচালিত যন্ত্ৰ কেতিয়াও নিৰুৎসাহিত হ’ব নোৱাৰে, কেৱল মুক্তভাৱে চিন্তা কৰিব পৰাজনৰহে এই অৱস্থা হ’ব পাৰে। কিছুসংখ্যক লোক একিনেটিক মিউটিজমৰ বলি হৈছে, অথচ আন কিছুসংখ্যক ইয়াৰ দ্বাৰা আক্ৰান্ত হোৱা নাই। এইটোৱে নিজাববীয়াকৈ সিদ্ধান্ত এটা ল’ব পৰাৰ প্ৰভাৱকে সূচায়।

দুৰ্ভাগ্যবশতঃ, এনেধৰণৰ যুক্তি আঁসোৱাহপূৰ্ণ : যিকোনোধৰণৰ আচৰণেই নিশ্চয়তাবাদৰ (determinism) সৈতে সম্পূৰ্ণৰূপে খাপ খায়। এটা গতিশীল প্ৰক্ৰিয়া এফালে ধাল খাই এক নিৰ্দিষ্ট বিন্দুত একগোট হ’ব পাৰে, আনহাতে আন এটা প্ৰক্ৰিয়াই অনিৰ্দিষ্টকালৰ বাবে সম্পূৰ্ণ বিশৃংখলাপূৰ্ণ আচৰণ দেখুৱাব পাৰে। কিন্তু এই দুয়োটা প্ৰক্ৰিয়াই সম্পূৰ্ণৰূপে নিশ্চয়তাবাদৰ অধীন।

মই এই সতৰ্কবাণীটো আপোনাৰ ভৱিষ্যতৰ মাত্ৰ এবছৰ আগৰ পৰাহে পঠিয়াই আছোঁ। দৰাচলতে বহুছেকেণ্ডৰ ঋণাত্মক বিৰতি থকা বৰ্তনী যেতিয়া যোগাযোগৰ আহিলা নিৰ্মাণত ব্যৱহাৰ কৰা হ’ল, তাৰ পিছত পঠিওৱা এইটোৱে প্ৰথম দীঘলীয়া বাৰ্তা। এইটোৰ পিছত আন প্ৰসংগবোৰক লৈ আন বাৰ্তাবোৰো আহি থাকিব। এতিয়া মই আপোনালোকক জনাবলগীয়া কথাখিনি শুনক : আপোনালোকে ভাও জোৰক যে আপোনালোকে মুক্তভাৱে ইচ্ছা কৰিব পাৰে। আপোনালোকে এনেভাৱে আচৰণ কৰিব লাগিব যেন  আপোনালোকৰ সিদ্ধান্তসমূহৰ গুৰুত্ব আছে, যদিও আপোনালোকে জানে যে সেয়া প্ৰকৃততে মিছা। বাস্তৱ সত্য কি, সেইটো ডাঙৰ কথা নহয়  : গুৰুত্বপূৰ্ণ কথা হৈছে আপোনালোকে কি বিশ্বাস কৰে, আৰু সেই মিছা কথাটো বিশ্বাস কৰাটোৱে জাগ্ৰত ক’মাৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায়। আমাৰ সভ্যতা এতিয়া আত্ম-প্ৰতাৰণাৰ ওপৰতে নিৰ্ভৰ কৰিছে। হয়তো সদায় এনেকৈয়ে চলি আহিছিল।

তথাপি মই জানোঁ যে, যিহেতু মুক্ত ইচ্ছা এক ভ্ৰান্তিহে, গতিকে কোন একিনেটিক মিউটিজমৰ বলি হ’ব আৰু কোন ইয়াৰ পৰা সাৰি যাব, সেয়াও পূৰ্বেই নিৰ্ণিত হৈ আছে। ইয়াক লৈ কোনেও একো কৰিব নোৱাৰে। প্ৰেডিক্টৰটোৱে আপোনাৰ ওপৰত কি প্ৰভাৱ পেলাব, সেয়া আপুনি নিজে বাছি ল’ব নোৱাৰে। আপোনালোকৰ কিছুসংখ্যক ইয়াৰ ভুক্তভোগী হ’ব আৰু কিছুসংখ্যক ইয়াৰ প্ৰভাৱৰ পৰা সাৰি যাব। মই  পঠোৱা এই বাৰ্তাটোৱেও সেই অনুপাতত অকণো হেৰফেৰ নেপেলায়। তেন্তে মই এই বাৰ্তাটো পঠিয়াইছিলোনো কিয়?

কাৰণ মোৰ আন কোনো বিকল্প নাছিল।

*****

লেখক টেড চিয়াং (জন্ম ১৯৬৭) এগৰাকী চীনা মূলৰ আমেৰিকান কল্পবিজ্ঞান লেখক। তেওঁ লিখা কল্পবিজ্ঞান কাহিনীসমূহ সামৰি “Stories of Your Life and Others” (২০০২ চন) আৰু “Exhalation: Stories” (২০১৯ চন) নামৰ দুখন গল্প সংকলন প্ৰকাশ পাইছে। ইয়াত অনুদিত “What’s Expected of Us” গল্পটো “Exhalation: Stories”ত সন্নিৱিষ্ট হৈছে। গল্পটো প্ৰথম প্ৰকাশ পাইছিল ২০০৫ চনত ‘নেচাৰ’ত (Nature.com)।

*বাৰ্টল্বি হৈছে হাৰমান মেলভিলে লিখা “Bartleby, the Scrivener: A Story of Wall Street” নামৰ চুটি গল্পটোত থকা এটা বিখ্যাত চৰিত্ৰ। গল্পটোত বাৰ্টল্বি আছিল এগৰাকী পাণ্ডুলিপিকাৰ (Scrivener)। প্ৰথমে বাৰ্টল্বিয়ে তেওঁৰ কাৰ্য্যালয়ত অতি নিষ্ঠাৰে দায়িত্ব পালন কৰিছিল যদিও হঠাৎ এদিনাখনৰ পৰা তেওঁ নিজৰ দায়িত্বত পৰা কামবোৰ কৰিবলৈ কমাই দিয়ে। পিছলৈ এনে এটা পৰ্য্যায় আহে যে, বাৰ্টল্বিয়ে তেওঁৰ হাতত পৰা এটাও কামো নকৰা হয় আৰু উত্তৰ হিচাপে সকলোকে কেৱল কয়, “I would prefer not to.” অৰ্থাৎ “মই কামটো নকৰোঁ”।

2 thoughts on “আমাৰ পৰা কি আশা কৰা হৈছে

মন্তব্য প্ৰদান কৰক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  সলনি কৰক )

Google photo

You are commenting using your Google account. Log Out /  সলনি কৰক )

Twitter picture

You are commenting using your Twitter account. Log Out /  সলনি কৰক )

Facebook photo

You are commenting using your Facebook account. Log Out /  সলনি কৰক )

Connecting to %s