কেলাইড’স্ক’প (Kaleidoscope) এবিধ আলোকীয় সঁজুলি । ইয়াৰ সহায়ত ৰং-বিৰঙৰ বিভিন্ন মনোমোহা সজ্জা চাব পাৰি । অষ্টম শ্ৰেণীত থাকোঁতে বিজ্ঞানৰ ক্লাছত আমাৰ শ্ৰেণীৰ প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই তিনিখন কাঁচৰ সহায়ত কেলাইড’স্ক’প বনাইছিল । সেই দিনবোৰৰ কথা এতিয়াও ভালদৰে মনত পৰে । এই ব্লগটোৰ সহায়তো মই কেলাইড’স্ক’পৰ নিচিনাকৈ মোৰ মনৰ ভিন্ন অনুভূতি, চিন্তাক উপস্থাপন কৰাৰ প্ৰয়াস কৰিম । তদুপৰি মই ভালপোৱা বিষয়বস্তু বিশেষকৈ বিজ্ঞান-গণিতৰ লগতে, মনে মিলা চিন্তাধাৰাৰ ক্ষেত্ৰত অনুবাদৰো কিছু পয়োভৰ ঘটিব ।
মোৰ পৰিচয় :
পদাৰ্থবিজ্ঞান আৰু সাহিত্য অনুৰাগী এজন অসমীয়া ছাত্ৰ ।
সম্পূৰ্ণ ঠিকনা: মুক্তাপুৰ – বাইহাটা চাৰিআলি – কামৰূপ- অসম- ভাৰত – এছিয়া- পৃথিৱী – সৌৰজগত – হাতীপটি তাৰকাৰাজ্য – বিশ্বব্ৰহ্মাণ্ড
An Assamese (people from Assam, INDIA) interested in science and literature. No treasure is there in this blog, just a result of my willingness to write something and share. Specially I’d prefer writing in my mother tongue Assamese.