“মোৰো এটা সপোন আছে”…। মাত্ৰ কিছুদিন পূৰ্বে ড° ৰুবুল মাউতৰ এই আত্মজীৱনীমূলক কিতাপখন পঢ়ি সম্পূৰ্ণ কৰিলোঁ। প্ৰায় দুবছৰ পূৰ্বে প্ৰকাশ পোৱা কিতাপখন প্ৰকাশ হোৱাৰ দিনৰেপৰাই যথেষ্ট সমাদৰ লাভ কৰি অহা বিস্তাৰিত পঢ়ক

“মোৰো এটা সপোন আছে”…। মাত্ৰ কিছুদিন পূৰ্বে ড° ৰুবুল মাউতৰ এই আত্মজীৱনীমূলক কিতাপখন পঢ়ি সম্পূৰ্ণ কৰিলোঁ। প্ৰায় দুবছৰ পূৰ্বে প্ৰকাশ পোৱা কিতাপখন প্ৰকাশ হোৱাৰ দিনৰেপৰাই যথেষ্ট সমাদৰ লাভ কৰি অহা বিস্তাৰিত পঢ়ক
গণিত-বিজ্ঞানৰ ক্ষেত্ৰখনত মৌলিক অৱদান আগবঢ়োৱা বা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত খ্যাতি লাভ কৰা অসমীয়া ব্যক্তিৰ তালিকাখন তেনেই তাকৰ । সেইবাবে অসমৰ পৰা ওলাই অহা কোনো ব্যক্তিয়ে বিজ্ঞান ক্ষেত্ৰত নিজৰ প্ৰতিভা আৰু মেধাৰ বলত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত খ্যাতি লাভ কৰাৰ সংবাদ ওলালে সদায়েই দৃষ্টি আকৰ্ষণ কৰে । তেওঁলোকৰ সাফল্যই অসমৰ বিস্তাৰিত পঢ়ক
কোনোকালে নোহোৱা ধৰণে এখন অসমীয়া চলচ্চিত্ৰই ব্যাপক চৰ্চা লাভ কৰিব, অসমৰ ইমূৰৰ পৰা সিমূৰৰ মানুহে হিলদল ভাঙি (দৌৰি দৌৰি) অসমীয়া চিনেমা চাম বুলি হললৈ ওলাই আহিব, অসমীয়া চিনেমাৰ বিধ্বংসী তাণ্ডৱত হিন্দী চিনেমাও হলৰ পৰা আঁতৰাব লগা হ’ব… বিস্তাৰিত পঢ়ক
(১)
দুহাজাৰ বছৰৰো বেছি আগৰপৰাই কিছুসংখ্যক গ্ৰীক পণ্ডিতে বিশ্বাস কৰিছিল যে আমি শূন্য বুলি কোৱা বা ভবা মহাকাশৰ গোটেই অঞ্চল আচলতে এক অদৃশ্য মাধ্যমে আগুৰি আছে । এই কাল্পনিক মাধ্যমটোক তেওঁলোকে ‘ইথাৰ’ নাম দিছিল । কেইবাশতিকাও বাগৰিল, কিন্তু কোনোৱে ইথাৰৰ অস্তিত্বক যুক্তিসহকাৰে প্ৰমাণ কৰিব নোৱাৰিলে অথবা মহাকাশ সম্পূৰ্ণ শূন্য বুলিও দেখুৱাব নোৱাৰিলে । পিছলৈ বিস্তাৰিত পঢ়ক
“An ant can’t define shape of an elephant solely from its’ point of view. They have to unify all views. ” – Toba Beta
অসমত থাকি আমি অসমীয়াসকলে সাধাৰণতে আমাৰ জাতিটোৰ বিভিন্ন সমস্যা, বিভিন্ন নেতিবাচক দিশ সম্পৰ্কেহে বেছি চিন্তা-চৰ্চা কৰোঁ । তাতে এতিয়া বিশ্বায়নৰ যুগত নিজৰটোক অৱজ্ঞা কৰি আনৰ সংস্কৃতি, ৰীতি-নীতিবোৰ হকে-বিহকে অনুকৰণ কৰা মানুহো যথেষ্ট ওলাইছে । আনৰ পৰা ভালখিনি আমি শিকিব বিস্তাৰিত পঢ়ক
কিছুদিন আগতে ষ্টিভ জবছৰ “How to live, before you die” শীৰ্ষক বক্তৃতাটো চোৱাৰ সৌভাগ্য হ’ল । ‘টেড’ৰ (TED) ৱেবচাইটত বক্তৃতাটো এই শিৰোনামাৰে অন্তৰ্ভুক্ত আছে যদিও ই প্ৰধানকৈ বক্তৃতাটোৰ শেষৰফালে ষ্টিভে কোৱা “Stay hungry, stay foolish” কথাষাৰেৰেহে অধিক প্ৰখ্যাত ।
কিছুদিন আগতে এটা ব্যক্তিগত টেলিভিছন চেনেলত ভাল অনুষ্ঠান এটা চালোঁ । সাধাৰণতে এনে অধিকাংশ অনুষ্ঠানত সমসাময়িক ৰাজনৈতিক ঘটনা আৰু এই লৈ তীব্ৰ বাক-বিতণ্ডাই ঠাই পায় যদিও কম পৰিমাণে দুই এটা ভাল, ব্যতিক্ৰমধৰ্মী অনুষ্ঠানো মাজে-সময়ে সম্প্ৰচাৰ হয় ।
সম্প্ৰতি ডিচেম্বৰ মাহৰ আদিভাগ । পলমকৈ হ’লেও এতিয়া লাহে লাহে শীতৰ প্ৰকোপ বাঢ়িব ধৰিছে । আনফালে, সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱত্তীৰ্ণ হ’ব লগা ছাত্ৰ-ছাত্ৰীসকলৰো প্ৰস্তুতি তুংগত উঠিছে । এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে নিজস্ব মানসিক তাড়ণাত যিমানেই গভীৰ বা তৰাংকৈ প্ৰস্তুতি নচলাওক কিয়, অন্ততঃ অভিভাৱক-অভিভাৱিকা বা শিক্ষক-শিক্ষয়িত্ৰীৰ অযুত আশা-আকাংক্ষা, ব্যক্তিগত স্বপ্নই এই প্ৰস্তুতিৰ পৰিৱেশত মছলা সানিছে । বিস্তাৰিত পঢ়ক
দ্বাদশ শ্ৰেণীৰ ইংৰাজীৰ পাঠ্যপুথিখনত “Lost Spring” নামৰ এটা প্ৰৱন্ধ পঢ়িবলৈ পাইছোঁ । তাত লেখিকা আনিছ জাঙে ভয়াৱহ দাৰিদ্ৰিক অৱস্থাৰ মাজেৰে জীৱন অতিবাহিত কৰা দুজনমান কিশোৰৰ কথা বৰ্ণনা কৰিছে । তাত উল্লেখ থকাৰ দৰেই বহুতো দৰিদ্ৰ পৰিয়ালৰ শিশুৱে প্ৰতিদিনে ৰাতিপুৱা পেলনীয়া জাবৰৰ দম বা ডাষ্টবিনত খাদ্যবস্তু অথবা অইন মূল্যবান বস্তু সন্ধান কৰে । এনেকুৱা সন্ধানত মাজে-সময়ে বিস্তাৰিত পঢ়ক