গণিত-বিজ্ঞানৰ পাঠ্যক্ৰমত ইতিহাস শিক্ষাৰ প্ৰয়োজনীয়তা

২০১৩ চনৰ প্ৰথমভাগৰ কথা। গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজিত ৰাজ্যিক পৰ্য্যায়ৰ কেমিষ্ট্ৰি অলিম্পিয়াডৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত আছিলোঁ। মুখ্য বক্তাজন আছিল কলকাতাস্থিত “ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান” চমুকৈ আইজাৰৰ অধ্যাপক। বিস্তাৰিত পঢ়ক

Advertisements

ড° জ্যোতি প্ৰসাদ মেধি : এগৰাকী মহান অসমীয়া গণিতজ্ঞ আৰু মোৰ অনুভৱ

গণিত-বিজ্ঞানৰ ক্ষেত্ৰখনত মৌলিক অৱদান আগবঢ়োৱা বা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত খ্যাতি লাভ কৰা অসমীয়া ব্যক্তিৰ তালিকাখন তেনেই তাকৰ । সেইবাবে অসমৰ পৰা ওলাই অহা কোনো ব্যক্তিয়ে বিজ্ঞান ক্ষেত্ৰত নিজৰ প্ৰতিভা আৰু মেধাৰ বলত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত খ্যাতি লাভ কৰাৰ সংবাদ ওলালে সদায়েই দৃষ্টি আকৰ্ষণ কৰে । তেওঁলোকৰ সাফল্যই অসমৰ বিস্তাৰিত পঢ়ক

ইথাৰ আৰু সৃজনীশীলতা

(১)

দুহাজাৰ বছৰৰো বেছি আগৰপৰাই কিছুসংখ্যক গ্ৰীক পণ্ডিতে বিশ্বাস কৰিছিল যে আমি শূন্য বুলি কোৱা বা ভবা মহাকাশৰ গোটেই অঞ্চল আচলতে এক অদৃশ্য মাধ্যমে আগুৰি আছে । এই কাল্পনিক মাধ্যমটোক তেওঁলোকে ‘ইথাৰ’ নাম দিছিল । কেইবাশতিকাও বাগৰিল, কিন্তু কোনোৱে ইথাৰৰ অস্তিত্বক যুক্তিসহকাৰে প্ৰমাণ কৰিব নোৱাৰিলে অথবা মহাকাশ সম্পূৰ্ণ শূন্য বুলিও দেখুৱাব নোৱাৰিলে । পিছলৈ বিস্তাৰিত পঢ়ক

হৃদয়ৰ আহ্বান

কিছুদিন আগতে ষ্টিভ জবছৰ “How to live, before you die” শীৰ্ষক বক্তৃতাটো চোৱাৰ সৌভাগ্য হ’ল । ‘টেড’ৰ (TED) ৱেবচাইটত বক্তৃতাটো এই শিৰোনামাৰে অন্তৰ্ভুক্ত আছে যদিও ই প্ৰধানকৈ বক্তৃতাটোৰ শেষৰফালে ষ্টিভে কোৱা “Stay hungry, stay foolish” কথাষাৰেৰেহে অধিক প্ৰখ্যাত ।

বিস্তাৰিত পঢ়ক

সাম্প্ৰতিক সময়ৰ শিক্ষাব্যৱস্থা

সম্প্ৰতি ডিচেম্বৰ মাহৰ আদিভাগ । পলমকৈ হ’লেও এতিয়া লাহে লাহে শীতৰ প্ৰকোপ বাঢ়িব ধৰিছে । আনফালে, সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱত্তীৰ্ণ হ’ব লগা ছাত্ৰ-ছাত্ৰীসকলৰো প্ৰস্তুতি তুংগত উঠিছে । এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে নিজস্ব মানসিক তাড়ণাত যিমানেই গভীৰ বা তৰাংকৈ প্ৰস্তুতি নচলাওক কিয়, অন্ততঃ অভিভাৱক-অভিভাৱিকা বা শিক্ষক-শিক্ষয়িত্ৰীৰ অযুত আশা-আকাংক্ষা, ব্যক্তিগত স্বপ্নই এই প্ৰস্তুতিৰ পৰিৱেশত মছলা সানিছে । বিস্তাৰিত পঢ়ক