গছ ৰোৱক, উৎপাদনশীলতা বঢ়াওক

দিনটোৰ অধিকাংশ সময় আপুনি স্মাৰ্টফোনটো খুছৰি থাকিয়েই পাৰ কৰে নেকি? ছ’চিয়েল মিডিয়াত চিনা-নিচিনা মানুহৰ কাণ্ড-কাৰখানা চাই থাকিয়েই অযথা সময়বোৰ নষ্ট হয় নেকি? পঢ়া-শুনা কৰিবৰ সময়তো পাঁচ-দহ মিনিটৰ মূৰে মূৰে স্মাৰ্টফোনটো খুলি নাচালে আপুনি শান্তিত থাকিব নোৱাৰে নেকি? বিস্তাৰিত পঢ়ক

Advertisements

ড° জ্যোতি প্ৰসাদ মেধি : এগৰাকী মহান অসমীয়া গণিতজ্ঞ আৰু মোৰ অনুভৱ

গণিত-বিজ্ঞানৰ ক্ষেত্ৰখনত মৌলিক অৱদান আগবঢ়োৱা বা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত খ্যাতি লাভ কৰা অসমীয়া ব্যক্তিৰ তালিকাখন তেনেই তাকৰ । সেইবাবে অসমৰ পৰা ওলাই অহা কোনো ব্যক্তিয়ে বিজ্ঞান ক্ষেত্ৰত নিজৰ প্ৰতিভা আৰু মেধাৰ বলত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত খ্যাতি লাভ কৰাৰ সংবাদ ওলালে সদায়েই দৃষ্টি আকৰ্ষণ কৰে । তেওঁলোকৰ সাফল্যই অসমৰ বিস্তাৰিত পঢ়ক

জুবিনদাৰ মিছন চাইনা : উৎকন্ঠা আৰু অনুভৱৰ খতিয়ান

কোনোকালে নোহোৱা ধৰণে এখন অসমীয়া চলচ্চিত্ৰই ব্যাপক চৰ্চা লাভ কৰিব, অসমৰ ইমূৰৰ পৰা সিমূৰৰ মানুহে হিলদল ভাঙি (দৌৰি দৌৰি) অসমীয়া চিনেমা চাম বুলি হললৈ ওলাই আহিব, অসমীয়া চিনেমাৰ বিধ্বংসী তাণ্ডৱত হিন্দী চিনেমাও হলৰ পৰা আঁতৰাব লগা হ’ব… বিস্তাৰিত পঢ়ক

অনা-অসমীয়াৰ দৃষ্টিত অসমীয়াৰ ভাল দিশ

“An ant can’t define shape of an elephant solely from its’ point of view. They have to unify all views. ” – Toba Beta

 

অসমত থাকি আমি অসমীয়াসকলে সাধাৰণতে আমাৰ জাতিটোৰ বিভিন্ন সমস্যা, বিভিন্ন নেতিবাচক দিশ সম্পৰ্কেহে বেছি চিন্তা-চৰ্চা কৰোঁ । তাতে এতিয়া বিশ্বায়নৰ যুগত নিজৰটোক অৱজ্ঞা কৰি আনৰ সংস্কৃতি, ৰীতি-নীতিবোৰ হকে-বিহকে অনুকৰণ কৰা মানুহো যথেষ্ট ওলাইছে । আনৰ পৰা ভালখিনি আমি শিকিব বিস্তাৰিত পঢ়ক

স্কট কেলিৰ বছৰজোৰা মহাকাশ ভ্ৰমণ আৰু কিছু আনুষংগিক কথা

এইচ. জি. ৱেলছে তেওঁৰ “ৱাৰ অৱ দা ৱৰ্ল্ডছ” গ্ৰন্থখনত মংগল গ্ৰহৰ পৰা অহা এক অচিন প্ৰাণীয়ে পৃথিৱীৰ বুকুত চলোৱা ধ্বংসলীলাৰ ৰোমাঞ্চকৰ বৰ্ণনা দিছিল । লেখকৰ কাল্পনিক সৃষ্টি সেই প্ৰাণীবিধে মাত্ৰ দুই-চাৰিদিনৰ ভিতৰতে লণ্ডন মহানগৰী আৰু কাষৰীয়া অঞ্চলবোৰ ছাৰখাৰ কৰি মৰিশালিত পৰিণত কৰিছিল । শেষত যেনিবা এবিধ অণুজীৱৰ প্ৰকোপত সেই অচিন প্ৰাণীবিধ পৃথিৱীপৃষ্ঠত বেছিদিন টিকি থাকিব নোৱাৰিলে ।

বিস্তাৰিত পঢ়ক

কাব্যনীল আৰু আশাৰ বতৰা

কিছুদিন আগতে এটা ব্যক্তিগত টেলিভিছন চেনেলত ভাল অনুষ্ঠান এটা চালোঁ । সাধাৰণতে এনে অধিকাংশ অনুষ্ঠানত সমসাময়িক ৰাজনৈতিক ঘটনা আৰু এই লৈ তীব্ৰ বাক-বিতণ্ডাই ঠাই পায় যদিও কম পৰিমাণে দুই এটা ভাল, ব্যতিক্ৰমধৰ্মী অনুষ্ঠানো মাজে-সময়ে সম্প্ৰচাৰ হয় ।

বিস্তাৰিত পঢ়ক

সাম্প্ৰতিক সময়ৰ শিক্ষাব্যৱস্থা

সম্প্ৰতি ডিচেম্বৰ মাহৰ আদিভাগ । পলমকৈ হ’লেও এতিয়া লাহে লাহে শীতৰ প্ৰকোপ বাঢ়িব ধৰিছে । আনফালে, সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱত্তীৰ্ণ হ’ব লগা ছাত্ৰ-ছাত্ৰীসকলৰো প্ৰস্তুতি তুংগত উঠিছে । এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে নিজস্ব মানসিক তাড়ণাত যিমানেই গভীৰ বা তৰাংকৈ প্ৰস্তুতি নচলাওক কিয়, অন্ততঃ অভিভাৱক-অভিভাৱিকা বা শিক্ষক-শিক্ষয়িত্ৰীৰ অযুত আশা-আকাংক্ষা, ব্যক্তিগত স্বপ্নই এই প্ৰস্তুতিৰ পৰিৱেশত মছলা সানিছে । বিস্তাৰিত পঢ়ক

জাবৰৰ দমত সোণ

দ্বাদশ শ্ৰেণীৰ ইংৰাজীৰ পাঠ্যপুথিখনত “Lost Spring” নামৰ এটা প্ৰৱন্ধ পঢ়িবলৈ পাইছোঁ । তাত লেখিকা আনিছ জাঙে ভয়াৱহ দাৰিদ্ৰিক অৱস্থাৰ মাজেৰে জীৱন অতিবাহিত কৰা দুজনমান কিশোৰৰ কথা বৰ্ণনা কৰিছে । তাত উল্লেখ থকাৰ দৰেই বহুতো দৰিদ্ৰ পৰিয়ালৰ শিশুৱে প্ৰতিদিনে ৰাতিপুৱা পেলনীয়া জাবৰৰ দম বা ডাষ্টবিনত খাদ্যবস্তু অথবা অইন মূল্যবান বস্তু সন্ধান কৰে । এনেকুৱা সন্ধানত মাজে-সময়ে বিস্তাৰিত পঢ়ক