স্কট কেলিৰ বছৰজোৰা মহাকাশ ভ্ৰমণ আৰু কিছু আনুষংগিক কথা

এইচ. জি. ৱেলছে তেওঁৰ “ৱাৰ অৱ দা ৱৰ্ল্ডছ” গ্ৰন্থখনত মংগল গ্ৰহৰ পৰা অহা এক অচিন প্ৰাণীয়ে পৃথিৱীৰ বুকুত চলোৱা ধ্বংসলীলাৰ ৰোমাঞ্চকৰ বৰ্ণনা দিছিল । লেখকৰ কাল্পনিক সৃষ্টি সেই প্ৰাণীবিধে মাত্ৰ দুই-চাৰিদিনৰ ভিতৰতে লণ্ডন মহানগৰী আৰু কাষৰীয়া অঞ্চলবোৰ ছাৰখাৰ কৰি মৰিশালিত পৰিণত কৰিছিল । শেষত যেনিবা এবিধ অণুজীৱৰ প্ৰকোপত সেই অচিন প্ৰাণীবিধ পৃথিৱীপৃষ্ঠত বেছিদিন টিকি থাকিব নোৱাৰিলে ।

বিস্তাৰিত পঢ়ক

হৃদয়ৰ আহ্বান

কিছুদিন আগতে ষ্টিভ জবছৰ “How to live, before you die” শীৰ্ষক বক্তৃতাটো চোৱাৰ সৌভাগ্য হ’ল । ‘টেড’ৰ (TED) ৱেবচাইটত বক্তৃতাটো এই শিৰোনামাৰে অন্তৰ্ভুক্ত আছে যদিও ই প্ৰধানকৈ বক্তৃতাটোৰ শেষৰফালে ষ্টিভে কোৱা “Stay hungry, stay foolish” কথাষাৰেৰেহে অধিক প্ৰখ্যাত ।

বিস্তাৰিত পঢ়ক

কাব্যনীল আৰু আশাৰ বতৰা

কিছুদিন আগতে এটা ব্যক্তিগত টেলিভিছন চেনেলত ভাল অনুষ্ঠান এটা চালোঁ । সাধাৰণতে এনে অধিকাংশ অনুষ্ঠানত সমসাময়িক ৰাজনৈতিক ঘটনা আৰু এই লৈ তীব্ৰ বাক-বিতণ্ডাই ঠাই পায় যদিও কম পৰিমাণে দুই এটা ভাল, ব্যতিক্ৰমধৰ্মী অনুষ্ঠানো মাজে-সময়ে সম্প্ৰচাৰ হয় ।

বিস্তাৰিত পঢ়ক

সাহিত্যৰথী

সংকটাপন্ন আছিল অসমীয়া জাতি
বিদেশৰ গ্ৰাসত,
নাছিল যোগ্য উত্তৰাধিকাৰী
শংকৰ-মাধৱৰ পাছত । বিস্তাৰিত পঢ়ক

এলবাৰ্ট আইনষ্টাইন

কুৰি শতিকাৰ এইজন
উজ্জ্বলতম আভা
নাম তেওঁৰ আইনষ্টাইন
সকলোৱেই চিনা । বিস্তাৰিত পঢ়ক

সাম্প্ৰতিক সময়ৰ শিক্ষাব্যৱস্থা

সম্প্ৰতি ডিচেম্বৰ মাহৰ আদিভাগ । পলমকৈ হ’লেও এতিয়া লাহে লাহে শীতৰ প্ৰকোপ বাঢ়িব ধৰিছে । আনফালে, সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱত্তীৰ্ণ হ’ব লগা ছাত্ৰ-ছাত্ৰীসকলৰো প্ৰস্তুতি তুংগত উঠিছে । এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে নিজস্ব মানসিক তাড়ণাত যিমানেই গভীৰ বা তৰাংকৈ প্ৰস্তুতি নচলাওক কিয়, অন্ততঃ অভিভাৱক-অভিভাৱিকা বা শিক্ষক-শিক্ষয়িত্ৰীৰ অযুত আশা-আকাংক্ষা, ব্যক্তিগত স্বপ্নই এই প্ৰস্তুতিৰ পৰিৱেশত মছলা সানিছে । বিস্তাৰিত পঢ়ক

জাবৰৰ দমত সোণ

দ্বাদশ শ্ৰেণীৰ ইংৰাজীৰ পাঠ্যপুথিখনত “Lost Spring” নামৰ এটা প্ৰৱন্ধ পঢ়িবলৈ পাইছোঁ । তাত লেখিকা আনিছ জাঙে ভয়াৱহ দাৰিদ্ৰিক অৱস্থাৰ মাজেৰে জীৱন অতিবাহিত কৰা দুজনমান কিশোৰৰ কথা বৰ্ণনা কৰিছে । তাত উল্লেখ থকাৰ দৰেই বহুতো দৰিদ্ৰ পৰিয়ালৰ শিশুৱে প্ৰতিদিনে ৰাতিপুৱা পেলনীয়া জাবৰৰ দম বা ডাষ্টবিনত খাদ্যবস্তু অথবা অইন মূল্যবান বস্তু সন্ধান কৰে । এনেকুৱা সন্ধানত মাজে-সময়ে বিস্তাৰিত পঢ়ক

নিজকে কেতিয়াও অখ্যাত বুলি নাভাবিবা

[“স্কেলাৰ নিউক্লিয়নৰ নিজস্ব শক্তি”- শীৰ্ষক বিষয়ত গৱেষণা কৰি পি এইচ. ডি. (Ph.D.) লাভ কৰাৰ ন বছৰ পাছত ১৯৬৬ চনত পদাৰ্থবিজ্ঞানী কইচি মান’ৱে ৰিচাৰ্ড ফাইনমেনলৈ অভিনন্দন জ্ঞাপন কৰি এখন চিঠি লিখিছিল ।

বিস্তাৰিত পঢ়ক